From Wikipedia, the free encyclopedia
অৰ্কিডেচি বা অৰ্কিড (ইংৰাজী: Orchid) হ'ল বহুল ভাৱে বিস্তৃত সপুষ্পক উদ্ভিদৰ এটা শ্ৰেণী। যাৰ ফুল সাধাৰণতে খুব ৰঙীণ আৰু মিঠা গোন্ধযুক্ত হয়। ইয়াক সচৰাচৰ অৰ্কিড পৰিয়াল বা অৰ্কিড বুলিয়ে জনা যায়।
অৰ্কিড জীৱাশ্ম কাল: ৮০–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
Colour plate from Ernst Haeckel's Kunstformen der Natur, 1906 | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Type genus | |
Orchis Tourn. ex L. | |
Subfamilies | |
| |
Distribution range of family Orchidaceae |
অৰ্কিডেচি পৰিয়ালৰ বৰ্তমান ২৮০০০ প্ৰজাতি, ৭৬৩ গণ আছে বুলি জনা গৈছে।[1][2] বীজিয় উদ্ভিদৰ ০৬-১১% ই হ’ল এই অৰ্কিড পৰিয়ালৰ.[3] সৰ্ববৃহৎ গণটো হ’ল বাল্ব’ফাইলাম(২,০০০ প্ৰজাতি), এপিডেণ্ড্ৰাম (১৫০০ প্ৰজাতি), ডেণ্ড্ৰবিয়াম (১৪০০ প্ৰজাতি) আৰু প্লিউৰ’থেলিছ (১,০০০ প্ৰজাতি)। ভেনিলা (গণ:ভেনিলা), আৰু আন বহুতো কৃষিৰ জৰিয়তে উৎপাদিত উদ্ভিদ যেনে ফেলান’পচিছ আৰু কেটলিয়া এই পৰিয়ালৰ অন্তৰ্গত।
আন গছতকৈ অৰ্কিডক অতি সহজে পৃথককৈ চিনাক্ত কৰিব পাৰি। বিৱৰ্তনৰ কিছুমান সাক্ষীয় লক্ষণ অৰ্কিডৰ গাত বিৰাজমান। তাৰ ভিতৰত ফুলপাহৰ দ্বিপাক্ষিক সমতুলীয়তা, সন্মুখভাগ ওপৰমুৱা আৰু বক্ৰ পৃষ্ঠ, পাহিৰ ৰূপান্তৰ হৈ লিপ বা লেবেলামৰ উপস্থিতি, সংযুক্ত পুংদণ্ড আৰু গৰ্ভদণ্ড আৰু অত্যধিক সৰু বীজ ইত্যাদি।
মূলতঃ অৰ্কিডসমূহ পৰাশ্ৰয়ী হোৱা দেখা যায় যদিও স্থলজীৱি, শৈলজীৱী আৰু মৃতজীৱি অৰ্কিডো দেখা পোৱা যায়।
ভাৰতবৰ্ষত ১৮৪টা গণৰ ১৩৩১ বিধ অৰ্কিড পোৱা যায়[4]। সৰ্বাধিক বৈচিত্ৰ্যতা দেখা যায় পূৰ্বাঞ্চল হিমালয়ত। আমাৰ উত্তৰ- পূব ভাৰত এই অঞ্চলৰে অন্তৰ্গত। এই অঞ্চলৰ পাছতেই পশ্চিম ঘাট পৰ্বতমালা, পশ্চিম হিমালয়ৰ পূব অংশত (কুমাওন হিমালয়) অৰ্কিডৰ বৈচিত্ৰ্যতা দেখা পোৱা যায়।
উত্তৰ- পূব ভাৰতক অৰ্কিডৰ হ'টস্পট বুলি জনা যায়, কিয়নো ভাৰতবৰ্ষৰ ৭২ শতাংশ অৰ্থাৎ প্ৰায় ৮২৫ বিধ মান অৰ্কিড এই অঞ্চলতেই পোৱা যায়।
অৰ্কিডৰ বৈচিত্ৰ্যতাৰ ক্ষেত্ৰত উত্তৰ- পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ পাছতেই দ্বিতীয় স্থানত অসম। বৰ্তমানলৈকে অৰুণাচলত ১৪৪টা গণৰ ৫৫৮টা অৰ্কিডৰ প্ৰজাতিৰ কথা জনা গৈছে[5]। অসমত এতিয়ালৈকে পোৱা অৰ্কিডৰ প্ৰজাতিৰ সংখ্যা হৈছে ৪০১ টা[6]। এই প্ৰজাতিসমূহ ১০২টা গণৰ অন্তৰ্ভুক্ত[7]। তাৰে ১২৩টা প্ৰজাতি স্থলজীৱি বা মৃতজীৱি আৰু ২৭৮টা প্ৰজাতি পৰাশ্ৰয়ী বা শৈলজীৱি। ২০১৯ চনলৈকে অসমত ৩৯৮টা অৰ্কিডৰ উপস্থিতিৰ কথা জনা গৈছিল[7]। কিন্তু শেহতীয়াকৈ হোৱা দুই গৱেষণাত অসমৰ লক্ষ্মীমপুৰ জিলাৰ পৰা অৰ্কিডৰ দুটাকৈ নতুন প্ৰজাতি[8] আৰু বিশ্বনাথ জিলাৰ বিহালী সংৰক্ষিত বনাঞ্চলৰ পৰা এটা নতুন প্ৰজাতি[6]ৰ কথা পোহৰলৈ অহাত আজিৰ তাৰিখত অসমে ৪০১ বিধ অৰ্কিডৰ বাসভূমি বুলি চিনাকি দিব পাৰিছে।
অসমৰ অৰ্কিডসমূহৰ ভিতৰত Dendrobium গণৰ অৰ্কিডেই সিংহভাগ দেখা যায়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.