ওড়িয়া আৰু ইংৰাজী ভাষাৰ ভাৰতীয় লেখক From Wikipedia, the free encyclopedia
মনোজ দাস (ইংৰাজী: Manoj Das; ২৭ ফেব্ৰুৱাৰী ১৯৩৪ – ২৭ এপ্ৰিল ২০২১) এগৰাকী ভাৰতীয় লেখক; যি ওড়িয়া আৰু ইংৰাজী ভাষাত লেখা-মেলা কৰিছিল।[1] ১৯৭১ চনত লণ্ডন আৰু এডিনবাৰ্গৰ আৰ্কাইভত কৰা তেওঁৰ গৱেষণাই শ্ৰী অৰবিন্দৰ নেতৃত্বত বিংশ শতিকাৰ প্ৰথম দশকত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কিছুমান অতি কম পৰিচিত তথ্য পোহৰলৈ আনিছিল; যাৰ বাবে তেওঁক প্ৰথম শ্ৰী অৰবিন্দ পুৰস্কাৰ (কলকাতা) প্ৰদান কৰা হৈছিল। ১৯৬৩ চনৰপৰা তেওঁ পুডুচেৰীৰ শ্ৰী অৰবিন্দ আশ্ৰমৰ এগৰাকী বাসিন্দা আছিল আৰু ইয়াৰ শ্ৰী অৰবিন্দ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য আৰু শ্ৰী অৰবিন্দৰ দৰ্শন পঢ়াইছিল।[2][3]
মনোজ দাস | |
---|---|
জন্ম | ২৭ ফেব্ৰুৱাৰী, ১৯৩৪ সাংখাৰি, বালাচ’ৰ জিলা, উৰিষ্যা, ভাৰত |
মৃত্যু | ২৭ এপ্ৰিল, ২০২১ (৮৭ বছৰ) পুডুচেৰী (পণ্ডিচেৰী) |
পেচা | লেখক, স্তম্ভলেখক, সম্পাদক, অধ্যাপক |
মাতৃশিক্ষায়তন | সামন্ত চন্দ্ৰশেখৰ কলেজ, পুৰী ৰেভেনশ্ব কলেজ |
ধৰণ | কল্প-কাহিনী, পুৰাকথা, জীৱনী |
উল্লেখনীয় কৰ্মৰাজি | চাইক্ল’নচ্ আ টাইগাৰ এট টুইলাইট মিষ্ট্ৰি অৱ দ্য মিচিং কেপ মিথ, লিজেণ্ডচ্, কনচেপ্টচ্ এণ্ড লিটাৰেৰী এণ্টিকুইটিছ অৱ ইণ্ডিয়া |
উল্লেখযোগ্য বঁটা | পদ্মশ্ৰী পদ্মভূষন সাহিত্য অকাডেমি ফেলোশ্বিপ সৰস্বতী সন্মান |
দাম্পত্যসংগী | প্ৰতিজিনা দেৱী |
স্বাক্ষৰ | |
ৱেবছাইট | worldofmanojdas |
২০০০ চনত তেওঁক সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। ২০০১ চনত তেওঁক ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী,[4] আৰু ২০২০ চনত সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰা হৈছিল।[5] সাহিত্য অকাডেমিয়ে তেওঁক তেওঁলোকৰ সৰ্বোচ্চ সন্মান সাহিত্য অকাডেমি ফেলোশ্বিপ প্ৰদান কৰিছিল।[6]
উৰিষ্যাৰ সৰু উপকূলীয় গাওঁ বালাচ’ৰত দাসৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মধুসূদন দাসে[7] ব্ৰিটিছ চৰকাৰৰ অধীনত কাম কৰিছিল। স্কুলত পঢ়ি থাকোঁতেই দাসে লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথমখন গ্ৰন্থ আছিল শতাব্দীৰ আৰ্তনাদ নামে এটি ওড়িয়া ভাষাৰ কাব্য সংকলন। ১৯৫০ চনত তেওঁ ‘দিগন্ত’ নামে এখন সাহিত্য আলোচনী মুকলি কৰে। তেওঁ ১৯৫১ চনত উচ্চ বিদ্যালয়ৰ শিক্ষা সাং কৰি কটক মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল। বিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁৰ প্ৰথম চুটি গল্প সংকলন সমুদ্ৰ ক্ষুধা (হাংগাৰ অৱ চি) প্ৰকাশ হৈছিল। কটকত ডিগ্ৰী পঢ়ি থাকোঁতে তেওঁ ছাত্ৰ ৰাজনীতিত যোগদান কৰিছিল। কলেজীয়া দিনত তেওঁ মৌলবাদী দৃষ্টিভংগীৰ এগৰাকী যুৱ নেতা আছিল আৰু বৈপ্লৱিক কাৰ্যকলাপৰ বাবে এবছৰ কাৰাগাৰত কটাইছিল। ১৯৫৯ চনত তেওঁ ইণ্ডোনেছিয়াৰ বাণ্ডুঙত অনুষ্ঠিত আফ্ৰো-এছিয়ান ছাত্ৰ সন্মিলনৰ প্ৰতিনিধি আছিল। তেওঁ কটকত ডিগ্ৰী সম্পূৰ্ণ কৰা নাছিল। ১৯৫৫ চনত তেওঁ পুৰীৰ সামন্ত চন্দ্ৰ শেখৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সমাপ্ত কৰিছিল। কলেজীয়া কালছোৱাত তেওঁ ‘জীৱনৰ স্বাদ’ নামৰ এখন উপন্যাস লিখি প্ৰকাশ কৰিছিল; এই সময়ত প্ৰকাশিত তেওঁৰ আন দুখন কিতাপ আছিল চুটি গল্পৰ সংকলন ‘বিশ্বকন্যাৰ কাহিনী’ আৰু কবিতা সংকলন ‘পদধ্বনি’। ইংৰাজী সাহিত্যত ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ৰেভেনশ্ব মহাবিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ক্ৰিষ্ট কলেজ (কটক)ত প্ৰবক্তা হিচাপে কিছু বছৰ কাম কৰাৰ পিছত, তেওঁ পুডুচেৰীৰ শ্ৰী অৰবিন্দ আশ্ৰমত যোগদান কৰে।[8] ১৯৬৩ চনৰ পৰা তেওঁ পুডুচেৰীৰ শ্ৰী অৰবিন্দ আন্তঃৰাষ্ট্ৰীয় শিক্ষা কেন্দ্ৰত ইংৰাজী সাহিত্যৰ অধ্যাপক ৰূপে কৰ্মৰত আছিল।[9]
তেওঁ ফকীৰ মোহন সেনাপতি, ব্যাস আৰু বাল্মিকীয়ে তেওঁক প্ৰভাৱিত কৰিছিল বুলি উল্লেখ কৰিছে।[10]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.