অজিৎ বৰুৱা
অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী / From Wikipedia, the free encyclopedia
অজিৎ বৰুৱা (ইংৰাজী: Ajit Barua; ১৯ আগষ্ট ১৯২৬—৩ এপ্ৰিল ২০১৫) এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী। প্ৰধানকৈ সাহিত্যিক হিচাপেই তেওঁ জনাজাত আছিল। একাধাৰে কবি, গীতিকাৰ, ঔপন্যাসিক, সমালোচক, অনুবাদক, ৰম্য ৰচনাকাৰ আদি হিচাপে তেওঁ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাইছিল। তেওঁক ‘জেংৰাই কবি’ অভিধাৰে জনা যায়। সামগ্ৰিকভাৱে অজিৎ বৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী যথাৰ্থ আধুনিকতাবাদী কবি হিচাপে অভিহিত কৰা হয়।[1] কবি কুশল দত্তৰ মতে “অধ্যয়নৰ ব্যাপ্তি, বোধৰ সামুদায়িক দৃষ্টি, জগত আৰু জীৱনক বুজি উঠা আৰু তাক অতি ওখ খাপৰ শিল্পৰূপে স্থাপত্যসিদ্ধ কৰি তোলাৰ সাধনাই অজিৎ বৰুৱাৰ সৃষ্টিক একক আৰু অনন্যৰূপে অসমীয়া তথা ভাৰতীয় সাহিত্যত সুদৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।”[2]
ক্ষিপ্ৰ তথ্য অজিৎ বৰুৱা, জন্ম ...
অজিৎ বৰুৱা | |
---|---|
জন্ম | ১৯ আগষ্ট, ১৯২৬ গুৱাহাটী, অসম |
মৃত্যু | ৩ এপ্ৰিল, ২০১৫ (বয়স ৮৮) যোৰপুখুৰী, গুৱাহাটী |
ৰাষ্ট্ৰীয়তা | ভাৰত |
বংশদ্ভূত | অসমীয়া |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | স্নাতকোত্তৰ |
শিক্ষানুষ্ঠান | কটন কলেজিয়েট হাইস্কুল আন্তঃৰাষ্ট্ৰীয় লোক প্ৰশাসন বিদ্যালয়, পেৰিছ |
পেচা | সাহিত্যিক, প্ৰশাসনিক বিষয়া |
সক্ৰিয় হৈ থকা সময় | ১৯৩৯-২০১০ |
প্ৰভাৱিত কৰিছে | আধুনিকতাবাদ |
দাম্পত্যসঙ্গী | কৃষ্ণা দাস (১৯৫৬-৭৬) |
সন্তান | পৰ্জন্য বৰুৱা (জন্ম: ১৯৫৭ মৃত্যু: ২০০৯) পাৰমিতা বৰুৱা মোহনচন্দ্ৰ (জন্ম: ১৯৫৮) |
আত্মীয়-স্বজন | হলীৰাম ডেকা (ভিনিহিয়েক), প্ৰণৱজ্যোতি ডেকা (ভাগিনিয়েক) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ভাৰতীয় ভাষা পৰিষদ বঁটা (১৯৮৮) সাহিত্য অকাডেমি বঁটা (১৯৯১) অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা (১৯৯৩) অসম উপত্যকা সাহিত্য বঁটা (১৯৯৯) অমূল্য কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা (২০০২) নিজৰা কবি শৈলধৰ ৰাজখোৱা স্মৃতি বঁটা (২০০৭-০৯) গণেশ গগৈ বঁটা (২০১০) পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ (২০১০) |
বন্ধ কৰক