![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/0b/AgasthiyarG.jpg/640px-AgasthiyarG.jpg&w=640&q=50)
অগস্ত্য
From Wikipedia, the free encyclopedia
অগস্ত্য (সংস্কৃত: अगस्त्य ) হৈছে প্ৰাচীন ভাৰতৰ এগৰাকী ঋষি।[1] ভাৰতীয় সংস্কৃতিৰ মতে তেওঁ এজন প্ৰখ্যাত আৰু প্ৰভাৱশালী বহু ভাষাৰ জ্ঞান থকা বিদগ্ধ পণ্ডিত। অগস্ত্য আৰু তেওঁৰ সহধৰ্মিণী লোপামুদ্ৰাই সংস্কৃত ভাষাত ঋকবেদৰ শ্লোক ১.১৬৫ ৰ পৰা ১.১৯১ আৰু অন্যান্য বৈদিক সাহিত্যৰ ৰচনা কৰিছিল।[1][2][3]
অগস্ত্য | |
---|---|
![]() ঋষি অগস্ত্য | |
শিৰোনাম | ঋষি, প্ৰাকৃতিক ঔষধিৰ বিজ্ঞানী |
ব্যক্তিগত | |
ধৰ্ম | হিন্দু ধৰ্ম |
দাম্পত্যসংগী | লোপামুদ্ৰা |
সন্তান | দ্ৰধস্যু |
পিতৃ-মাতৃ | মিত্ৰ-বৰুণ আৰু উৰ্বশী |
ৰামায়ণ আৰু মহাভাৰতকে আদি কৰি বিভিন্ন পুৰাণ আৰু ধৰ্মগ্ৰন্থত অগস্ত্যৰ উল্লেখ পোৱা যায়। [3][4] তেওঁ বৈদিক সাহিত্যৰ সপ্তৰ্ষি অৰ্থাৎ সাতগৰাকী মহানতম ঋষিৰ অন্যতম। [5]। তামিল শৈৱ পন্থাৰ মতে অগস্ত্য এগৰাকী সিদ্ধৰ যি তামিল ভাষাৰ প্ৰাৰম্ভিক ব্যাকৰণ অগট্টিয়মৰ প্ৰণেতা তথা শ্ৰীলংকা আৰু দক্ষিণ ভাৰতৰ প্ৰাচীন শৈৱ কেন্দ্ৰসমূহৰ তাম্ৰপৰ্নিয়ম ঔষধিৰ উৎকৰ্ষ সাধক। শাক্ত আৰু বৈষ্ণৱ পন্থাৰ পুৰাণ সাহিত্যতো অগস্ত্যৰ প্ৰশস্তি পোৱা যায়। [6] দক্ষিণ এচিয়া, দক্ষিণ-পূব এচিয়াৰ প্ৰাচীন হিন্দু মন্দিৰ আৰু ইণ্ডোনেচিয়াৰ জাভাত অৱস্থিত শিৱ মন্দিৰসমূহতো তেওঁৰ প্ৰতিমূৰ্তি দেখা পোৱা যায়। পোৰাণিক জাভানীজ ভাষাত ৰচিত অগস্ত্যপৰ্বত ঋষি অগস্ত্যই প্ৰধান ভূমিকা ৰূপায়ণ কৰিছে। এই গ্ৰন্থখনৰ একাদশ শতিকাৰ সংস্কৰণহে বৰ্তি আছে। [7][8]
পৰম্পৰাগতভাৱে ঋষি অগস্ত্যক বিভিন্ন সংস্কৃত পুথি যেনে বৰাহ পুৰাণৰ অগস্ত্য গীতা, স্কন্দ পুৰাণত সংলগ্ন অগস্ত্য সংহিতা আৰু দ্বৈধ-নিৰ্ণয় তন্ত্ৰ আদিৰ ৰচয়িতা ৰূপে জনা যায়। [3] তেওঁক মন, কলসজ, কুম্ভজ, কুম্ভযোনি আৰু মৈত্ৰবৰুণী নামেৰেও জনা যায়। [7][9][10]