লুৰীণজ্যোতি গগৈ
অসমৰ ৰাজনীতিবিদ From Wikipedia, the free encyclopedia
অসমৰ ৰাজনীতিবিদ From Wikipedia, the free encyclopedia
লুৰীণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক (২০১৫-২০২০) তথা অসমৰ এগৰাকী প্ৰাক্তন ছাত্ৰনেতা।[1]বৰ্তমান তেওঁ অসমৰ ৰাজনৈতিক দল অসম জাতীয় পৰিষদ (চমুকৈ অজাপ)ৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছে।[2][3]
লুৰীণজ্যোতি গগৈ | |
---|---|
অসম জাতীয় পৰিষদৰ সভাপতি | |
ব্যক্তিগত তথ্য | |
জন্ম | ২৮ ডিচেম্বৰ, ১৯৭৭ (৪৬ বছৰ) তিনিচুকীয়া |
ৰাজনৈতিক দল | অসম জাতীয় পৰিষদ |
শিক্ষানুষ্ঠান | তিনিচুকীয়া মহাবিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় |
জীৱিকা | ৰাজনীতিবিদ |
ৱেবছাইট | https://lurinjyotigogoi.com/ |
তেওঁৰ জন্ম হয় ১৯৭৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে তিনিচুকীয়া জিলাত। পিতৃৰ নাম প্ৰবীন গগৈ আৰু মাতৃ প্ৰয়াত দুলু গগৈ। তেওঁ ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান।[4]
১ নং লাইপুলি প্ৰাথমিক বিদ্যালয়ত তেওঁ শিক্ষা জীৱন আৰম্ভ কৰিছিল। পৰবৰ্তী সময়ত লাইপুলি মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ে আৰু তিনিচুকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় (শ্ৰীপুৰীয়া), তিনিচুকীয়াৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, তিনিচুকীয়াৰ পৰা গগৈয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতকোত্তৰ (২০০৪), বি.এড আৰু এম.এড ডিগ্ৰীও সম্পন্ন কৰে।[5]
তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক পৰ্যায়ত অধ্যয়ন কৰি থাকোঁতে লুৰীণজ্যোতি গগৈয়ে আছু (সদৌ অসম ছাত্ৰ সন্থা)ত জড়িত হৈছিল। পিছত তেওঁ দীপাংক নাথৰ সভাপতিত্বত ২০১৫ চনত আছুৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ২০২০ চনৰ নৱেম্বৰ মাহত লুৰীণজ্যোতি গগৈয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰে।[6] পিছলৈ তেওঁ সক্ৰিয় ৰাজনীতিত ভৰি থয় আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত দুলিয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে।[7] দুয়োটা সমষ্টিতে অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ২৭ মাৰ্চ ২০২১ তাৰিখে ভোট গ্ৰহণ হয়।[8] লুৰীণজ্যোতি গগৈয়ে দুলিয়াজান সমষ্টিত ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ তেৰশ গোৱালা আৰু নাহৰকটীয়াৰ বিজেপি প্ৰাৰ্থী তৰঙ্গ গগৈৰ হাতত পৰাস্ত হয়।[9][10]
২০২৪ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত তেওঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় জনতা পাৰ্টিৰ নেতা সৰ্বানন্দ সোণোৱালৰ হাতত পৰাস্ত হয়৷[11][12]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.