উদ্ভিদ জগত From Wikipedia, the free encyclopedia
Garuga pinnata | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Garuga |
প্ৰজাতি: | G. pinnata |
দ্বৈৰাশিক নামকৰণ | |
Garuga pinnata Roxb. | |
সমাৰ্থক | |
Kunthia pinnata Kuntze |
পানী অমৰা, ঠোঁটমলা বা ৰহিমলা আৰু নামনি অসমত কেচকেচি গছ নামে জনা যায়৷ কোনো কোনো ঠাইত ই জীয়া গছ নামেৰে পৰিচিত৷ ইয়াৰ বৈজ্ঞানিক নাম Garuga pinnata.[1] ই এবিধ পৰ্ণপাতী উদ্ভিদ৷ এছিয়াৰ বিভিন্ন ঠাই যেনে, ভাৰত উপমহাদেশ, দক্ষিণ চীন আৰু ভিয়েটনাম পৰ্যন্ত ইয়াৰ বৃদ্ধি আৰু বিস্তাৰ হোৱা দেখ যায় কোনো প্ৰজাতিৰ তালিকাভূক্ত নোহোৱা এওবিধ গছ ভিয়েটনামত “দৌ হাও’’ dầu heo বুলি কোৱা হয়৷[2]
পানী অমৰাৰ গছ অতি সহজে গজাব পাৰি৷ ঠাল-ঠেঙুলিৰ পৰাই ইয়াৰ বংশবৃদ্ধি অধিক হয়৷ সাধাৰণতে বালিঅঁহীয়া ঠাইত বা নৈপৰীয়া মাটিত এই গছ হয়৷ কাঠ, খৰিৰ বাবে ব্যৱহাৰ কৰা হয়৷ গছজোপাৰ কোনো অংশ কাটিলে তাৰ পৰা ৰঙচুৱা বৰণৰ আঠা ওলায়৷ অসমত তাঁত শালৰ ৰাঁচত কাঠি ওলাই নাযাবলৈ এই আঠা বহুতে ব্যৱহাৰ কৰা দেখা যায়৷
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.