From Wikipedia, the free encyclopedia
অনাথ (ইংৰাজী: Orphan) হৈছে এনে শিশু যাৰ পিতৃ-মাতৃ মৃত, অজ্ঞাত, অথবা চিৰদিনৰ বাবে শিশুটিক ত্যাগ কৰিছে।[1][2] সাধাৰণ ব্যৱহাৰত, কেৱল মৃত্যুৰ ফলত পিতৃ-মাতৃ দুয়োকে হেৰুওৱা শিশুক অনাথ বুলি কোৱা হয়। কিন্তু জন্তুৰ ক্ষেত্ৰত কেৱল মাতৃৰ অৱস্থাহে প্ৰাসংগিক হয়। অৰ্থাৎ যদি মাতৃ নাথাকে, পিতৃৰ অৱস্থা নিৰ্বিশেষে সন্তানক অনাথ আখ্যা দিয়া হয়।[3]
বিভিন্ন গোটে অনাথ সকলক চিনাক্ত কৰিবলৈ বিভিন্ন সংজ্ঞা ব্যৱহাৰ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যৱহৃত এটা আইনী সংজ্ঞামতে অনাথ হৈছে এজন নাবালক যাৰ পিতৃ-মাতৃ দুয়োজনৰ মৃত্যু হৈছে বা নিৰুদ্দেশ বা পৰিত্যক্ত হৈছে।[4] সাধাৰণ ব্যৱহাৰত, এজন অনাথৰ যত্ন লোৱাৰ বাবে কোনো জীৱিত পিতৃ-মাতৃ নাথাকে। অৱশ্যে, ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (ইউনিচেফ), এইচ.আই.ভি. আৰু ইউনাইটেড নেসনচ এইডছ (ইউ.এন.এইডছ), আৰু অন্যান্য গোটে পিতৃ বা মাতৃ যিকোনো এজন হেৰুওৱা শিশুকো অনাথ বুলি আখ্য দিয়ে। এই পদ্ধতিত, যি শিশুৰ মাতৃৰ মৃত্যু হয় তেওঁক মাতৃ-অনাথ, আৰু যাৰ দেউতাকৰ মৃত্যু হৈছে তাক পিতৃ-অনাথ, আৰু যি শিশোৱে পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে তাক দ্বৈত-অনাথ বোলা হয়।[5] কেৱল এজন অভিভাৱক হেৰুওৱা শিশুক বৰ্ণনা কৰিবলৈ অৰ্ধ-অনাথৰ পুৰণি ব্যৱহাৰৰ সৈতে উক্ত সঙ্গ্যাৰ বিপৰীততা দেখা যায়।[6]
এইডছৰ দৰে যুদ্ধ আৰু মহামাৰীৰ দ্বাৰা বহুতো শিশু অনাথ হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, বিভিন্ন দেশত বৃহৎ সংখ্যক শিশু অনাথ হৈছিল, যাৰ ভিতৰত আছে ইউৰোপত প্ৰায় ১,000,000 – ১৩,000,000জন গণ মৃত্যু আৰু মানুহৰ প্ৰব্ৰজনৰ ফলত। জাদে (২০০৬) অনুমান কৰিছিল যে চেকস্লোভাকিয়াত ৯,০০০ অনাথ, নেডাৰলেণ্ডছত ৬০,০০০, পোলেণ্ডত ৩,০০,০০০, যুগোশ্লাভিয়াত ২,০০,০০০ আৰু লগতে ছোভিয়েট ইউনিয়ন, জাৰ্মানী, ইটালী আৰু অন্যান্য ঠাইত আন বহুতো অনাথ শিশু আছে। [7]
উন্নত দেশবোৰত অনাথ শিশুৰ সংখ্যা তুলনামূলকভাৱে কম, কিয়নো কেঁচুৱাটো ডাঙৰ নোহোৱালৈকে পিতৃ-মাতৃ দুয়ো জীয়াই থাকে। যুদ্ধবিধ্বস্ত দেশবোৰত (যেনে আফগানিস্তান) অধিক অনাথ শিশু দেখা যায়।
মহাদেশ | অনাথৰ সংখ্যা (হেজাৰত) | অনাথৰ শিশুৰ শতকৰা হাৰ |
---|---|---|
আফ্ৰিকা | ৩৪.২৯৪ | ১১.৯% |
এছিয়া | ৬৫,৫০৪ | ৬.৫% |
লেটিন আমেৰিকা আৰু কেৰিবিয়ান | ৮,১৬৬ | ৭.৪% |
মুঠ | ১০৭,৯৬৪ | ৭.৬% |
বিখ্যাত অনাথ সকলৰ ভিতৰত আছে আলেকজেণ্ডাৰ হেমিল্টন, এৰন বুৰ আৰু এণ্ড্ৰিউ জেকচন আদিৰ দৰে বিশ্বৰ নেতা; এডগাৰ এলান পো আৰু লিঅ' টলষ্টয়ৰ দৰে লিখক; আৰু এৰন হাৰ্নান্দেজৰ দৰে খেলুৱৈ। আমেৰিকাৰ অনাথ হেনৰী ডাৰ্গাৰে তেওঁৰ কেনভাচত তেওঁৰ অনাথ আশ্ৰমৰ ভয়ংকৰ পৰিস্থিতি ৰচনা লিখ থৈ গৈছিল। অন্যান্য উল্লেখযোগ্য অনাথ সকলৰ ভিতৰত আছে লুই আৰ্মষ্ট্ৰং, মেৰিলিন মনৰো, বেব ৰুথ, ৰে চাৰ্লছ আৰু ফ্ৰান্সেছ মেকডৰমেণ্ডৰ দৰে মনোৰঞ্জনৰ মহান ব্যক্তি, আৰু সাহিত্য আৰু কমিক্সৰ অসংখ্য কাল্পনিক চৰিত্ৰ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.