ৰ’দ্‌ (চলচ্চিত্ৰ)

অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰ From Wikipedia, the free encyclopedia

ৰ’দ্‌ (চলচ্চিত্ৰ)

ৰ’দ্‌ (ইংৰাজী: Rowd) ২০১২ চনৰ ৫ অক্টোবৰত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰ৷ এই চলচ্চিত্ৰখনৰ মুখ্য পৰিকল্পনাকাৰী হৈছে তপন বৰদলৈ৷ কাহিনী আৰু স্ক্ৰীণপ্লে' গৌতম বৰুৱাৰ। স্ক্ৰীপ্ট লিখিছে চিৰন্তন মহন্ত, অসীম কৃষ্ণ আৰু ৰুপম দত্তই৷ এম বি প্ৰডাকশ্যনৰ বেনাৰত গৌতম বৰুৱাই পৰিচালনা কৰা ছবিখনৰ প্ৰযোজনা কৰিছে মৌচুমী বৰদলৈয়ে৷

ক্ষিপ্ৰ তথ্য ৰ’দ্‌, পৰিচালক ...
ৰ’দ্‌
Thumb
ৰ’দ্‌ চলচ্চিত্ৰৰ পোষ্টাৰ
পৰিচালক গৌতম বৰুৱা
কাহিনী গৌতম বৰুৱা
প্ৰযোজক মৌচুমী বৰদলৈ
অভিনয়ত উৎপল দাস,
মুনমী ফুকন,
মনালী বৰদলৈ,
দিগন্ত হাজৰিকা
চিত্ৰগ্ৰহণকাৰী বিশ্বভূষণ মহাপাত্ৰ,
বিপুল দাস,
প্ৰদীপ দৈমাৰী
সংগীত পৰিচালক যতীন শৰ্মা
প্ৰযোজনা
কোম্পানী
এম. বি. ফিল্মছ
মুক্তি
৫ অক্টোবৰ, ২০১২[1]
দেশ ভাৰত
ভাষা অসমীয়া
বন্ধ কৰক

কাহিনী

চাকৰিসূত্ৰে হিমাচল প্ৰদেশমানালীত দেউতাকৰ সৈতে থকা এটা মধ্যবিত্ত পৰিয়ালৰ এজন অসমীয়া যুৱক আৰু সেই ঠাইৰেই এজন ধনী লোকৰ একমাত্ৰ জীয়ৰীক মূখ্য কেন্দ্ৰ কৰি নিৰ্মান কৰা এই বোলছবিত নতুন প্ৰজন্মৰ প্ৰেম, বিচ্ছেদ আৰু সংঘাটৰ বিষয়ে দেখুওৱা হৈছে[2]

নিৰ্মাণ

‘‘ৰ’দ্‌’’ চলচ্চিত্ৰখনৰ প্ৰায় ৪০ শতাংশ দৃশ্যগ্ৰহণ মানালী আৰু নতুন দিল্লীত কৰা হৈছে। বাকী দৃশ্যগ্ৰহণ গুৱাহাটী, শ্বিলং আৰু চেৰাপুঞ্জীত কৰা হৈছে।

অভিনয় শিল্পী

চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰসমূহতত অভিনয় কৰিছে উৎপল দাস, দিগন্ত হাজৰিকা, মুনমী ফুকন, নৱাগতা মনালী বৰদলৈ৷ তদুপৰি অভিনেতা বিজু ফুকন, জয়ন্ত ভাগৱতী, হিৰণ্য ডেকা, তপন বৰদলৈ, ভগৱত প্ৰীতম, নিকুমণি বৰুৱা, পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজীৱ বৰা, পদ্মৰাগ গোস্বামী, পাৰ্থসাৰথি মহন্ত, নিলীম নাথ, নিৰ্মল নাথ, অৰুন্ধতী, নৱীন শৰ্মাৰ উপৰি শিশু শিল্পী অৰিন্দম বৰদলৈ আৰু গাৰ্গী শৰ্মাই অভিনয় কৰিছে৷

সংগীত

ক্ষিপ্ৰ তথ্য ৰ'দ্, গৌতম বৰুৱাৰ বোলছবি ...
ৰ'দ্
গৌতম বৰুৱা
বোলছবি
মুক্তি ২০১২
শৈলী/ধৰণ বোলছবি সংগীত
লেবেল Times Music
প্ৰযোজক মৌচুমী বৰদলৈ
বন্ধ কৰক

ৰ'দ্ৰ সংগীত পৰিচালক যতীন শৰ্মা। গীতৰ কথা ৰাজদ্বীপ, জনঞ্জয় শইকীয়া আৰু মানস মহন্তৰ।

অধিক তথ্য গীতৰ তালিকা, নং ...
গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "সূৰুযমুখী"  জনঞ্জয় শইকীয়াঅংগৰাগ ৪:৩৯
2. "পখী পখী"  ৰাজদ্বীপঅংগৰাগ, ৰূপজ্যোতি দেৱী ৫:১৯
3. "তুফানী হৈ"  মানস মহন্তজুবিন গাৰ্গ ৪:১৩
4. "আছিলোঁ ক'তেনো"  জনঞ্জয় শইকীয়াজুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ ৪:৩৫
5. "ৰঙীন পলিথিন"  মানস মহন্তৰাজজ্যোতি কোঁৱৰ ৬:৫০
6. "কিনো যাদু"  ৰাজদ্বীপশ্ৰেয়া ফুকন ৩:১০
7. "তুফানী (ক্লাব্ মিক্স)"  মানস মহন্তৰাজজ্যোতি কোঁৱৰ, সৌৰিন চৌধুৰী ৪:৪৪
8. "Triangle"  সৌৰিন চৌধুৰীসৌৰিন চৌধুৰী  
মুঠ দৈৰ্ঘ্য:
৩৭:৩৫
বন্ধ কৰক

কাৰিকৰী খুঁটি-নাটি

‘‘ৰ’দ্‌’’ চলচ্চিত্ৰখনত কেনন ফাইভ কেমেৰাৰে ৩৫ মিলিমিটাৰত দৃশ্যগ্ৰহণ কৰা হৈছে[2]৷ চিনেমাট’গ্ৰাফীৰ কাম বিশ্বভূষণ মহাপাত্ৰ (মুম্বাই), বিপুল দাস, প্ৰদীপ দৈমাৰীয়ে কৰিছে[2]

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.