![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/58/Uma_chak.jpg/640px-Uma_chak.jpg&w=640&q=50)
উমা চক্ৰৱৰ্তী
From Wikipedia, the free encyclopedia
উমা চক্ৰৱৰ্তী(ইংৰাজী: Uma Chakravarti, (জন্ম-২০ আগষ্ট, ১৯৪১)) হৈছে এগৰাকী ভাৰতীয় ইতিহাসবিদ আৰু চলচ্চিত্ৰ-নিৰ্মাতা৷ ১৯৮০ৰ দশকৰ পৰাই উমা চক্ৰৱৰ্তীয়ে ভাৰতীয় ইতিহাস সম্বন্ধে লিখিবলৈ লয়৷ তেখেতে লিংগ, জাতি আৰু সামাজিক শ্ৰেণীক আধাৰ হিচাপে লৈ বেছিভাগ লেখা লিখিবলৈ আৰম্ভ কৰে৷ তেখেতে সাতখনকৈ গ্ৰন্থ প্ৰকাশ কৰে৷ উমা চক্ৰৱৰ্তীৰ কৰ্মৰাজিয়ে মূলতঃ বৌদ্ধধৰ্মৰ ইতিহাস, প্ৰাচীন ভাৰত আৰু ঊনবিংশ শতিকাৰ ভাৰতক সামৰি লৈছে৷
কেৰেলাৰ পালাঘাটস্থিত এটি আমোলাৰ পৰিয়ালত জন্মলাভ কৰা উমা চক্ৰৱৰ্তীয়ে দিল্লী আৰু বাংগালোৰত নিজৰ প্ৰাৰম্ভিক শিক্ষা সমাপ্ত কৰে৷ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি শিক্ষকতা আৰম্ভ কৰে৷ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ মিৰাণ্ডা হাউছত উমা চক্ৰৱৰ্তীয়ে এগৰাকী শিক্ষাবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰে৷ এইখন শিক্ষানুষ্ঠানত তেখেতে ১৯৬৬ চনৰ পৰা ১৯৯৮ চনলৈকে শিক্ষকতা কৰে৷ তেখেতৰ প্ৰথমখন গ্ৰন্থ হৈছে-Social Dimensions of Early Buddhism (বৌদ্ধধৰ্মৰ আদিছোৱাত সমাজ মাত্ৰিকতা, ১৯৮৭)৷ ডক্তৰেট ডিগ্ৰীৰ বাবে গৱেষণা-কাৰ্যত জড়িত হৈ থকাৰ পৰিণতিস্বৰূপে এই গ্ৰন্থখন প্ৰকাশিত হয়৷ তেখেতৰ আন এখন সফল গ্ৰন্থ হৈছে-Rewriting History: The Life and Times of Pandita Ramabai (ইতিহাসৰ পুনৰ্লিখন: পণ্ডিত ৰামাবাইৰ জীৱন আৰু সময়, ১৯৯৮) আৰু Gendering Caste through a Feminist Lens (২০০২)৷ আটাইকেইখন গ্ৰন্থই শিক্ষাবিদ আৰু পঢ়ুৱৈসকলে আদৰি লৈছে৷
ভাৰতীয় উপ-মহাদেশত নাৰীৰ ইতিহাস আৰু নাৰীবাদীৰ ইতিহাস সম্পৰ্কে গভীৰভাৱে চৰ্চা কৰা ইতিহাসবিদসকলৰ ভিতৰত উমা চক্ৰৱৰ্তী অন্যতম৷ তেখেতক ভাৰতৰ হোৱা নাৰীৰ আন্দোলনৰ প্ৰতিষ্ঠাপক মাতৃ হিচাপে গণ্য কৰা হয়৷ নাৰীবাদী বিষয়সমূহত জড়িত হোৱাৰ উপৰি তেখেত গণতান্ত্ৰিক অধিকাৰৰো সক্ৰিয় কৰ্মী৷ তেখেতে গুজৰাটৰ ন্যায়ৰ বাবে বহুকেইখন তথ্য-অনুসন্ধানী সমিতিত অংশগ্ৰহণ কৰিছে৷[1][2] সমসাময়িক নাৰীৰ অধিকাৰ আৰু মানৱাধিকাৰ সম্পৰ্কে তেখেতে বাতৰিকাকততো প্ৰবন্ধ লিখে৷
উমা চক্ৰৱৰ্তীয়ে এতিয়ালৈকে চাৰিখন তথ্যচিত্ৰ পৰিচালনা কৰিছে৷ সেইকেইখন হৈছে-A Quiet Little Entry, Fragments of a Past, Ek Inquilab Aur Aaya: Lucknow 1920-1949, আৰু Prison Diaries৷ অন্যান্য বিষয়ৰ লগতে তথ্যচিত্ৰকেইখনে ভাৰতত নাৰীৰ ইতিহাসকো উপস্থাপন কৰিছে৷