এমা থমাছ
ব্ৰিটিছ চলচ্চিত্ৰ প্ৰযোজক / From Wikipedia, the free encyclopedia
এমা থমাছ নোলান ( জন্ম ৯ ডিচেম্বৰ ১৯৭১ চনত)হৈছে যুক্তৰাজ্যৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক ।[1] এখেত পতি ক্ৰিষ্টোফাৰ নোলানৰ লগত অংশীদাৰ হৈ বৈশিষ্ট্যপূৰ্ণ ছবি নিৰ্মাণ কৰাৰ বাবে বিশ্বজুৰি বিখ্যাত হৈছে। এওঁ 'নোলান'ৰ সকলো বৈশিষ্ট্যপূৰ্ণ ছবি নিৰ্মাণ কৰি বিশ্বজুৰি ৬ বিলিয়ন ডলাৰতকৈ অধিক উপাৰ্জন কৰিছে।
থমাছে ইউনিভাৰ্চিটি কলেজ লণ্ডনত (ইউ চি এল) প্ৰাচীন ইতিহাস অধ্যয়ন কৰিছিল, য’ত তেওঁ নোলানক লগ পাইছিল। প্ৰথম অৱস্থাত অসামৰিক সেৱাত যোগদান কৰাৰ উদ্দেশ্য আছিল যদিও পিছলৈ তেওঁৰ পৰিচালনা চলচ্চিত্ৰ নিৰ্মাণৰ দিশলৈ মন স্থানান্তৰিত হয়। নোলানৰ প্ৰাৰম্ভিক প্ৰকল্প ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ 'চলচ্চিত্ৰ সমাজ ইউনিয়নৰ'ৰ সৈতে জড়িত হোৱাৰ ফলত তেওঁৰ পৰিচালনা চলচ্চিত্ৰ নিৰ্মাণৰ দিশলৈ মন সলনি হয়।[2]
চিত্ৰনাট্য তদাৰককাৰী হিচাপে পেচা আৰম্ভ কৰা থমাছৰ চলচ্চিত্ৰ নিৰ্মাণৰ আত্মপ্ৰকাশ হৈছিল চুটি ছবি ডুডলবাগ (১৯৯৭), তাৰ পিছত ফ'ল'ইং (১৯৯৮)। ডাৰ্ক নাইট ট্ৰাইলজী, ইনচেপচন (২০১০), ইণ্টাৰষ্টেলাৰ (২০১৪), আৰু ডানকাৰ্ক (২০১৭)কে ধৰি প্ৰযোজক কেৰিয়াৰৰ আৰম্ভণি ঘটিছিল। তেওঁৰ ছবিসমূহ ব্যৱসায়িক সফলতা আৰু সমালোচকৰ প্ৰশংসাৰ বাবে বিখ্যাত, য'ত অপেনহাইমাৰ (২০২৩) নামৰ জীৱনীমূলক থ্ৰিলাৰখনো সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী জীৱনী আৰু দ্বিতীয় বিশ্বযুদ্ধৰ ছবি হিচাপে পৰিগণিত হয়। ইয়াৰ ফলত থমাছে শ্ৰেষ্ঠ ছবিৰ একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী ব্ৰিটিছ মহিলা হিচাপে গৌৰৱ লাভ কৰে। নোলানৰ সৈতে মিলি ২০০১ চনত তেওঁ প্ৰডাকচন কোম্পানী চিনকপি ইনকৰ্পৰেশ্যন প্ৰতিষ্ঠা কৰে, যাৰ অধীনত তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহ প্ৰযোজ্য হয়।