অসমৰ সাহিত্যিক From Wikipedia, the free encyclopedia
শৰৎচন্দ্ৰ গোস্বামী (ইংৰাজী: Sarat Chandra Goswami; ১৮৮৭ - ১৯৪৪)[1] অসমৰ এজন শিক্ষাবিদ, সাহিত্যিক, গৱেষক আৰু সংগঠক আছিল। তেওঁৰ নেতৃত্বত যোৰহাটত যোৰহাট সাহিত্য সভা গঠন হৈছিল, যি অসম সাহিত্য সভাৰ বীজ আছিল।[2]
শৰৎচন্দ্ৰ গোস্বামী | |
---|---|
জন্ম | ১২ মে', ১৮৮৭ নলবাৰী |
মৃত্যু | ১৯ ডিচেম্বৰ, ১৯৪৪ (৫৭ বছৰ) |
পেচা | সাহিত্যিক, শিক্ষাবিদ, গৱেষক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
১৮৮৭ চনৰ ১২ মে' তাৰিখে নলবাৰীৰ নাৰায়নপুৰ সত্ৰত (বৰ্তমান নলবাৰী সত্ৰ) শৰৎচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল। গোস্বামীৰ পিতৃ ললিতচন্দ্ৰ গোস্বামী ওৰফে লম্বোদৰ[2] অসমীয়া পদ-পুথি ‘কেলি-ৰহস্য’ৰ প্ৰণেতা আছিল আৰু মাতৃৰ নাম আছিল মুকুন্দপ্ৰিয়া দেৱী।
সৰুতে মাটিৰাম দাস নামৰ এজন ব্যক্তিৰ অধীনত ঘৰতে প্ৰাথমিক শিক্ষা লাভ কৰি ১৮৯৭ চনত তেওঁ মজলীয়া স্কুলত ভৰ্তি হয়। ১৯০০ চনত, নলবাৰী মাইনৰ স্কুলৰপৰা [2] বৃত্তি পৰীক্ষা দি অসম উপত্যাকাৰ ভিতৰত প্ৰথম স্থান লাভ কৰি কটন কলেজিয়েটত ভৰ্তি হয়। ১৯০৪ চনত কটন কলেজিয়েট স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত ভৰ্তি হয়। ১৯০৬ চনত গুৱাহাটীৰ কটন কলেজৰপৰা[2] এফ-এ মহলাত পাছ কৰি কলিকতাৰ মেট্ৰোপলিটান কলেজৰ (বৰ্তমান বিদ্যাসাগৰ কলেজ) বি.এ. শ্ৰেণীত নাম লগায়। ১৯০৮ চনত বি.এ. উত্তীৰ্ণ হৈ কলিকতা বিশ্ববিদ্যালয়ৰ এম.এ. (সংস্কৃত) শ্ৰেণীত ভৰ্তি হয়। এফ এ পৰীক্ষাত তেওঁ অসমীয়া পৰীক্ষাৰ্থীসকলৰ ভিতৰত প্ৰথম স্থান লাভ কৰি বৃত্তি অৰু স্বৰ্ণ পদক লাভ কৰিছিল।[2]
১৯০৮ চনত নগাঁৱত অস্থায়ীভাৱে ডেপুটী ইন্সপেক্টৰ পদত নিয়োজিত হয়। পিছত সেই পদত স্থায়ী নিযুক্তি লাভ কৰি মঙ্গলদৈ চহৰলৈ বদলি হয়। ১৯১১ চনত ঢাকা ট্ৰেইনিং কলেজৰপৰা বি.টি. পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। ১৯১২ চনত যোৰহাটলৈ বদলি হয়। ১৯১৩ চনত অস্থায়ীভাৱে সহকাৰী পৰিদৰ্শক পদ লাভ কৰে। ১৯১৫ চনত যোৰহাটৰ নৰ্মাল স্কুলৰ অধীক্ষকৰ পদত নিয়োজিত হয় আৰু সেই পদটো ‘প্ৰভিন্সিয়েল্ চাৰ্ভিচ’লৈ উন্নীত কৰে। ১৯২৮ চনত অসম উপত্যকাৰ বিদ্যালয়সমূহৰ ইন্সপেক্টৰ পদত নিয়োজিত হয়। তেখেতে জনশিক্ষাৰ বিশেষ বিষয়াৰূপেও কাৰ্যনিৰ্বাহ কৰে। কৰ্মক্ষেত্ৰতত যথেষ্ট সুখ্যাতি অৰ্জন কৰি ১৯৪৩চনৰ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে।[3]
ছাত্ৰাৱস্থাতে ১৯০৫ চনত তেওঁ 'যাত্ৰী' শীৰ্ষক এটি গল্প লিখি তেওঁ সাহিত্য জগতত প্ৰৱেশ কৰে। কলিকতাত পঢ়ি থকা সময়ত এ, এচ, এল ক্লাবৰ গল্প প্ৰতিযোগিতাত তেওঁ পদক দখল কৰিছিল। জোনাকী (নতুন খণ্ড), বাঁহী, আসাম-বান্ধৱ, উষা, আলোচনী আদি আলোচনীত গোস্বামীৰ গল্প প্ৰকাশ হৈছিল। এফ এ পৰীক্ষা দি উঠি তেওঁ পানিপথ নামে এখন উপন্যাস লিখিছিল।[2]
শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল, ১৯২০ চনৰ পৰা ১৯২৭ চনলৈকে তেওঁ সম্পাদকৰ পদত অধিষ্ঠিত আছিল[1]।বিষ্ণুৰাম মেধি, গৌৰীকান্ত তালুকদাৰ আদিৰ সৈতে লগ হৈ এখন সাদিনীয়া সাহিত্য আলোচনা সভা পাতিছিল। ইয়াত প্ৰবন্ধ, চুটিগল্প, কবিতা আদি পাঠ কৰা হয়। এফ.এ. পঢ়ি থকা অৱস্থাত ‘অংকুৰ’ নামৰ এখন মাহেকীয়া হাতে-লিখা আলোচনী সম্পাদনা কৰে। চুটিগল্পৰ উপৰিও তেওঁ নাটক, গীত, কবিতা, শিশু সাহিত্য আদিও ৰচনা কৰিছিল। একমাত্ৰ উপন্যাস ‘পানিপথ’। এই উপন্যসখন লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত দ্বিতীয়-তৃতীয় বছৰৰ বাঁহীত (১৯১০,১৯১১) খণ্ড-খণ্ডকৈ প্ৰকাশ হৈছিল।[4]। তেওঁ ৰচনা কৰা নাটকসমূহ হ'ল 'পৰীক্ষা' আৰু 'বুদ্ধদেৱ'। গোস্বামীয়ে ১১টা কবিতা,৫টা ব্যংগ কবিতা আৰু ৪৩টা কণিকা কবিতা ৰচি থৈ গৈছে। ইয়াৰ উপৰিও তেওঁ ইংৰাজী ভাষাতো বিভিন্ন প্ৰবন্ধ-পাতি ৰচনা কৰিছিল।[3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.