কাৰাটে (ইংৰাজী: Karate) একাধাৰে দেহতত্ত্ব বা শৰীৰ বিজ্ঞান, মনোবিজ্ঞান, যোগদৰ্শন আৰু বিভিন্ন সমৰ কৌশল বা আত্মৰক্ষাৰ কৌশল সমূহক ভিত্তি কৰি সৃষ্টি কৰা সমৰ কলাৰ অন্যতম কাৰাটেৰ বিকাশ আজিৰ পৰা প্ৰয় ২০০০ বছৰৰ আগতে বৌদ্ধ ধৰ্ম্মালম্বী চীনা ভিক্ষুক সকলৰ মাজতে হৈছিল। আধুনিক কাৰাটেৰ বিকাশ ঘটিছিল জাপানৰ অকিনোৱা দ্বীপপুঞ্জত।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
কাৰাটেৰ বিবৰ্তন
পঞ্চম শতিকাৰ শেষৰফালে বুদ্ধধৰ্মা নামৰ এজন বৌদ্ধ ভিক্ষুৱে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে ভাৰতৰ দেশৰ পৰা চীন দেশলৈ গৈছিল। ভাৰতৰ পৰা চীনলৈ এই পথছোৱা আছিল অত্যন্ত দুৰ্গম আৰু বিপদৰে ভৰা। সেয়েহে তেওঁ এই পথৰ বিপদৰ সন্মুখীন হবৰ বাবে এটা বিশেষ ধৰণৰ খালী হাতৰ আত্মৰক্ষাৰ কৌশল উদ্ভাৱন কৰে। চীন দেশৰ জনসাধাৰণক তেখেতে বনৰীয়া জীৱ-জন্তু আৰু দুৰাচাৰী, অসৎ লোক সকলৰ আক্ৰমণৰ পৰা নিজকে বচাবৰ বাবে সেই কৌশল সমূহ শিকাই দিয়ে। চীন দেশৰ জনসাধাৰণে সেই কৌশল সমূহ ভালদৰে আয়ত্ত কৰি তাৰ এক নতুন ৰূপ দিয়ে। তাৰ নাম হ’ল কংফু। সময়ৰ লগে লগে সেই কৌশলবোৰ প্ৰসাৰিত হৈ জাপানত নাম পালে কাৰাটে।[1] জাপানী ভাষাত কাৰা মানে খালি আৰু টে মানে হাত। সেয়েহে কাৰাটে বা কাৰাটে ড' মানে হ'ল খালি হাতৰ কৌশল। এই কাৰাটে গৈ কোৰিয়াত নাম পালে টাইকোৱানডো।
এই সমৰ কলা কেইটাৰ ভিতৰত কাৰাটে হ'ল এটা অন্যতম কলা। কেনেদৰে হঠাৎ আক্ৰমণ কৰা শত্ৰুৰ বিৰুদ্ধে খালী হাত আৰু ভৰিৰে, দেহ সঞ্চালন কৰি শত্ৰুপক্ষক ধৰাশায়ী কৰিব পাৰি তাৰ বাৰে প্ৰশিক্ষণৰ দ্বাৰা হাত দুখনক অস্ত্ৰ সজোৱা হয়। এই কলাৰ উদ্দেশ্য হ'ল শত্ৰুৰ হাতৰ পৰা আত্মৰক্ষা কৰা, অত্যাচাৰীক দমন কৰা আৰু সু-স্বাস্থ্যৰ অধিকাৰী হোৱা।
তথ্য সংগ্ৰহ
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.