From Wikipedia, the free encyclopedia
হিতেশ ডেকা (ইংৰাজী: Hitesh Deka) (১৮ ফেব্ৰুৱাৰী, ১৯২৪ - ৩০ আগষ্ট, ২০০০) অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক[1]৷ অসমীয়া ভাষা-সাহিত্যৰ উপন্যাস, নাটক, প্ৰৱন্ধ আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷
১৯২৪ চনৰ ১৮ ফেব্ৰুৱাৰীত অসমৰ বৰপেটা জিলাৰ অন্তৰ্গত সৰ্থেবাৰীত হিতেশ ডেকাৰ জন্ম হৈছিল।
হিতেশ ডেকাই সৰ্থেবাৰীতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰে[1]। ১৯৪৮ চনত সৰ্থেবাৰী হাইস্কুলৰ পৰা প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫২ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫৪ চনত তেওঁ কনিহা হাইস্কুলৰ শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰে। পাছত কেইবাখনো বিদ্যালয়ত শিক্ষকতা কৰি ১৯৮৫ চনত তেওঁ অৱসৰ গ্ৰহন কৰে।
হিতেশ ডেকা ১৯৬০ চনৰ ৰাজ্যভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল। তেওঁ ১৯৭২ চনৰ মাধ্যম আন্দোলনত ওতঃপ্ৰোতভাবে জড়িত আছিল। বিদেশী বহিস্কাৰ আন্দোলনত অসম সাহিত্য সভাৰ প্ৰতিনিধি হিচাপে দিল্লীৰ আলোচনাত কেইবাবাৰো অংশ গ্ৰহন কৰিছিল। তেওঁ সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ উপ-সভাপতি, সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা আদি বিভিন্ন সাহিত্য, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত বিশেষ ভাবে জড়িত আছিল। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে অসম সাহিত্য সভাই হিতেশ ডেকাক ১৯৯৫ চনৰ সৰ্থেবাৰী অধিবেশনৰ সভাপতি পদত নিয়োজিত কৰিছিল[2]।
হিতেশ ডেকাৰ ২০০০ চনৰ ৩০ আগষ্টত মৃত্যু হয়[3]।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.