স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা From Wikipedia, the free encyclopedia
বিশ্বকৰ্মা (সংস্কৃত: विश्वकर्मान् , Viśvakarmān; অৰ্থাৎ "সকলোৰে সৃষ্টিকৰ্তা") স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা। ঋকবেদৰ মতে তেওঁ তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে।[2] তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টকৰ্তা হিচাপে গণ্য কৰা হয়।[3][4][5] তেওঁ দেৱতাৰ শিল্পী তথা তেওঁক দেৱশিল্পী হিচাপে অভিহিত কৰা হয়। বিশ্বকৰ্মা বৈদিক দেৱতা, ঋগবেদৰ ১০ম মণ্ডলৰ ৮১ আৰু ৮২ সূক্তদ্বয়ত বিশ্বকৰ্মাৰ উল্লেখ আছে। [6] ঋগবেদ অনুসৰি তেওঁ সৰ্বদৰ্শী আৰু সৰ্বজ্ঞ। তেওঁৰ চকু, মুখমণ্ডল, বাহু আৰু পদ সকলো দিশতে পৰিব্যাপ্ত। তেওঁ বাচস্পতি, মনোজৱ, বদান্য, কল্যাণকৰ্মা আৰু বিধাতা নামেৰে জনাজাত। তেওঁ ধাতা, বিশ্বদ্ৰষ্টা আৰু প্ৰজাপতি। দেৱগুৰু বৃহস্পতিৰ ভগিনী যোগসিদ্ধা তেওঁৰ মাতৃ আৰু অষ্টম বসু প্ৰভাষ তেওঁৰ পিতৃ। [7]
বিশ্বকৰ্মা | |
---|---|
স্থাপত্যবিদ্যা আৰু শিল্পৰ দেৱতা | |
বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন সেইদৰে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহন[1] | |
সম্পৰ্ক | দেৱতা |
নিবাস | বিশ্বকৰ্মা লোক |
মন্ত্ৰ | ঔঁ বিশ্বকৰ্মায়ে নমঃ |
অস্ত্ৰ | তুলাচনী, হাতুৰী আৰু অন্যান্য শিল্পৰ সঁজুলি |
সঙ্গী | গায়ত্ৰী |
সন্তান | মনু, মায়া, টুষ্টা, বিশ্বজনা, শিল্পী, সৰন্যু আৰু তেওঁৰ ছাঁ ছায়া |
আসন/বাহন | ৰাজহাঁহ বা হাতী |
বিশ্বকৰ্মা লংকা নগৰীৰ নিৰ্মাতা। তেওঁ বিশ্বভুৱন নিৰ্মাণ কৰিছে। বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কুৱেৰৰ অস্ত্ৰ, ইন্দ্ৰৰ বজ্ৰ, কাৰ্তিকৰ শক্তি আদি তেওঁ নিৰ্মাণ কৰিছিল। শ্ৰীক্ষেত্ৰৰ প্ৰসিদ্ধ জগন্নাথৰ মূৰ্তিও তেওঁ নিৰ্মাণ কৰিছিল। তদুপৰি বিভিন্ন মন্দিৰ আৰু ৰাজপ্ৰসাদ তেওঁ নিৰ্মাণ কৰিছে বুলি প্ৰবাদ আছে।
বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়।[8][9] এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.