উভকামিতা
From Wikipedia, the free encyclopedia
উভকামিতা (ইংৰাজী: Bisexuality) মানে হল একে বা বিপৰীত দুয়ো লিংগৰ ব্যক্তিৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ। [1][2][3] উভকামিতা শব্দটো নাৰী আৰু পুৰুষ উভয়ৰ প্ৰতি যৌন বা প্ৰেম আৰু আৱেগিক অনুভূতি নিৰ্দেশক মানৱ আকৰ্ষণক বুজাবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু প্ৰায় ক্ষেত্ৰত কোনোবা এটা লিংগৰ প্ৰতি অধিক আকৰ্ষণ থাকে আৰু আনটো লিংগৰ প্ৰতি কম আকৰ্ষণ থকা দেখা যায়।[1][2][3] এই ধাৰণামতে বিপৰীতকামিতা আৰু সমকামিতাৰ লগত উভকামিতা যৌন অভিমুখিতাৰ প্ৰধান তিনিটা ভাগৰ অন্যতম। ই সমান্তৰাল যৌনপ্ৰবৃত্তিৰ অংশ। উল্লেখযোগ্য যে যিসকল ব্যক্তি নাৰী বা পুৰুষ কোনো লিংগৰ প্ৰতিয়ে যৌন আকৰ্ষণবোধ নকৰে, তেওঁলোকক নিষ্কামী বোলা হয়।[4] উভকামী যৌন পৰিচয়ত উভয় লিংগৰ প্ৰতি সমান যৌন আকৰ্ষণবোধৰ প্ৰয়োজন নপৰে। সাধাৰণভাবে যিসকলে এটা লিংগতকৈ আনটো লিংগৰ প্ৰতি অধিক যৌন পছন্দনীয়তা আছে তেওঁলোকে নিজক উভকামী হিচাপে চিহ্নিত কৰে।[5]
মানৱ সভ্যতাৰ বিভিন্ন সমাজ ব্যৱস্থায়ত[6] আৰু প্ৰাণীৰাজ্যত উভকামিতাৰ উপস্থিতি লক্ষ্য কৰিব পাৰি। কিন্তু Heterosexuality আৰু Homosexuality শব্দ দুটাৰ নিচিনা Bisexuality শব্দটো মূলত ঊনবিংশ শতিকাৰ পৰা ব্যৱহৃত হয়।[7]