আমিষ (চলচ্চিত্ৰ)
ভাস্কৰ হাজৰিকা পৰিচালিত অসমীয়া চলচ্চিত্ৰ / From Wikipedia, the free encyclopedia
আমিষ (ইংৰাজী: Aamis) ২০১৯ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ মনস্তাত্ত্বিক হৰৰ ছবি। চলচ্চিত্ৰখনৰ পৰিচালক আৰু লেখক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাস্কৰ হাজৰিকা। ছবিখনৰ মুখ্য চৰিত্ৰত নৱাগত লিমা দাস আৰু অৰ্ঘ্যদ্বীপ বৰুৱায়ে অভিনয় কৰিছে। ছবিখনৰ অন্যান্য সহকাৰী চৰিত্ৰসমূহ হল: নিতালি দাস, সাগৰ সৌৰভ আৰু মানস কে. দাস।[1] ২০১৯ চনৰ ২৮ এপ্ৰিলত ছবিখনে ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰিছিল। এই মহোৎসৱত ছবিখনে 'ইণ্টাৰনেচনেল নেৰেটিভ'ৰ পাঁচটা ভিন ভিন শিতানত মনোনয়ন লাভ কৰিছিল।[2] ২০১৯ চনৰ ২২ নৱেম্বৰত ছবিখনে ছবিগৃহত মুক্তি লাভ কৰে।[1] ইয়াৰ লগতে অনলাইন বিতৰণক মুভিচেইণ্টে ছবিখনৰ অনলাইন সংস্কৰণ মুক্তি দিয়ে।[3][4]
ক্ষিপ্ৰ তথ্য আমিষ, পৰিচালক ...
আমিষ | |
---|---|
পৰিচালক | ভাস্কৰ হাজৰিকা |
ৰচনা | ভাস্কৰ হাজৰিকা |
প্ৰযোজক | পুনম দেউল শ্যাম বৰা |
অভিনয়ত | লিমা দাস অৰ্ঘ্যদ্বীপ বৰুৱা |
চিত্ৰগ্ৰহণকাৰী | ৰিজু দাস |
সম্পাদনা | শ্বেতা ৰায় চামলিং |
সংগীত পৰিচালক | কুৱান বে |
প্ৰযোজনা কোম্পানীসমূহ |
চিগনাম প্ৰডাক্টচনছ, মেটানৰ্মেল, উইছবেৰী ফিল্মছ |
মুক্তি |
২৮ এপ্ৰিল ২০১৯ (2019-04-28) (ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱ ) ২২ নৱেম্বৰ ২০১৯ (2019-11-22) (ভাৰত) |
দৈৰ্ঘ্য |
১০৮ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া ভাষা |
বন্ধ কৰক