![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/7c/Irene_Parlby_-_%2528ca._1919_-_1935%2529_%252816661079517%2529_%2528cropped%2529.jpg/640px-Irene_Parlby_-_%2528ca._1919_-_1935%2529_%252816661079517%2529_%2528cropped%2529.jpg&w=640&q=50)
আইৰিন পাৰ্লবি
From Wikipedia, the free encyclopedia
মেৰী আইৰিন পাৰ্লবি; ১৯২১ চনৰ পৰা ১৯৩৫ চনলৈকে ইউনাইটেড ফাৰ্মাৰ্ছ অৱ আলবাৰ্টা চৰকাৰত বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, সেই সময়ছোৱাত আলবাৰ্টাৰ কেবিনেটত পৰ্টফলিঅ’ বিহীন মন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কৃষক, মহিলা আৰু শিশুসকলক সহায় কৰা সমাজ সংস্কাৰ ৰূপায়ণৰ বাবে কাম কৰিছিল আৰু জনস্বাস্থ্য কাৰ্যসূচীৰ সমৰ্থক আছিল। বিখ্যাত পাঁচজনৰ সদস্য হিচাপে তেওঁ আছিল পাঁচগৰাকী মহিলাৰ ভিতৰত এগৰাকী যিয়ে ব্যক্তিৰ গোচৰটো প্ৰথমে কানাডাৰ উচ্চতম ন্যায়ালয়লৈ লৈ গৈছিল, আৰু তাৰ পিছত মহিলাসকলৰক কানাডাৰ চেনেটত কাৰ্যনিৰ্বাহ কৰাৰ অধিকাৰৰ বাবে প্ৰিভি কাউন্সিলৰ ব্ৰিটিছ ন্যায়িক সমিতিলৈ লৈ গৈছিল । ১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈকে ছুইজাৰলেণ্ডৰ জেনেভাত থকা লীগ অৱ নেচনছত এওঁ কানাডাৰ তিনিজন প্ৰতিনিধিৰ ভিতৰত অন্যতম আছিল।[2]
আইৰিন পাৰ্লবি | |
---|---|
![]() | |
আলবাৰ্টাৰ বিধানসভাৰ সদস্য | |
কাৰ্যকাল ১৯২১ – ১৯৩৫ | |
পূৰ্বসূৰী | এণ্ড্ৰু গিলমৰ |
উত্তৰসূৰী | ডানকান মেকমিলান |
সমষ্টি | লেকমব |
ব্যক্তিগত তথ্য | |
জন্ম | মেৰী আইৰিন মেৰিয়াট ৯ জানুৱাৰী, ১৮৬৮ লণ্ডন, ইংলেণ্ড |
মৃত্যু | ১২ জুলাই, ১৯৬৫ (৯৭ বছৰ) ৰেড ডিয়াৰ, আলবাৰ্টা, কানাডা |
ৰাজনৈতিক দল | ইউনাইটেড ফাৰ্মাৰ্ছ |
দাম্পত্যসঙ্গী | ৱালটাৰ পাৰ্লবি (বি. ১৮৯৭; মৃ. ১৯৫১)[1] |
সন্তান | ১ |
পেচা |
|
পাৰ্লবিৰ এই সাফল্যই তেওঁৰ মৃত্যুৰ পূৰ্বে আৰু পিছত বহু সন্মান লাভ কৰিছে। ১৯৩৫ চনত আলবাৰ্টা বিশ্ববিদ্যালয়ে তেওঁক আইনৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে, যাৰ ফলত তেওঁ ইতিহাসৰ প্ৰথমগৰাকী মহিলা হিচাপে এনে সুখ্যাতি লাভ কৰে। মৃত্যুৰ এবছৰৰ পাছত ১৯৬৬ চনত তেওঁক ৰাষ্ট্ৰীয় ঐতিহাসিক তাৎপৰ্য্যপূৰ্ণ ব্যক্তি হিচাপে নিৰ্বাচিত কৰা হয় আৰু ২০০৯ চনত কানাডাৰ চেনেটে পাৰ্লবি আৰু বিখ্যাত পাঁচজন কানাডাৰ প্ৰথম সন্মানীয় চিনেটৰৰ নাম ঘোষণা কৰিবলৈ ভোটদান কৰে।[3]