ভাৰতীয় ভাৰোত্তোলক From Wikipedia, the free encyclopedia
অচিন্ত্য শিউলি (ইংৰাজী: Achinta Sheuli; জন্ম: ২৪ নৱেম্বৰ ২০০১) এগৰাকী ভাৰতীয় ভাৰোত্তোলনকাৰী। তেওঁ এই প্ৰতিযোগিতাৰ ৭৩ কেজিৰ শাখাত অংশগ্ৰহণ কৰে। ২০২১ চনৰ জুনিয়ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰিছিল।[2] আৰু তেওঁ দুবাৰকৈ কমনৱেলথ চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী।[3] বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছত তেওঁ ৩১৩ কিলোগ্ৰামৰ খেলৰ অভিলেখ গঢ়ি সোণৰ পদক লাভ কৰে।[4][5]
অচিন্ত্য শিউলি | ||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||
জন্ম | ২৪ নৱেম্বৰ, ২০০১ (২২ বছৰ) দেউলপুৰ, পশ্চিম বংগ, ভাৰত[1] | |||||||||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||||||||
ক্ৰীড়া | ভাৰোত্তোলন | |||||||||||||||||||||||||||
শিতান | ৭৩ কেজি | |||||||||||||||||||||||||||
পদক অভিলেখ
|
হাওৰা জিলাৰ পাঞ্চলাৰ দেউলপুৰৰ এটা নিম্ন মধ্যবিত্ত পৰিয়ালত শিউলিৰ জন্ম হৈছিল।[6] ২০১৩ চনৰ এপ্ৰিল মাহত দেউতাক প্ৰতীক শিউলিৰ মৃত্যু হয়। দেউলপুৰ হাইস্কুলৰ পৰা শিউলিয়ে হাইস্কুলীয়া শিক্ষা সাং কৰে। শিউলিয়ে হাৰিয়ানাৰ যুৱ ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি তৃতীয় স্থান দখল কৰে। তেওঁৰ ককায়েক আলোক শিউলিয়ে অচিন্ত্যৰ ক্ৰীড়া কেৰিয়াৰক আগবাঢ়ি যোৱাত সমৰ্থন কৰে।[7] শিউলিয়ে ২০১৩ চনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুনিয়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত ৫০কিলোগ্ৰাম শাখাত জয়লাভ কৰে আৰু ২০১৪ চনত আৰ্মি স্প'ৰ্টছ ইনষ্টিটিউট, পুনেত প্ৰৱেশ কৰাৰ সুযোগ পায়।[8][9]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.