From Wikipedia, the free encyclopedia
মাইকেল হাউটন (ইংৰাজী: Michael Houghton)(জন্ম ১৯৪৯)[1] এগৰাকী ব্ৰিটিছ-কানাডীয়ান অণুজীৱবিদ আৰু ভাইৰাছবিদ। তেওঁ কিউ লিম চু, জৰ্জ কুও আৰু ডেনিয়েল ডব্লিউ. ব্ৰডলেৰ সৈতে ১৯৮৯ চনত হেপাটাইটিছ চিৰ আৱিষ্কাৰ কৰিছিল।[2] তেওঁ ১৯৮৬ চনত হেপাটাইটিছ ডিৰ জিনম সহ-আবিষ্কাৰ কৰিছিল।[3] হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ ফলত তেজৰ যোগানত এইচচিভি চিনাক্ত কৰিবলৈ নিৰ্ণয় প্ৰতিকাৰক দ্ৰুত বিকাশ হয়, যাৰ ফলত তেজ সঞ্চাৰৰ যোগেৰে এইচচিভি প্ৰাপ্ত কৰাৰ আশংকা তিনিৰ ভিতৰত এজনৰ পৰা দুই মিলিয়নৰ ভিতৰত প্ৰায় একলৈ হ্ৰাস হয়।[4][5] অনুমান কৰা হৈছে যে এই এণ্টিবডি পৰীক্ষাই প্ৰতি বছৰে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু বহুতো দেশত কমেও ৪০,০০০ নতুন সংক্ৰমণ প্ৰতিৰোধ কৰিছে।[6]
মাইকেল হাউটন | |
---|---|
জন্ম | ১৯৪৯ (বয়স ৭৪–৭৫) |
ক্ষেত্ৰ | মাইক্ৰ'বায়'লজি ভাইৰ'লজি |
কৰ্মস্থান | এলৰ্বাৰ্টা বিশ্ববিদ্যালয় কিৰন কৰ্পৰেচন |
জনা যায় | হেপাটাইটিছ চি হেপাটাইটিছ ডি |
উল্লেখনীয় বঁটা | কাৰ্ল লেণ্ডষ্টেইনাৰ মেমৰিয়েল এৱাৰ্ড (১৯৯২) ৰবাৰ্ট কচ পুৰস্কাৰ (১৯৯৩) ৱিলিয়াম বিউমণ্ট পুৰস্কাৰ (১৯৯৪) লাস্কাৰ বঁটা (২০০০) চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা (২০২০) |
হাউটন বৰ্তমান ভাইৰ'লজিত কানাডা এক্সেলেন্স ৰিচাৰ্চ চেয়াৰ আৰু এলবাৰ্টা বিশ্ববিদ্যালয়ত ভাইৰোলজীৰ লি কা শ্বিং আসনৰ অধ্যাপক। ইয়াত তেওঁ লি কা শ্বিং প্ৰায়োগিক ভাইৰ'লজি প্ৰতিষ্ঠানৰ সঞ্চালক।[7] ২০২০ চনত তেওঁক চাৰ্লছ এম. ৰাইচ আৰু হাৰ্ভে জে. অল্টাৰৰ সৈতে "হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ বাবে" চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল।[8]
১৯৪৯ চনত যুক্তৰাজ্যত মাইকেল হাউটন জন্ম হৈছিল।[9] ১৭ বছৰ বয়সত হাউটনে লুই পেষ্ট'ৰৰ বিষয়ে পঢ়াৰ পিছত এজন অণুজীৱবিদ হবলৈ অনুপ্ৰাণিত হৈছিল।[10][11] হাউটনে ইষ্ট এঞ্জেলিয়া বিশ্ববিদ্যালয়ৰ পৰা ১৯৭২ চনত জৈৱবিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু পৰৱৰ্তী সময়ত ১৯৭৭ চনত কিংছ কলেজ লণ্ডনত জৈৱ ৰসায়নত পি এইচ ডি সম্পূৰ্ণ কৰে।[12]
১৯৮২ চনত কিৰন কৰ্পোৰেচনলৈ যোৱাৰ আগতে হাউটনে জি ডি চেৰলে এণ্ড কোম্পানী]ত যোগদান কৰিছিল। কিৰনত হাউটনে সহকৰ্মী কুই-লিম চু, জৰ্জ কুও আৰু ডেনিয়েল ডব্লিউ ব্ৰডলীৰ সৈতে একেলগে ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ পৰা হেপাটাইটিছ চিৰ আৱিষ্কাৰ কৰিছিল।[13] হাউটনে ১৯৮৯ চনৰ পৰা ১৯৯০ চনলৈ প্ৰকাশিত এক শৃংখলাগত একলানি অধ্যয়নৰ সহ-লেখক আছিল। তেওঁ তেজত হেপাটাইটিছ চি এণ্টিবডি চিনাক্ত কৰিছিল। এইসময়ত তেওঁ বিশেষকৈ ৰোগৰ সংক্ৰমণৰ অধিক বিপদাশংকা থকা ৰোগীসকলৰ মাজত, লগতে তেজ সঞ্চাৰণৰ বিষয়ে বিস্তৃত অধ্যয়ন।[14][15][16][17] তেওঁৰ গৱেষণাৰ ফলত ১৯৯০ চনত তেজ স্ক্ৰীণিং পৰীক্ষাৰ বিকাশ হৈছিল। অধিক সংবেদনশীল পৰীক্ষাৰ বিকাশৰ সৈতে ১৯৯২ চনত আৰম্ভ হোৱা বিস্তৃত তেজ স্ক্ৰীণিংৰ পিছত কানাডাত দান কৰা ৰক্ত সৰবৰাহৰ হেপাটাইটিছ চি দূষিত হোৱা প্ৰায় হ্ৰাস হৈছে।[18][19] একে সময়চোৱাত প্ৰকাশিত অন্যান্য অধ্যয়নত হাউটন আৰু তেওঁৰ সহযোগীসকলে হেপাটাইটিছ চিক যকৃতৰ কৰ্কট ৰোগৰ সৈতে সংযোজিত কৰে।[20][21][22] ২০১৩ চনত এলবাৰ্টা বিশ্ববিদ্যালয়ৰ হাউটনৰ দলে দেখুৱাইছিল যে হেপাটাইটিছ চি-ৰ এটা নমুনাৰ পৰা প্ৰস্তুত কৰা এটা ভেকছিন হেপাটাইটিছ ভাইৰাছৰ সকলো প্ৰকাৰৰ বিৰুদ্ধে কাৰ্যকৰী আছিল।[23][24] এই ভেকছিনটো বৰ্তমানে নিদানিক পৰীক্ষণত অৱস্থাত আছে।[25]
হাউটনৰ তেওঁৰ গৱেষণাৰ সৈতে সম্পৰ্কিত ৭৩টা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেটেণ্ট আছে আৰু সাতটা পেটেণ্ট বাকী আছে।[উদ্ধৃতিৰ প্ৰয়োজন]
২০১৯ চনত তেওঁৰ মাতৃশিক্ষানুষ্ঠান ইষ্ট এঞ্জেলিয়া বিশ্ববিদ্যালয়ৰ পৰা তেওঁক বিজ্ঞানৰ সন্মানীয় ডক্তৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল।[32]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.