ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনি
অসম চৰকাৰৰ আঁচনি / From Wikipedia, the free encyclopedia
ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি (ইংৰাজী: Indira Miri Universal Widow Pension Scheme) মহিলা সৱলীকৰণৰ বাবে অসম চৰকাৰৰ এক আঁচনি। এই আচনি অধীনত ৰাজ্যৰ ১৮ বছৰ বয়সৰ পৰা ৫৯ বছৰ বয়সৰ বিধৱা মহিলাক পেঞ্চন যোগান ধৰা হয়। এই আঁচনিৰ অধীনত শোকসন্তপ্ত পৰিয়ালবোৰৰ ৪৫ বছৰ বয়সলৈকে বিধৱা মহিলালৈ ২৫,০০০ টকাৰ একঁকালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে বিধৱা মহিলা গৰাকীৰ ৬০ বছৰ বয়সলৈকে মাহিলী ৩০০ টকাকৈ পেঞ্চন আগবঢ়োৱা হয়। ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মুখ্য বিভাগ হিচাপে ভূমিকা প্ৰদান কৰে।[1]
এই পেঞ্চন আঁচনিৰ নাম মেৰেং নামেৰে জনাজাত শিক্ষাবিদ ইন্দিৰা মিৰিৰ নামেৰে নামকৰণ কৰা হৈছে। তেওঁ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সিত শিক্ষাৰ প্ৰচাৰৰ বাবে ভাৰত চৰকাৰৰ পৰা দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল।[2]