ঈশ্বৰ মানৱ (ভাৰত)
From Wikipedia, the free encyclopedia
ঈশ্বৰ মানৱ(ইংৰাজী: God man) হৈছে এক প্ৰকাৰৰ চমৎকাৰী গুৰুক বুজাবলৈ ভাৰতত স্ত্ৰী-পুৰুষ নিৰ্বিশেষে ব্যৱহাৰ কৰা এটা কথিত শব্দ। এই সকলক সাধাৰণতে তেওঁলোকৰ অনুগামী সকলে অৰ্ধদেৱতাৰ দৰে ব্যক্তিত্বলৈ উন্নীত কৰে। সাধাৰণতে এই ব্যক্তিত্বৰ উপস্থিতি উচ্চ পৰ্যায়ৰ, আৰু সমাজৰ বৃহৎ অংশৰ দৃষ্টি আৰু সমৰ্থন আকৰ্ষণ কৰিবলৈ সক্ষম।[1] তেওঁলোকে কেতিয়াবা নিজকে অস্বাভাৱিক শক্তিৰ অধিকাৰী বুলি দাবী কৰে, যেনে যিকোনো ৰোগৰ পৰা সুস্থ কৰাৰ ক্ষমতা, ভৱিষ্যতৰ পৰিঘটনাসমূহ দেখাপোৱা বা প্ৰভাৱিত কৰাৰ ক্ষমতা আৰু মন পাঢ়িব পৰা ক্ষমতা।[2]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/7/71/Baba-1940%27s.jpg/150px-Baba-1940%27s.jpg)