From Wikipedia, the free encyclopedia
ৰাজবালা দাস অসমৰ এগৰাকী শিক্ষাবিদ। ১৮৯৩ চনৰ ৮ মাৰ্চ তাৰিখে ডিব্ৰুগড়ত ৰাজবালা দাসৰ জন্ম হৈছিল । তেওঁৰ পিতৃ ৰমাকান্ত বৰুৱা আৰু মাতৃ কমলা বৰুৱা। ১৯১৫ চনত কলিকতাৰ বেথুন কলেজৰ পৰা তেখেতে এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰে। ১৯২০ চনত স্নাতক আৰু ডাঃ জ্যোতিষ চন্দ্ৰ দাসৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত প্ৰাইভেট প্ৰাৰ্থী হিচাপে এম.এ. পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯২৮ চনত “স্ত্ৰী শিক্ষাৰ বাবে কেই আষাৰমান” নামৰ গ্ৰন্থৰে তেওঁ সাহিত্য জগতত প্ৰৱেশ কৰে। ১৯৩৯ চনত তেওঁ গুৱাহাটীত মহিলাৰ শিক্ষা অনুষ্ঠান “সন্দিকৈ ছোৱালী মহাবিদ্যালয়” স্থাপন কৰে আৰু অসমৰ প্ৰথম মহিলা অধ্যক্ষা ৰূপে কাৰ্য্যনিৰ্বাহ কৰে। কটন কলেজত ছাত্ৰী সকলে শিক্ষা গ্ৰহণৰ সুবিধা পোৱাৰ ক্ষেত্ৰত অসমত স্ত্ৰী-শিক্ষাৰ বাটকটীয়া এই গৰাকী নাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ। ১৯৮৫ চনৰ ২৩ এপ্ৰিলত তেখেতৰ মৃত্যু হয়।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.