বাবৰি শাক (ইংৰাজী: [1]Garland chrysanthemum, crown daisy, chrysanthemum greens, edible chrysanthemum, chop suey green, Japanese-green; বৈজ্ঞানিক নাম: Glebionis coronaria) হৈছে সপুষ্পক উদ্ভিদ গণৰ এচটাৰ প্ৰজাতিৰ এবিধ তৃণ জাতীয় উদ্ভিদ। বাবৰি শাক বেলিফুল পৰিয়ালৰ অন্তৰ্ভুক্ত।[2][3][4][5][6][7]
বাবৰি শাক | |
---|---|
এডৰা বাবৰি শাক | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Asterales |
পৰিয়াল: | Asteraceae |
গণ: | Glebionis |
প্ৰজাতি: | Glebionis coronaria |
বৈজ্ঞানিক নাম | |
G. coronaria (L.) Cass. ex Spach | |
সমাৰ্থক | |
তালিকা
|
বাবৰি শাকৰ গছ ১০০ৰ পৰা ১২০ চেণ্টিমিটাৰ পৰ্যন্ত দীঘল হয়। কাণ্ডবোৰ থিয় আৰু কুমলীয়া। সাৰুৱা মাটিত প্ৰচুৰ পৰিমাণে ডাল-পাত গজি জোপোহা হয়। ইয়াৰ পাতবোৰ খাঁজ কটা।[8] পুলি অৱস্থাত কমকৈ আৰু ডাঙৰ হ'লে খাঁজবোৰ বেছি স্পষ্ট হয়। ফুলৰ ৰঙ সাধাৰণতে হালধীয়া, কিছুমান হালধীয়া কেন্দ্ৰ বিশিষ্ট বগা পাহীৰ ফুল ফুলাও দেখা যায়। ডেইজি আৰু চন্দ্ৰমল্লিকা ফুলৰ সৈতে ইয়াৰ ফুলবোৰৰ যথেষ্ট মিল দেখা যায়। ফুলৰ মধ্য অংশত এটা চকৰি থাকে, চকৰিৰ চাৰিওফালে পাপৰিবোৰ লাগি থাকে। পাপৰিসহ একোটা ফুলৰ ব্যাস ৪-৫ চেণ্টিমিটাৰ পৰ্যন্ত হয়। ফুলৰ বীজবোৰ ক্ষুদ্ৰ আকাৰৰ।
বাবৰি শাকৰ উৎপত্তি ভূমধ্যসাগৰীয় অঞ্চল[9] আৰু পূব এচিয়া। ইউৰোপ, উত্তৰ আফ্ৰিকা আৰু এচিয়াৰ বিভিন্ন দেশত বাবৰি শাকৰ বিস্তৃতি দেখা যায়। জাপান, কোৰিয়া, ভিয়েটনাম, থাইলেণ্ড, ভাৰত, উত্তৰ আমেৰিকা আদি অঞ্চলত বাবৰি শাকৰ খেতি কৰা হয়।[10][11] ভাৰতৰ দিল্লী, কৰ্ণাটক, নাগপুৰ, উত্তৰ-পূৱ অঞ্চল যেনে পশ্চিম বংগ, অসমত এই শাকৰ খেতি সীমাবদ্ধ হৈ পৰিছে।
শাক হিচাপে বাবৰি এবিধ পুষ্টিকৰ খাদ্য। বাবৰি শাকৰ সহায়ত বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন বনাব পৰা যায়। অসমত প্ৰধানকৈ বাবৰি শাক আলু, মাছ বা কণীৰ সৈতে ভাজি খোৱা হয়। বাবৰি শাকত বিভিন্ন প্ৰকাৰৰ খাদ্যপ্ৰাণ থকা বাবে এই শাকৰ আঞ্জা স্বাস্থ্যৰ বাবে উপকাৰী। চীনত ভাজি, জাপান আৰু কোৰিয়াত বাবৰি শাকৰ চুপ বনাই খোৱা হয়। সাধাৰণতে ফুল ফুলাৰ পিছত বাবৰি শাক খাবৰ বাবে ব্যৱহাৰ কৰা নহয়। এই শাকৰ ফুল আৰু পাতৰ এটা বিশেষ গোন্ধ আছে এই ফুল আৰু পাত শুকুৱাই ইয়াক গৰম পানীত উতলাই