দিল্লীত ভাৰতৰ সংসদৰ পূৰ্বৰ আসন From Wikipedia, the free encyclopedia
ভাৰতৰ সংসদ ভৱন (Parliament house of India)ভাৰতৰ সংসদ ভৱন আছে নতুন দিল্লীত। ১৯২১ চনৰ ১২ ফেব্ৰুৱাৰীত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ছবছৰৰ অন্তত ১৯২৭ চনৰ ১৮ জানুৱাৰীত সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰে। সংসদ ভৱনটোৰ নিৰ্মাণত খৰচ পৰিছিল ৮৩ লাখ টকা। ভৱনৰ নক্সা প্ৰস্তুত কৰিছিল প্ৰখ্যাত ইংৰাজ স্থাপতিবিদ ছাৰ এডুইন লুট্যেনছ আৰু ছাৰ হাৰ্বাট বেকাৰে। হাৰ্বাৰ্ট বেকাৰ নতুন দিল্লী মহানগৰীৰো নক্সা প্ৰস্তুত আৰু নিৰ্মাণৰ স'তেও জড়িত আছিল।
সংসদ ভৱন পাৰ্লিয়ামেণ্ট হাউচ | |
---|---|
সংসদ ভৱন | |
পূৰ্বৰ নাম | House of Parliament |
সাধাৰণ তথ্য | |
স্থিতি | সক্ৰিয় |
স্থাপত্য শৈলী | লুট্যেনছ,দিল্লী |
ঠিকনা | সংসদ মাৰ্গ, নতুন দিল্লী, ভাৰত |
চহৰ | নতুন দিল্লী |
দেশ | ভাৰত |
স্থানাংক | 28.617189°N 77.208084°E |
নিৰ্মাণ আৰম্ভ | ১৯২১ |
মুকলি | ১৯২৭ |
নক্সা আৰু নিৰ্মাণ | |
গৰাকী | ব্ৰিটিছ ভাৰত (১৯২৭-১৯৪৭) ভাৰত চৰকাৰ (১৯৫০-বৰ্তমানলৈ) |
স্থাপত্যবিদ | এডুইন লুট্যেনছ আৰু হাৰ্বাৰ্ট বেকাৰ |
অন্য তথ্য | |
আসন ক্ষমতা | ৭৯০ |
এক বৃত্তকাৰ কলোছিয়ামৰ আৰ্হিত নিৰ্মিত দৃষ্টিনন্দন সংসদ ভৱনটোৰ ব্যাস ১৭০.৬৯ মিটাৰ (৫৬০ ফুট)। ৰঙা শিলেৰে নিৰ্মিত সংসদ ভৱনটোৰ প্ৰথম মহলাত প্ৰশস্ত চক্ৰকাৰ বাৰাণ্ডা আৰু ১৪৪টা স্তম্ভ আছে। স্তম্ভবোৰৰ প্ৰতিটোৰ উচ্চতা ৮.২৩ মিটাৰ (২৭ফুট)। এই বাৰাণ্ডাতে ভাৰতৰ প্ৰখ্যাত শিল্পীসকলৰ দ্বাৰা অংকিত যথেষ্ট সংখ্যক চিত্ৰ প্ৰদৰ্শিত কৰা হৈছে। এই চিত্ৰবোৰত বৈদিক যুগৰ পৰা ব্ৰিটিছ যুগৰ শেষলৈকে ভাৰতৰ কেইবা সহস্ৰাব্দৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনাৱলীক চিত্ৰিত কৰা হৈছে। সংসদ ভৱনত তিনিটা অৰ্ধবৃত্তাকাৰ হল বা প্ৰেক্ষাগৃহ আছে। ইয়াৰে দুটা হলত লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত হয়। তৃতীয়টো হল পুথিভঁৰাল আৰু অধ্যয়ন কক্ষৰূপে ব্যৱহাৰ কৰা হয়। ৰঙীণ মাৰ্বলৰ স্তম্ভ আৰু জালি , ৰাজকীয় জকমকীয়া সামগ্ৰীৰে এই হলটো সুশোভিত।[1]
সংসদ ভৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হ'ল চেণ্ট্ৰেল হল। এই হলটোৰ গম্বুজৰ উচ্চতা ২৮ মিটাৰ। ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ এই হলতে ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা হৈছিল। তদুপৰি এই চেণ্ট্ৰেল হলতে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ স্বাধীনতা ঘোষণা কৰা হৈছিল। বৰ্তমান ইয়াত ভাৰতৰ দুয়োখন সদনৰ যুটীয়া অধিৱেশন অনুষ্ঠিত হয়। ১৯২১ চনৰ ১২ ফেব্ৰুৱাৰীত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ছবছৰৰ অন্তত ১৯২৭ চনৰ ১৮ জানুৱাৰীত সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰে। [2] সংসদ ভৱনটোৰ নিৰ্মাণত খৰচ পৰিছিল ৮৩ লাখ টকা। ভৱনৰ নক্সা প্ৰস্তুত কৰিছিল প্ৰখ্যাত ইংৰাজ স্থাপত্যবিদ ছাৰ এডুইন লুট্যেনছ আৰু ছাৰ হাৰ্বাট বেকাৰে। হাৰ্বাৰ্ট বেকাৰ নতুন দিল্লী মহানগৰীৰ নক্সা প্ৰস্তুত আৰু নিৰ্মাণৰ স'তেও জড়িত আছিল। চেণ্ট্ৰেল হল আৰু সংসদ ভৱনৰ বিভিন্ন ঠাইত ভাৰতৰ ইতিহাসৰ কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ প্ৰতিমূৰ্তি আৰু চিত্ৰ স্থাপন কৰা হৈছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.