From Wikipedia, the free encyclopedia
এনাজৰী হৈছে এখন দ্বিভাষীক আৰু প্ৰথম অসমীয়া[2] অনলাইন আলোচনী।[3] ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে এই ৱেৱছাইট গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ প্ৰসিদ্ধ সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে উন্মোচন কৰে। আলোচনীখনৰ মুখ্য সম্পাদক আৰু মুখ্য পৰিকল্পনাকাৰী হ’ল হিমজ্যোতি তালুকদাৰ। কেইবাজনো উপদেষ্টা সমন্বিতে সম্পাদক আৰু সদস্যৰে ইয়াৰ এখন সম্পাদনা সমিতি আছে। ইয়াৰ সম্পাদনা আদি বিভিন্ন কামত এদল অসমীয়া যুৱক-যুৱতী স্বেচ্ছাসেৱক হিচাপে জড়িত হৈ আছে। আলোচনীখনক ১৮৬০ চনৰ Societies Act XXI অনুসৰি ২০১০-২০১১-ৰ বাবে KAM(M)/240/A-24/472 নম্বৰত পঞ্জীয়ন কৰা হৈছে।
এনাজৰী | |
---|---|
ইউ আৰ এল | Enajori.com |
প্ৰকাৰ | দ্বিভাষীক অনলাইন আলোচনী। অসমীয়া আৰু ইংৰাজী |
ভাষা | ২ |
সৃষ্টিকৰ্তা | হিমজ্যোতি তালুকদাৰ। |
অৱস্থান | অসম |
মুকলি | ১৩ মাৰ্চ, ২০১০ |
এলেক্সা স্থান | 4,620,928[1] |
ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে অসম সংক্ৰান্তিয় পৰ্যাপ্ত পৰিমাণৰ সমল লাভ কৰাৰ উপযুক্ত এক মাধ্যম হিচাপে গঢ়ি তোলাটো এই আলোচনীখনৰ অন্যতম উদ্দেশ্যে। অসমীয়া সাহিত্যৰাজী ইংৰাজীলৈ অনুবাদ কৰা, বিভিন্ন শিক্ষা-প্ৰতিষ্ঠানত ইউনিক’ড লিখন কৰ্মশালা আয়োজন কৰা আদিও আলোচনীখনৰ আন কিছুমান অন্যতম উদ্দেশ্যে।[4]
এনাজৰী এখন সতাঁৰ আলোচনী হোৱাৰ উপৰি ইয়াত অসমৰ বুৰঞ্জী, বোলছবি, পৰ্য্যটন, সংগীত, গ্ৰন্থ, সাহিত্যিক, অসমীয়া খাদ্যসম্ভাৰ, বনাঞ্চল, বন্যপ্ৰাণী আদি সম্পৰ্কীয় বহুখিনি তথ্যবস্তু সন্নিবিষ্ট হৈছে। পুৰণি অসমীয়া গীতৰ সংৰক্ষণ, ই-বুক সংগ্ৰহ, বহুতো পুৰণি আৰু বিশিষ্ট ব্যক্তিৰ আলোকচিত্ৰ সংগ্ৰহ, “বুঢ়ী আইৰ সাধু”ৰ বহুকেইটা সাধু, আৰু শিশু শিতানেৰেও ই সমৃদ্ধ। অসমীয়া চিৰসেউজ গীতসমূহ সংৰক্ষণৰ দিহা কৰাৰ উপৰি বহুতো কালজয়ী অসমীয়া কবিতাৰ ই এক বৃহৎ ভাণ্ডাৰ।[5]
২০১৩ চনৰ অক্টোবৰ মাহত শ্ৰী লংকাৰ কলম্বোত আয়োজিত ৱৰ্ল্ড ছামিট এৱাৰ্ড ২০১৩ অনুষ্ঠানত এনাজৰীয়ে ই কণ্টেণ্ট+ ক্ৰিয়েটিভিটী শাখাত বিজয়ীৰ বঁটা লাভ কৰে। [6]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.