চীন দেশত এই পানীয় জ্বৰ বা ইনফ্লুৱেঞ্জা ৰোগীক খাবলৈ দিয়ে। বাবৰি শাকে তেজৰ কলেষ্টৰেলৰ মাত্ৰা কামত সহায় কৰে। চিফিলিচ আৰু গনোৰিয়া ৰোগৰ বাবেও বাবৰি শাক উপকাৰী। বাবৰিশাক কৃমি নাশক। এই শাকবিধৰ খাবৰ বাবে যোগ্য অংশত যথেষ্ট পৰিমাণে খনিজ, ভিটামিন সহ পটাছিয়াম (৬১০ মিগ্ৰা/১০০ গ্ৰাম) আৰু প্ৰতি ১০০ গ্ৰাম শাকত ৩.৪ কেৰোটিন থাকে। ইয়াৰ উপৰিও, উদ্ভিদ বিধত বিভিন্ন এণ্টিঅক্সিডেণ্ট (কাণ্ড, পাত আৰু মূল কলাত) থাকে যাৰ মানৱ স্বাস্থ্যৰ বাবে সম্ভাৱ্য দীৰ্ঘম্যাদী লাভালাভ আছে। অৱশ্যে বাবৰি শাকৰ বিষাক্ত (ডিঅক্সিন) গুণো পোৱা গৈছে। চি. কৰোনাৰিয়াম ভাৰ. স্পাটিওচমে এক লাভজনক মানৱ অন্ত্ৰৰ বেক্টেৰিয়া লেক্টোবেচিলাছ কেচি-ৰ বিকাশ প্ৰতিহত কৰে।[12]
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত | |
---|---|
শক্তি | 99 কিলোজুল (24 কিলোকেলৰি) |
শৰ্কৰাসমূহ | 3.02 g |
- খাদ্য আঁহ | 3 g |
চৰ্বী | 0.56 g |
প্ৰ’টিন | 3.36 g |
ভিটামিন এ সমতুল্য | 116 μg (15%) |
- বিটা-কেৰটিন | 1380 μg (13%) |
- লিউটিন and জিয়াক্সনথিন | 3834 μg |
থায়েমিন (ভিটামিন বি১) | 0.13 mg (11%) |
Rৰাইবফ্লভিন (ভিটামিন বি২) | 0.144 mg (12%) |
নিয়াচিন (ভিটামিন বি৩) | 777 mg (5180%) |
পেণ্টথেনিক এচিড (বি৫) | 0.221 mg (4%) |
ভিটামিন বি৬ | 0.176 mg (14%) |
ফলেট (ভিটামিন বি৯) | 177 μg (44%) |
ভিটামিন চি | 1.4 mg (2%) |
ভিটামিন কে | 350 μg (333%) |
কেলচিয়াম | 117 mg (12%) |
লো | 2.29 mg (18%) |
মেগনেছিয়াম | 32 mg (9%) |
মেংগানিজ | 0.943 mg (45%) |
ছডিয়াম | 118 mg (8%) |
জিংক | 0.71 mg (7%) |
Link to USDA Database entry শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ. পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে। উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ |
- বাবৰি শাক (ইজৰাইল)
- ফুলি থকা বাবৰি গছ (ইজৰাইল)
- বাবৰিৰ বগা ফুল
- হালধীয়াবোৰ
- শাক হিচাপে
- বাবৰি শাকৰ ডৰা
- কলি সহ এপাহ পূৰ্ণাংগ ফুলৰ তলৰ অংশ
- বাবৰি ফুল (অসম)
- কণীৰ সৈতে বাবৰি শাকৰ ভাজি (অসম)
- বাবৰি ফুলৰ কলি
- বাবৰিৰ গুটি
- এখিলা পূৰ্ণাংগ পাত
- মৰহি পাপৰি সৰি যোৱা এপাহ বাবৰি ফুল
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.