সংৰক্ষণ স্থিতি

From Wikipedia, the free encyclopedia

আই ইউ চি এন ৰঙা তালিকাত প্ৰজাতিসমূহক মুঠ জনসংখ্যা, জনসংখ্যা হ্ৰাসৰ হাৰ, ভৌগোলিক বিতৰণ, জনসংখ্যা আৰু বিতৰণৰ বিচ্ছিন্নতা আদিৰ ওপৰত ভিত্তি কৰি নটা বিভাগত শ্ৰেণীবদ্ধ কৰা হৈছে।

  • বিলুপ্ত (Extinct, EX): এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।
  • অৰণ্যত বিলুপ্ত (Extinct in the Wild, EW): বন্য পৰিবেশত বা মূল আবাসত এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। চিৰিয়াখানা অথবা আবদ্ধ পৰিবেশত অতি কমসংখ্যক সদস্য জীয়াই আছে।
  • ঘোৰ সংকটজনক (Critically Endangered, CR): প্ৰকৃতিত বিলুপ্ত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।
  • বিলুপ্তপ্ৰায় (Endangered, EN): প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে।
  • অসুৰক্ষিত (Vulnerable, VU): প্ৰকৃতিত বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে।
  • সংকটাসন্ন (Near Threatened, NT): অদূৰ ভবিষ্যতে সংকটগ্ৰস্ত হৈ পৰাৰ প্ৰবনতা দেখা গৈছে।
  • ন্যূনতম উদ্বেগজনক (Least Concern, LC): সকলোতকৈ কম সংকটগ্ৰস্ত। সহজে আৰু বিস্তৃত ক্ষেত্ৰত দেখা যোৱা প্ৰজাতিবোৰ এই বিভাগৰ অন্তৰ্গত।
  • অপৰিমিত তথ্য (Data Deficient, DD): কোনটো বিভাগৰ অন্তৰ্ভূক্ত হ'ব, সেই সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি নাই।
  • অমূল্যাঙ্কিত প্ৰজাতি (Not Evaluated, NE): আই ইউ চি এনৰ দ্বাৰা এতিয়ালৈ কোনো মূল্যাঙ্কণ হোৱা নাই।[1]
ক্ষিপ্ৰ তথ্য সংৰক্ষণ স্থিতি আই ইউ চি এন ৰঙা তালিকাৰ বিভাগ অনুসৰি, বিলুপ্ত ...
সংৰক্ষণ স্থিতি
বিলুপ্ত
  • বিলুপ্ত (EX)
অৰণ্যত বিলুপ্ত
  • অৰণ্যত বিলুপ্ত (EW)
সংকটজনক
সংকটাসন্ন
  • সংকটাসন্ন (NT)
  • (তালিকা)
ন্যূনতম উদ্বেগজনক

অন্যান্য শ্ৰেণীসমূহ
  • অপৰিমিত তথ্য (DD)
  • অমূল্যাঙ্কিত (NE)
(তালিকা)

সম্পৰ্কীয় বিষয়সমূহ

Thumb
ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহ
আৰু নেচাৰছাৰ্ভ ষ্টেটাছৰ তুলনা
Thumb
বন্ধ কৰক

কিছুমান পৰিভাষাত সংকটগ্ৰস্থ, বিপদগ্ৰস্থ, সংকটাসন্ন, বিপদাসন্ন, সংকটাপন্ন, বিপদাপন্ন, আদি শব্দও ব্যৱহাৰ কৰা হয়।

পূৰ্ৱৰ বিভাগসমূহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.