ছিলঠীয়া লিপি From Wikipedia, the free encyclopedia
ছিলঠীয়া নাগৰী লিপি বা জালালাবাদী নাগৰী লিপি (ইংৰাজী: Sylheti Nagari, ছিলঠীয়া: ꠍꠤꠟꠐꠤ ꠘꠣꠉꠞꠤ Silôṭi Nagôri) হৈছে ছিলঠীয়া ভাষা লিখাৰ বিলাকৰ মাজৰ এবিধ লিপি। এই লিপিবিধ বিলুপ্তপ্ৰায়, ইয়াৰ কাৰণ হৈছে বঙালী বৰ্ণমালাৰ প্ৰসাৰ। বিশেষকৈ বাংলাদেশৰ স্বাধীনতাৰ পিছত ইয়াক বঙালী ভাষাৰ এবিধ উপভাষা বুলি ধৰা হৈছিল আৰু সেইবাবে ইয়াৰ বাবে নিজা কোনো লিপি থকাৰ প্ৰয়োজন বোধ কৰা হোৱা নাছিল। সেইবাবে ছিলঠীয়া ভাষাৰ বাবে পূৰ্বী নাগৰী লিপি (বঙালী-অসমীয়া লিপি) গ্ৰহণ কৰা হৈছিল যি বিধ অসমীয়া আৰু বঙালী ভাষাৰ বাবে ব্যৱহাৰ কৰা হয়। ছিলঠীয়া নাগৰী লিপিক জালালাবাদী নাগৰী, মছলমানী নাগৰী আৰু ফুল নাগৰী বুলিও জনা যায়।
ছিলঠীয়া নাগৰী ꠍꠤꠟꠐꠤ ꠘꠣꠉꠞꠤ | |
---|---|
প্ৰকাৰ | আবুগিদা |
ভাষা | ছিলঠীয়া, বঙালী |
সময় | আনুমানিক ১৩০৩ খ্ৰীষ্টাব্দ |
ISO 15924 | Sylo, 316 |
দিশ | বাওঁৰ পৰা সোঁ |
ইউনিক'ড নাম | Syloti Nagri |
ইউনিক'ড ৰে'ঞ্জ | U+A800–U+A82F |
ছিলঠীয়া নাগৰী লিপিত মুঠ ৩২টা আখৰ চিনাক্ত কৰা হৈছে। ইয়াৰে ৫টা স্বৰবৰ্ণ আৰু আৰু ২৭টা ব্যঞ্জনবৰ্ণ।
ছিলঠীয়া নাগৰী লিপিৰ সৰ্বসম্মত স্বৰবৰ্ণ সংখ্যা আছিল ৫টা। যদিও বিভিন্ন গ্ৰন্থত আৰু কেইটামান স্বৰবৰ্ণৰ উল্লেখ পোৱা যায়। যেনেদৰে, শ্ৰী অচ্যুতচৰণ চৌধুৰীৰ শ্ৰীহট্টেৰ ইতিবৃত্ত (শ্ৰীহট্টৰ/ছিলঠৰ ইতিবৃত্ত) কিতাপৰ পৰিশিষ্টত "শ্ৰীহট্টেৰ মোছলমানী নাগৰাক্ষৰ" শিৰোনামত উল্লেখ কৰা নাগৰী বৰ্ণমালাত স্বৰবৰ্ণ দেখা যায় ৬টা। তাত সৰ্বসম্মত ৫টা বৰ্ণৰ লগতে "ঐ" উচ্চাৰণৰ আৰু এটা চিহ্নৰ উল্লেখ আছে। উল্লেখ্য যে, বৰ্ণমালাৰ স্বৰবৰ্ণৰ আশ্ৰসমূহৰ ধাৰাবাহিকতা হুবহু অসমীয়া বৰ্ণমালা আৰু বঙালী বৰ্ণমালাৰ ধাৰাবাহিকতাৰ অনুসৰণ নকৰে।
ছিলঠীয়া নাগৰী লিপি | ꠀ | ꠁ | ꠃ | ꠄ | ꠅ |
অসমীয়া লিপ্যন্তৰ | আ | ই | উ | এ | অ |
ছিলঠীয়া নাগৰী লিপিত ২৭টা ব্যঞ্জনবৰ্ণ আছে। ইয়াৰ বাহিৰেও বিভিন্ন প্ৰতীক এই লিপিত অন্তৰ্ভুক্ত হৈছে।
ছিলঠীয়া নাগৰী লিপি | ꠇ | ꠈ | ꠉ | ꠊ | ꠌ | ꠍ | ꠎ | ꠏ | ꠐ | ꠑ | ꠒ | ꠓ | ꠔ | ꠕ | ꠖ | ꠗ | ꠘ | ꠙ | ꠚ | ꠛ | ꠜ | ꠝ | ꠞ | ꠟ | ꠠ | ꠡ | ꠢ |
অসমীয়া লিপ্যন্তৰ | ক | খ | গ | ঘ | চ | ছ | জ | ঝ | ট | ঠ | ড | ঢ | ত | থ | দ | ধ | ন | প | ফ | ব | ভ | ম | ৰ | ল | ড় | স | হ |
ছিলঠীয়া নাগৰী লিপি | ꠣ | ꠤ | ꠥ | ꠦ | ꠂ | ꠧ | ꠋ |
অসমীয়া লিপ্যন্তৰ | া | ি | ু | ে | ৈ | ো | ং |
ছিলঠীয়া নাগৰী লিপিত ছিলঠীয়া ভাষা
অসমীয়া অনুবাদ
ইউনিক’ডৰ ২০০৫ চনৰ মাৰ্চত প্ৰকাশিত ৪.১ সংস্কৰণত ছিলঠীয়া নাগৰী লিপিক অন্তৰ্ভুক্ত কৰা হয়। ছিলঠীয়া নাগৰীৰ ইউনিক’ড ব্লকটো U+A800 ৰ পৰা U+A82F ক'ড বিন্দুলৈ বিয়পি আছে।
ছিলঠীয়া নাগৰী[1][2] ছিলঠীয়া নাগৰীৰ ইউনিক'ড তালিকা (পি.ডি.এফ.) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+A80x | ꠀ | ꠁ | ꠂ | ꠃ | ꠄ | ꠅ | ꠆ | ꠇ | ꠈ | ꠉ | ꠊ | ꠋ | ꠌ | ꠍ | ꠎ | ꠏ |
U+A81x | ꠐ | ꠑ | ꠒ | ꠓ | ꠔ | ꠕ | ꠖ | ꠗ | ꠘ | ꠙ | ꠚ | ꠛ | ꠜ | ꠝ | ꠞ | ꠟ |
U+A82x | ꠠ | ꠡ | ꠢ | ꠣ | ꠤ | ꠥ | ꠦ | ꠧ | ꠨ | ꠩ | ꠪ | ꠫ | ||||
বি. দ্ৰ. |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.