From Wikipedia, the free encyclopedia
ঈশান (সংস্কৃত: ईशान ) শব্দই হিন্দু, বৌদ্ধ আদি ধৰ্মত ঈশ্বৰ বা কোনো দেৱতাক বুজায়। ঈশান এটা জনপ্ৰিয় নাম। এই নামৰ উল্লেখ শিৱ পুৰাণত আছে, আৰু ই বিষ্ণুৰ এটি নাম।[1]
ঈশান হিন্দু ভগৱান শিৱৰ এক নাম। শিৱ হিন্দু ত্ৰিমূৰ্তি (ব্ৰহ্মা, বিষ্ণু, শিৱ)-ৰ অন্যতম। ইয়াৰ মূল "ঈশ" যাৰ অৰ্থ জগতক শাসন কৰা অদৃশ্য শক্তি। ঈশান আৰু ঈশ্বৰ একাৰ্থক।[2]
ঈশান শব্দৰ অৰ্থ 'গৰাকী', আৰু 'উত্তৰ-পূব' দিশো হয়। বাস্তু শাস্ত্ৰৰ মতে ঈশান্য দিশৰ অৰ্থ সমৃদ্ধি, ঐশ্বৰ্য্য আৰু জ্ঞান। হিন্দু ধৰ্মত উত্তৰ দিশে সুখ আৰু পূব দিশে জ্ঞান বুজায়। ঈশান দুয়োৰে মিলন।[3]
শিৱৰ পাঁচটা মূৰ আছে। প্ৰতিটো মূৰে পঞ্চতত্ত্ব: অগ্নি, জল, বায়ু, ধৰা, আকাশ, একো একোটাক বুজায়। ঈশান: শিৱৰ পঞ্চম মূৰ, যিয়ে ওপৰলৈ চাই আৰু পঞ্চতত্ত্বৰ 'আকাশ' বুজায়।[3]
জাপানী বৌদ্ধ বিশ্বাস অনুযায়ী, ১২জন দেৱতাই ১২ দিশ বুজায়। সংস্কৃত ভাষাত 'দেৱ' শব্দৰ অৰ্থ দেৱতা বা স্বৰ্গত থকা লোক। জাপানী ভাষাত তেওঁলোকক 'টেন' (天) বোলা হয় যি 'দেৱ'ৰ সৈতে সমাৰ্থক। ১২ দিশে উত্তৰ (বিচামন্তেন/বৈশ্ৰাবন), দক্ষিণ (এন্মাতেন/যম), পূব (টিয়াচাকুটেন/ইন্দ্ৰ), পশ্চিম (চুইটেন/বৰুণ), উত্তৰ পূব (ঈচানাটেন/ঈশান), উত্তৰ-পশ্চিম (ফুটেন/বায়ু), দক্ষিণ পূব (কাটেন/অগ্নি), দক্ষিণ পশ্চিম (ৰাচাৎচুটেন/ৰাক্সচ), ওপৰ (বণ্টেন/ব্ৰহ্মা), তল (জিতেন/পৃথিৱী), চন্দ্ৰ (ঘাটেন/চন্দ্ৰ) আৰু সূৰ্য (নিটেন/আদিত্য) বুজায়। 'দেৱ'সকল হিন্দু বিশ্বাসৰ পৰা লোৱা, আৰু চীনা আৰু জাপানী ৰূপত সজাই লোৱা। ঈশান তাৰেই অন্যতম। ঈশান উত্তৰ-পূব দিশৰ ৰক্ষক।[4]
ঈশান বা ঈচান মুছলিমসকলৰ মাজতো এক জনপ্ৰিয় নাম। এই নাম ল'ৰাক দিয়া হয়। ইছলাম ধৰ্মত ঈশানৰ অৰ্থ হ'ল: "ঈশ্বৰৰ আশীৰ্বাদ" বা "যোগ্য।"[5][6]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.