From Wikipedia, the free encyclopedia
অৰ্শদ নাদীম (ইংৰাজী: Arshad Nadeem; জন্ম ২ জানুৱাৰী, ১৯৯৭) এজন পাকিস্তানী জেভেলিন নিক্ষেপকাৰী।[1] অলিম্পিক [3] আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ যিকোনো ট্ৰেক এণ্ড ফিল্ড ইভেণ্টৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা তেওঁ প্ৰথমজন পাকিস্তানী খেলুৱৈ।[4] ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ ৯০.১৮ মিটাৰ নিক্ষেপ কৰি এক নতুন ৰাষ্ট্ৰীয় আৰু কমনৱেলথ গেমছ অভিলেখ গঢ়ি তোলে আৰু দক্ষিণ এছিয়াৰ পৰা ৯০ মিটাৰৰ দূৰত্ব অতিক্ৰম কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।[5]
অৰ্শদ নাদীম | |||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১৬ চনৰ দক্ষিণ এছিয়ান গেমছত নাদীম | |||||||||||||||||||||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্ম | ২ জানুৱাৰী, ১৯৯৭
(২৭ বছৰ) খানেৱাল, পঞ্জাৱ পাকিস্তান[1] | ||||||||||||||||||||||||||||||||||||||||||||||||||||||
উচ্চতা | ১.৮৭ মি | ||||||||||||||||||||||||||||||||||||||||||||||||||||||
ওজন | ৯৫ কেজি | ||||||||||||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | এথলেটিকছ | ||||||||||||||||||||||||||||||||||||||||||||||||||||||
শিতান | যাঠি দলিওৱা | ||||||||||||||||||||||||||||||||||||||||||||||||||||||
প্ৰশিক্ষক | টেৰ্চিয়াছ লিবেনবাৰ্গ | ||||||||||||||||||||||||||||||||||||||||||||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||
ব্যক্তিগত শ্ৰেষ্ঠ | ৯২.৯৭ মি (২০২৪)[2] | ||||||||||||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||
১২ আগষ্ট ২০২২-ত নবীকৰণ কৰা হৈছে। |
২০১৫ চনৰ পৰা তেওঁ জেভেলিন থ্ৰ' ইভেণ্টৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ২০১৬ চনত নাদীমে ৱৰ্ল্ড এথলেটিকছৰ পৰা বৃত্তি লাভ কৰে যাৰ ফলত তেওঁ মৰিচাছৰ আইএএএফ হাই পাৰফৰমেন্স ট্ৰেইনিং চেণ্টাৰত প্ৰশিক্ষণৰ বাবে যোগ্যতা অৰ্জন কৰে।[6]
২০১৭ চনৰ মে' মাহত বাকুত অনুষ্ঠিত ইছলামিক ছলিডাৰিটি গেমছত নাদীমে ৭৬.৩৩ মিটাৰ বেষ্ট থ্ৰ'ৰে ব্ৰঞ্জৰ পদক লাভ কৰে।[7] ২০১৮ চনৰ এপ্ৰিল মাহত তেওঁ অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত জেভেলিন থ্ৰ’ ইভেণ্টৰ যোগ্যতা অৰ্জন ৰাউণ্ডত ৮০.৪৫ মিটাৰ দূৰত্বৰ নতুন ব্যক্তিগত শ্ৰেষ্ঠত্ব স্থাপন কৰে। ২০১৮ চনৰ আগষ্ট মাহত তেওঁ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰি ৮০.৭৫ মিটাৰ দূৰত্বত আন এক নতুন ব্যক্তিগত শ্ৰেষ্ঠ আৰু ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছিল।[8] ২০১৮ চনৰ কমনৱেলথ গেমছৰ অন্ত পৰাৰ পিছত তেওঁৰ পিঠিৰ আঘাতো হৈছিল।[6]
