উত্তৰ পূব পৰিষদ
From Wikipedia, the free encyclopedia
উত্তৰ-পূব পৰিষদ অইন, ১৯৭১ অধীনত উত্তৰ-পূব পৰিষদ (NEC)-ৰ গঠন হৈছিল আৰু ১৯৭২ চনৰ ১ আগষ্ট তাৰিখত ভাৰতৰ ৰাষ্ট্ৰপতিৰ এটি আদেশৰ বলত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ উমৈহতীয়া স্বাৰ্থ ৰক্ষণা-বেক্ষণৰ বাবে এখন আঞ্চলিক সংগঠন হিচাপে ইয়াক আনুষ্ঠানিক ভাবে স্থাপন কৰা হৈছিল[উদ্ধৃতিৰ প্ৰয়োজন]। অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম – ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এই সাতখন ৰাজ্যক সদস্য হিচাপে লৈ উত্তৰ-পূব পৰিষদ গঠিত হৈছিল। এই সাতখন ৰাজ্যই দেশৰ মুঠ ভৌগোলিক খণ্ডৰ ৭.৭% আৰু দেশৰ মুঠ জনসংখ্যাৰ ৩.৮৮% সামৰি লৈছে। ২০০২ চনত ছিক্কিম উত্তৰ-পূব পৰিষদৰ অষ্টম সদস্য হিচাপে যুক্ত হৈছিল। এই সদস্য ৰাজ্য বিলাকৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী সকলক উত্তৰ-পূব পৰিষদৰ সদস্য হিচাপে লোৱা হৈছিল। পূৰ্বে যদিও অসম আৰু নাগালেণ্ডৰ ৰাজ্যপালেই উত্তৰ-পূব পৰিষদৰ অধ্যক্ষ আছিল, বৰ্তমান অধ্যক্ষৰ পদটো উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত ক্ৰমানুসাৰে আৱৰ্তিত হয়। NEC-ৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত।
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |