উৎপল দত্ত (লেখক)
ভাৰতীয় চলচ্চিত্ৰ সমালোচক / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো অসমীয়া লেখক, চলচ্চিত্ৰ সমালোচক উৎপল দত্তৰ বিষয়ে। একে নামৰ হিন্দী আৰু বঙালী ছবিৰ অভিনেতা, নাট্যকাৰজনৰ বাবে উৎপল দত্ত (অভিনেতা) চাওক।
উৎপল দত্ত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক। তেওঁ বিনোদনধৰ্মী মাহেকীয়া আলোচনী 'বিস্ময়' আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম চলচ্চিত্ৰজগত বিষয়ক সাংস্কৃতিক আলোচনী 'ৰূপকাৰ'ৰ সৈতে চলচ্চিত্ৰ সাংবাদিক আৰু সমালোচক হিচাপে জড়িত আছিল। পিছলৈ তেওঁ আকাশবাণী গুৱাহাটীত যোগদান কৰে। তেওঁৰ এখন গ্ৰন্থ '২৪ ফ্ৰেমছ' (২০০৮) আকাশবাণী গুৱাহাটীত অনুষ্ঠান হিচাপে প্ৰচাৰিত হৈছিল।[1] তেওঁৰ কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। তেওঁ চলচ্চিত্ৰম গোষ্ঠীৰ অধ্যক্ষ আৰু চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক।
ক্ষিপ্ৰ তথ্য উৎপল দত্ত, ভাষা ...
উৎপল দত্ত | |
---|---|
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
মাতৃশিক্ষায়তন | গুৱাহাটী বিশ্ববিদ্যালয় |
উল্লেখযোগ্য বঁটা | ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০০৬ |
দাম্পত্যসংগী | নম্ৰতা দত্ত |
সন্তান | ৰাগমালা ৰাহি দত্ত |
বন্ধ কৰক