আগান
অসমীয়া বাৰ্তালোচনী (১৯৯৪) / From Wikipedia, the free encyclopedia
আগান হৈছে ১৯৯৪ চনৰ পৰা প্ৰকাশ পোৱা অসমীয়া ভাষাৰ এখন দহদিনীয়া বাৰ্তালোচনী।[1] এই আলোচনীখন সম্পাদনা তথা প্ৰকাশ কৰিছিল পৰাগ কুমাৰ দাসে।[2] এই বাৰ্তালোচনীখন গুৱাহাটীৰ পৰা প্ৰকাশ পাইছিল। প্ৰতিটো মাহৰ এক, এঘাৰ আৰু একৈশ তাৰিখে বাৰ্তালোচনীখনৰ একোটা সংখ্যা প্ৰকাশ পাইছিল। ইয়াত মূলতঃ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিশ্লেষণাত্মক প্ৰতিবেদন, অনুসন্ধানমূলক প্ৰতিবেদন, নিবন্ধ আদি প্ৰকাশ পাইছিল। ধাৰাবাহিক উপন্যাস, গল্প, কবিতা আদিও বাৰ্তালোচনীখনত প্ৰকাশ পাইছিল।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |