কামৰূপ মহানগৰ জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা From Wikipedia, the free encyclopedia
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা From Wikipedia, the free encyclopedia
কামৰূপ মহানগৰ জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন।
কামৰূপ মহানগৰ জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | নামনি অসম |
সদৰ | গুৱাহাটী |
মহকুমা | কামৰূপ মহানগৰ সদৰ |
চৰকাৰ | |
• লোকসভা সমষ্টি | গুৱাহাটী |
• বিধানসভা সমষ্টি | জালুকবাৰী (৫১), দিশপুৰ (৫২), পূব গুৱাহাটী (৫৩), পশ্চিম গুৱাহাটী (৫৪) |
কালি | |
• মুঠ | 955 km2 (369 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ | 12,53,938 |
• ঘনত্ব | 1,300/km2 (3,400/sq mi) |
কামৰূপ মহানগৰ জিলাখন ২০০৩ চনৰ ৩ ফেব্ৰুৱাৰীত পুৰণি কামৰূপ জিলাখনক দুভাগত বিভক্ত কৰি গঠন কৰা হয়।[2]
কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটী মহানগৰত অৱস্থিত।[3] জিলাখনে মুঠ ৯৫৫ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে।
২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যা ১২,৫৩,৯৩৮ জন।[1] এই সংখ্যা ইষ্ট'নিয়া দেশৰ জনসংখ্যাৰ লগত[4] বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰ ৰাজ্যৰ লগত মিলে।[5] জনসংখ্যাৰ দিশৰপৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত ইয়াৰ স্থান ৩৮৪তম।[1] জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১,৩১৩ জন।[1] ২০০১-২০১১ চনৰ কলছোৱাত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৮.৩৪%।[1] কামৰূপ মহানগৰ জিলাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩৬ গৰাকী[1] আৰু সাক্ষৰতাৰ হাৰ ৮৮.৭১%।[1]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.