From Wikipedia, the free encyclopedia
তেজপুৰ নগৰৰ আন এক পবিত্ৰ স্থান হৈছে "কেতেকেশ্বৰ" বা স্থানীয় ৰাইজৰ পৰিচিত "থিয় শিলা"। তেজপুৰৰ পৰা প্ৰায় ২ কি:মি: উত্তৰে কেতেকীবাৰীৰ বাঁহবাৰী এখনত পোত গৈ আছে বিশ্বৰ বৃহত্তম শিৱ লিংগ বুলি ঠাৱৰ কৰা কেতেকেশ্বৰ। এয়া গুপ্ত যুগৰে নিদৰ্শন বুলি অনুমান কৰা হয়। ৰাজমোহন নাথ, তত্বভূষণৰ ‘গৌৰৱময় অসম’ত এই কেতেকেশ্বৰ সম্পৰ্কে ফটোৰে সৈতে উল্লেখ আছে এই বুলি- "এই দীঘল আৰু পঞ্চমূখী শিৱলিংগটো ভূতি বৰ্ম্মা আদি কামৰূপীয় ৰজা সকলে পূজা কৰা হাটকেশ্বৰ শিৱ লিংগ বুলি অনুমান হয়"। প্ৰায় ৯ হাত দৈৰ্ঘ্যৰ আৰু ৪ হাত বেৰৰ এই শিৱলিংগৰ ওচৰতে পৰি আছে বৃহদাকাৰ যোনী পীঠ[1]।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.