২০১৯ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত[9] কাটাৰৰ দোহাত অনুষ্ঠিত হোৱা একমাত্ৰ পাকিস্তানী খেলুৱৈ হিচাপে নাদীম ৮১.৫২ মিটাৰ দৌৰৰ নতুন ব্যক্তিগত শ্ৰেষ্ঠ আৰু ৰাষ্ট্ৰীয় অভিলেখ অৰ্জন কৰে।[10] ২০১৯ চনৰ নৱেম্বৰ মাহত পেছাৱাৰত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় গেমছত নাদীমে ৮৩.৬৫ মিটাৰ দূৰত্বলৈ যাঠি নিক্ষেপেৰে সোণৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।[11] ২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁ নেপালত অনুষ্ঠিত ১৩ সংখ্যক দক্ষিণ এছিয়ান গেমছত ৮৬.২৯ মিটাৰ খেলৰ অভিলেখ নিক্ষেপ কৰি সোণৰ পদক লাভ কৰে।[12]
২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত পাকিস্তানক প্ৰতিনিধিত্ব কৰি অলিম্পিকত তেওঁ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে আৰু অলিম্পিকৰ বাবে প্ৰত্যক্ষ অৰ্হতা লাভ কৰা প্ৰথমজন পাকিস্তানী ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়।[13][14] তেওঁৰ পিতৃৰ মত অনুসৰি অলিম্পিকত অংশগ্ৰহণ কৰাৰ আগতে অৰ্শদক আনকি এটা ভাল প্ৰশিক্ষণ ক্ষেত্ৰৰ সুবিধাও প্ৰদান কৰা হোৱা নাছিল।[15] অৰ্শদে নিজৰ ঘৰৰ চোতাল আৰু ৰাজপথত প্ৰশিক্ষণ লৈছিল আৰু টকিঅ' অলিম্পিকত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰাৰ পিছত তেওঁ পাকিস্তান চৰকাৰৰ পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য লাভ কৰা নাছিল।[16]
২০২১ চনৰ ৪ আগষ্টত তেওঁ ২০২০ চনৰ টকিঅ' অলিম্পিকৰ পুৰুষৰ জেভেলিন থ্ৰ' ইভেণ্টৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে।[17][18] অলিম্পিকৰ ইতিহাসৰ যিকোনো ট্ৰেক এণ্ড ফিল্ড ইভেণ্টৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা তেওঁ প্ৰথমজন পাকিস্তানী হিচাপে পৰিগণিত হয়। তেওঁ পুৰুষৰ জেভেলিন থ্ৰ' ইভেণ্টত ৮৪.৬২ মিটাৰ থ্ৰ'ৰে পঞ্চম স্থান দখল কৰে।[19][20]
২০২২ চনৰ জুলাই মাহৰ ভিতৰত পাকিস্তানৰ পৰা একমাত্ৰ প্ৰতিনিধি হিচাপে নাদীমে আমেৰিকাৰ অৰেগনৰ ইউজিনত অনুষ্ঠিত ২০২২ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। কঁকালত আঘাত পোৱা খেলুৱৈ জনে ৮৬.১৬ মিটাৰ নিক্ষেপ কৰি ৫ম স্থান লাভ কৰে।[21] এইটোও আছিল তেওঁৰ ছিজনৰ শ্ৰেষ্ঠ থ্ৰ'।[22][23]
২০২২ চনৰ ৭ আগষ্টত তেওঁ পাকিস্তানৰ হৈ ২০২২ চনৰ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। এই প্ৰতিযোগিতাত তেওঁ পঞ্চম প্ৰচেষ্টাত ৯০.১৮ মিটাৰ নিক্ষেপ কৰি খেলৰ অভিলেখ গঢ়িলে, প্ৰতিযোগিতাখনত বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছৰ ৮৮.৬৪ ৰ প্ৰচেষ্টাক অতিক্ৰম কৰি। ইফালে ৯০ মিটাৰ দৈৰ্ঘ্যৰ সীমা অতিক্ৰম কৰা প্ৰথমজন দক্ষিণ এছিয়ান হিচাপেও পৰিগণিত হয়।[5][24]
২০২২ চনৰ ১২ আগষ্টত ২০২১ চনৰ ইছলামিক ছলিডাৰিটি গেমছত পাকিস্তানৰ হৈ আন এক সোণৰ পদক লাভ কৰিছিল। তেওঁ ৮৮.৫৫ মিটাৰ নিক্ষেপ কৰি খেলৰ অভিলেখ গঢ়িছিল, যাৰ ফলত ৬ দিনৰ ভিতৰত এইটো তেওঁৰ ২য় সোণৰ পদক হিচাপে পৰিগণিত হৈছিল। [25]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.