অধিবৰ্ষ বা লিপ ইয়েৰ হৈছে পঞ্জিকাৰ এটা অতিৰিক্ত দিন যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ জ্যোতিৰ্বিজ্ঞানৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত এবছৰ হয়৷ কিন্তু প্ৰকৃততে পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ দিনঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড সময় লাগে৷ গতিকে ৩৬৫ দিনীয়া এটা বছৰত ৫ ঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড ৰাহি হৈ গৈ থাকে৷ এইদৰে চাৰিটা বছৰৰ মূৰত সম্পূৰ্ণ এটা দিন অতিৰিক্তভাৱে ওলাই আহে৷ গতিকে যিটো বছৰত এই অতিৰিক্ত দিনটো সংযোগ হয় তাক অধিবৰ্ষ বোলা হয়৷[1]

গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ

বিশ্বৰ আটাইতকৈ মান্য কেলেণ্ডাৰ গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে লিপ ইয়েৰ হয়৷ এই অধিবৰ্ষত ফেব্ৰুৱাৰী মাহটোত ২৮ দিনৰ বিপৰীতে এটা অতিৰিক্ত দিন সংযোগ কৰি ২৯ দিন কৰা হয়৷[2]

Thumb
This graph shows the variations in date and time of the June Solstice due to unequally spaced "leap day" rules. Contrast this with the Iranian Solar Hijri calendar, which has 8 leap year days every 33 years.

জন্মদিন

যিসকল মানুহে এই দিনটোত জন্মগ্ৰহন কৰে, সেইসকল ইংৰাজীত "leapling" বা "leaper" বুলি কোৱা হয়৷[3] তেখেতসকলে এই জন্মদিনটো চাৰিবছৰৰ পাছতহে পুনৰ পালন কৰিব পাৰে, সেইদিশৰ পৰা চালে এই দিনত জন্ম হোৱা মানুহৰ প্ৰতি চাৰি বছৰৰ পাছতহে এটা জন্মদিন আহে। আনহাতে কিছুমানে এই অসুবিধাৰ বাবে ২৮ ফেব্ৰুৱাৰী নাইবা ১ মাৰ্চত নিজৰ জন্মদিন পালন কৰে৷

এই দিনটোত জন্মগ্ৰহন কৰা কেইজনমান বিখ্যাত ব্যক্তিৰ নাম:-

  1. মোৰাৰজী দেশাই :- ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী৷

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.