অসম প্ৰকাশন পৰিষদ
গ্ৰন্থ প্ৰকাশ কৰা অসম চৰকাৰৰ চৰকাৰী প্ৰতিষ্ঠান / From Wikipedia, the free encyclopedia
অসম প্ৰকাশন পৰিষদ নিজাকৈ গ্ৰন্থ প্ৰকাশ কৰা অসম চৰকাৰৰ চৰকাৰী প্ৰতিষ্ঠান। অসম চৰকাৰে ১৯৫৮ চনৰ ২ মে' তাৰিখে শ্বিলঙত অসম প্ৰকাশন পৰিষদ প্ৰতিষ্ঠা কৰিছিল।[1] ১৯৫৮ চনৰ ৩০ অক্টোবৰত প্ৰথম পৰিষদ গঠন হৈছিল আৰু বিশিষ্ট সংস্কৃত পণ্ডিত আৰু বিশিষ্ট লেখক বিশ্বনাৰায়ণ শাস্ত্ৰী ইয়াৰ প্ৰথম সচিব পদত নিয়োজিত আছিল। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত।[2]
ক্ষিপ্ৰ তথ্য অসম প্ৰকাশন পৰিষদ, প্ৰতিষ্ঠা ...
অসম প্ৰকাশন পৰিষদ | |
---|---|
প্ৰতিষ্ঠা | ২ মে' ১৯৫৮ |
উদ্দেশ্য | গ্ৰন্থ প্ৰকাশ কৰা চৰকাৰী প্ৰতিষ্ঠান |
প্ৰধান কাৰ্যালয় | বামুণীমৈদাম, গুৱাহাটী |
আনুষ্ঠানিক ভাষা | অসমীয়া |
সভাপতি | সিদ্ধাৰ্ধ ভট্টাচাৰ্য, অসমৰ শিক্ষামন্ত্ৰী |
ৱেবছাইট | www |
বন্ধ কৰক