উৰ্জিত পেটেল
ভাৰতীয় অৰ্থনীতিবিদ / From Wikipedia, the free encyclopedia
উৰ্জিত ৰবীন্দ্ৰ পেটেল এজন ভাৰতীয় অৰ্থনীতিবিদ, পৰামৰ্শদাতা আৰু বেংকাৰ। বিভিন্ন বহুজাতিক কোম্পানীৰ উচ্চ পদবীত অধিষ্ঠিত হোৱা পেটেল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪তম গভৰ্ণৰ।[1] তেওঁ ইয়াৰ আগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডিপুটি গভৰ্ণৰ আছিল। ডিপুটি গভৰ্ণৰ কালছোৱাত তেওঁ মুদ্ৰানীতি, অৰ্থনৈতিক নীতি আৰু গৱেষণা, পৰিসংখ্যা আৰু তথ্য ব্যৱস্থাপনা, জমা বীমা, গণসংযোগ আৰু তথ্য জনাৰ অধিকাৰ আদি ক্ষেত্ৰত অৱদান আগবঢ়াইছিল। ২০ আগষ্ট ২০১৬ তাৰিখে ৰঘূৰাম ৰাজনৰ কাৰ্যকাল শেষত তেওঁ ৰিজাৰ্ভ বেংকৰ পৰৱৰ্তী গভৰ্ণৰ নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয়। ৪ ছেপ্টেম্বৰ ২০১৬ চনত ৰাজনৰ কাৰ্যকাল অন্ত পৰাত তেওঁ ৬ ছেপ্টেম্বৰ ২০১৬ তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪তম গভৰ্ণৰ পদত অধিষ্ঠিত হয়।
ক্ষিপ্ৰ তথ্য উৰ্জিত পেটেল, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪তম গভৰ্ণৰ ...
উৰ্জিত পেটেল | |
---|---|
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪তম গভৰ্ণৰ | |
কাৰ্যকাল ৪ নৱেম্বৰ ২০১৬ (2016-11-04) – ১০ ডিচেম্বৰ ২০১৮ | |
পূৰ্বসূৰী | ৰঘূৰাম ৰাজন |
উত্তৰসূৰী | শক্তিকান্ত দাস |
ব্যক্তিগত তথ্য | |
জন্ম | ২৮ অক্টোবৰ, ১৯৬৩ (৬০ বছৰ) নাইৰবি, কেনিয়া |
ৰাষ্ট্ৰীয়তা | কেনিয়ান (২০১৩ লৈ), ভাৰতীয় (২০১৩ৰ পৰা) |
শিক্ষানুষ্ঠান |
|
স্বাক্ষৰ | ![]() |
বন্ধ কৰক
২০১৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে তেওঁ ব্যক্তিগত কাৰণত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ পদৰ পৰা পদত্যাগ কৰে।