ৰাৱণৰ লংকা ৰাজ্যত থকা এখন বাগিচা From Wikipedia, the free encyclopedia
অশোক বন বা অশোক বাটিকা (ইংৰাজী: Ashok Vatika) লংকাৰ ৰাক্ষস ৰজা ৰাৱণৰ ৰাজ্যত অৱস্থিত এখন বাগিচা আছিল৷ যি হিন্দু মহাকাব্য বিষ্ণু পুৰাণ আৰু বাল্মীকিৰ ৰামায়ণত উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সকলো সংস্কৰণ যেনে- তুলসীদাসৰ দ্বাৰা ৰচিত ৰামচৰিতমানসৰ সুন্দৰ কাণ্ডত উল্লেখ পোৱা যায়।[1] অশোক বাটিকাৰ চাৰিওফালে থকা ঘৰবোৰ বিশ্বকৰ্মাই নিজে নিৰ্মাণ কৰিছে।[2]
এই ঠাইতে ৰামৰ পত্নী সীতাক ৰাৱণে অপহৰণ কৰি বন্দী কৰি ৰাখিছিল৷ ৰাৱণৰ পত্নী মন্দোদৰীয়ে সীতাক লগ কৰিবলৈ ইয়ালৈ আহিছিল৷ ইয়াতে হনুমানে প্ৰথমবাৰৰ বাবে সীতাক লগ পাইছিল আৰু ৰামৰ আঙুলিৰ আঙুঠিৰে নিজকে পৰিচয় দিছিল।
সীতাই অশোক বাটিকাত ৰাম আৰু ৰাৱণৰ যুদ্ধৰ শেষলৈকে আছিল৷ লংকাত সীতাক বিচাৰি আহোঁতে হনুমানে অশোক বাটিকাৰ বেছিভাগ অংশ ধ্বংস কৰিছিল। লগতে অশোক বাটিকাৰ কেন্দ্ৰত থকা প্ৰমদা বাণো ধ্বংস হৈছিল৷[2]
নুৱাৰা এলিয়া চহৰৰ ওচৰত থকা শেথা এলিয়া অঞ্চলৰ হাকজলা বোটানিকেল গাৰ্ডেনে ইয়াৰ বৰ্তমানৰ অৱস্থান বুলি বিশ্বাস কৰা হয়৷ বাগিচাখন হাকগালা শিলৰ ৰূপৰ আধাৰত অৱস্থিত৷ তাত সীতা পোকুনা আছে, যি হাকগালা শিলৰ জংঘলৰ ওপৰৰ এক অনুৰ্বৰ এলেকা, য'ত সীতাক বন্দী কৰি ৰখা হৈছিল বুলি ধাৰণা কৰা হয়৷ সীতা আম্মান মন্দিৰ ইয়াত অৱস্থিত। আন এটা সংযোজিত স্থান হৈছে সীতা এলিয়াৰ, য’ত সীতাই গা ধুইছিল, যাক সীতা ঝৰ্ণা বুলি কোৱা হয়।[3] হিন্দু ধৰ্মতত্ত্বৰ সৈতে সম্পৰ্ক থকাৰ বাবে ঠাইখনে শেহতীয়া বছৰবোৰত সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে৷[4][5]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.