লম্বোদৰ বৰা

From Wikipedia, the free encyclopedia

লম্বোদৰ বৰা (ইংৰাজী: Lambodar Bora) (১৮৬০-১৮৯২) অসমীয়া সাহিত্যজোনাকী যুগৰ এগৰাকী প্ৰসিদ্ধ লেখক আছিল। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম[1]অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠাৰ আঁৰত এখেতৰ অৱদান অতিকৈ উল্লেখযোগ্য[2]

ক্ষিপ্ৰ তথ্য লম্বোদৰ বৰা, জন্ম ...
লম্বোদৰ বৰা
জন্ম ১৮৬০
খালিপোকীয়া গাঁও, দৰং জিলা, অসম
মৃত্যু ১২ এপ্ৰিল, ১৮৯২
পেচা আইনজ্ঞ, লিখক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত
শিক্ষা বি এ, বি এল
সময় অসমীয়া সাহিত্যৰ জোনাকী যুগ
বন্ধ কৰক

চমু জীৱনী

লম্বোদৰ বৰা জন্ম হয় ১৮৬০ চনত দৰং জিলাৰ গমিৰি মৌজাৰ খালিপোকীয়া গাঁৱত হৈছিল[2]৷ তেখেতৰ পিতৃৰ নাম বৃকোদৰ কাকতি৷ ১৮৭৭ চনত তেজপুৰৰ মজলীয়া বিদ্যালয়ৰ পৰা ছাত্ৰ বৃত্তি পৰীক্ষা উত্তীৰ্ণ হয় আৰু তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ পৰৱৰ্তী সময়ত তেখেতে কলিকতাৰ মেট্ৰোপলিটান ইনষ্টিটিউচনত নাম ভৰ্ত্তি কৰে৷ কলিকতাৰ পৰাই এফ.এ. আৰু ১৮৮৭ চনত স্নাতক উপাধি অৰ্জন কৰে৷ আনুষ্ঠানিক শিক্ষা সমাপ্ত হোৱাৰ পাছতে তেখেতে "কোহিমা হাইস্কুল"ৰ প্ৰধান শিক্ষক পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে৷ দুবছৰ তেওঁ সেই পদতে কাৰ্যনিৰ্বাহ কৰাৰ পাছত পুনৰ কলিকতালৈ গৈ আইনৰ শিক্ষা গ্ৰহণ কৰে আৰু বি.এল. ডিগ্ৰী লাভ কৰি তেজপুৰলৈ আহি আইনজ্ঞ ৰূপে অধিষ্ঠিত হয়[2]

সাহিত্যিক অৱদান

লম্বোদৰ বৰাই বিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰা সাহিত্য-চৰ্চা আৰম্ভ কৰিছিল৷ আসাম বিলাসিনী, "আসাম তৰা", আসাম নিউজ আদি কাকত আলোচনীত নিয়মিতভাৱে লিখামেলা কৰিছ্লি[2]আসাম বন্ধুত প্ৰকাশিত ’সদানন্দৰ কলা ঘূমটি’, ’সদানন্দ নতুন অভিধান’ ’সদানন্দৰ সমাচাৰ’ আদি ব্যংগ সাহিত্য ৰচনা কৰিছিল৷ ’শকুন্তলা’ নাটকখন তেখেতে সংস্কৃতৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছিল[2]৷ ’ল’ৰাবোধ’ আৰু ’জ্ঞানোদয়’ বৰাৰ দুখন প্ৰকাশিত পাঠ্যপুথি[3]৷ ’ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ জীৱন চৰিত’ আৰু ’সমাজ দৰ্পন’ নামৰ পুথি দুখন অসমাপ্ত অৱস্থাত থাকোতেই ১৮৯২ চনৰ ১২ এপ্ৰিলত হাইজা ৰোগত আক্ৰান্ত হৈ মৃত্যুৱৰণ কৰে[2]


তথ্য সংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.