উদ্ভিদৰ প্ৰজাতি From Wikipedia, the free encyclopedia
নুনী White mulberry | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Morus |
প্ৰজাতি: | M. alba |
দ্বৈৰাশিক নামকৰণ | |
Morus alba L. 1753 | |
Subspecies | |
| |
সমাৰ্থক[1] | |
|
নুনী (ইংৰাজী: white mulberry, silkworm mulberry, বৈজ্ঞানিক নাম: Morus alba)[2] সৰুৰ পৰা মজলীয়া আকাৰৰ এবিধ moraceae পৰিয়ালৰ উদ্ভিদ। ই প্ৰায় ১০–২০ মিটাৰ (৩৩–৬৬ ফুট) ওখ হ'ব পাৰে। তুলনামূলকভাৱে নুনী গছৰ আয়ুসকাল কম যদিও কোনো কোনো ক্ষেত্ৰত ই ২৫০ বছৰ পৰ্যন্ত জীয়াই থকাৰ উদাহৰণ পোৱা যায়।[3] এই প্ৰজাতিটো ভাৰত[4] আৰু মধ্য চীনৰ থলুৱা উদ্ভিদ।[5] বাকী স্থান, যেনেঃ আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো, অষ্ট্ৰেলিয়া, কিৰ্গিজস্তান, আৰ্জেণ্টিনা, তুৰ্কী, ইৰাণ আদি দেশতো ইয়াৰ খেতি প্ৰচুৰ পৰিমাণে কৰাৰ লগতে প্ৰাকৃতিককৰণ কৰি তোলা হৈছে।[6] [7][8][9][10][11]
নুনী গছৰ খেতি ৰেচম সূতাৰ বাণিজ্যিক উৎপাদনৰ বাবে পলুক খুৱাবলৈ বুলি কৰা হয়। নুনীফুলৰ ৰেণুৰ তড়িৎ গতিৰ বিস্তাৰৰ বাবেও (শব্দৰ গতিবেগৰ আধাতকৈয়ো বেছি) ই বিশেষভাৱে পৰিচিত।[12] নুনীগছৰ পকা ফল খাদ্য হিচাপে গ্ৰহণ কৰা হয়।
কম বয়সীয়া ডালত পাতবোৰ ৩০ চে.মি. (১২ ইঞ্চি) পৰ্যন্ত দীঘল আৰু জটিল খাঁজযুক্ত হ'ব পাৰে। পুৰণি গছৰ পাতবোৰ সাধাৰণতে ৫–১৫ চে.মি. (২-৫.৯ ইঞ্চি) পৰ্যন্ত হ'ব পাৰে। সাধাৰণতে নাতিশীতোষ্ণ অঞ্চলত গছবোৰ পৰ্ণপাতী হয় যদিও গ্ৰীষ্মমণ্ডলীয় অঞ্চলত গজা গছবোৰ চিৰসেউজ হ’ব পাৰে।
ফুলবোৰ একক লিংগৰ কেশৰবিশিষ্ট। পুংকেশৰ ২–৩.৫ চে.মি. (০.৮–১.৪ ইঞ্চি) আৰু গৰ্ভকেশৰ ১–২ চে.মি. (০.৪–০.৮ ইঞ্চি) দীঘল। মতা আৰু মাইকী ফুল সাধাৰণতে পৃথক পৃথক গছত পোৱা যায় যদিও ই একেজোপা গছতো থাকিব পাৰে।[13][14] একোটা ফল ১–১.৫ চে.মি.(০.৪–০.৬ ইঞ্চি) দীঘল হয়। বনৰীয়া গছৰ ফল গাঢ় বেঙুনীয়া ৰঙৰ হয় যদিও বহুতো কৃষিজাত ফল বগাৰ পৰা গোলাপী ৰঙলৈকে ভিন্ন হয়। ৰঙা নুনী আৰু ক'লা নুনীৰ অধিক গাঢ় সোৱাদৰ বিপৰীতে ই মিঠা কিন্তু মৃদু। ফলভক্ষী চৰাইৰ মলৰ দ্বাৰা বীজবোৰ বহুলভাৱে বিস্তাৰিত হৈ পৰে।[6][7][15]
ৰেচমৰ পলুৱে খাবৰ বাবে নুনীগছৰ খেতি ৪৭০০ বছৰতকৈও অধিক কালৰ আগতে চীনত আৰম্ভ হৈছিল আৰু তাৰ পিছৰ পৰা আন দেশতো ইয়াক প্ৰৱৰ্তন কৰা হৈছে। প্ৰাচীন গ্ৰীক আৰু ৰোমানসকলে ৰেচমৰ পলুৰ বাবে নুনীৰ খেতি কৰিছিল। কমেও ২২০ খ্ৰীষ্টাব্দৰ পৰাই সম্ৰাট এলাগাবালাছে ৰেচমৰ চোলা পিন্ধিছিল।[16] দ্বাদশ শতিকাত ইউৰোপৰ অন্যান্য অংশত আৰু পঞ্চদশ শতিকাত স্পেইনৰ বিজয়ৰ পিছত লেটিন আমেৰিকালৈ ইয়াক বহন কৰি নিয়া হয়।[17] ২০০২ চনত চীনত ৬,২৬০ কিলোমিটাৰ বৰ্গফুট ভূমি এই প্ৰজাতিটোৰ খেতিৰ বাবে নিয়োজিত কৰা হৈছিল।[7]
ভাৰতীয় উপমহাদেশৰ পৰা[7] পশ্চিমে আফগানিস্তান আৰু ইৰাণৰ মাজেৰে দক্ষিণ ইউৰোপলৈকে ৰেচমৰ পলুক খাদ্য যোগান ধৰিবলৈ পাতৰ বাবে ইয়াক হাজাৰ বছৰতকৈও অধিক সময় ধৰি বহুলভাৱে খেতি কৰা হৈছে।[15]
শেহতীয়াকৈ ই উত্তৰ আমেৰিকাৰ বহু অংশৰ চহৰ অঞ্চলৰ লগতে পথৰ কাষ আৰু অৰণ্য প্ৰান্তৰ দৰে বিক্ষিপ্ত অঞ্চলত ব্যাপকভাৱে প্ৰাকৃতিক হৈ পৰিছে, য'ত ই স্থানীয়ভাৱে স্থানীয় ৰঙা নুনীৰ (Morus rubra) সৈতে সহজেই বৰ্ণ-সংকৰিত হয়। কিছুমান অঞ্চলত এনে ব্যাপক সংকৰকৰণৰ বাবে ৰঙা নুনীৰ দীৰ্ঘম্যাদী জিনীয় স্থিতিশীলতাৰ বাবে এতিয়া গুৰুতৰ চিন্তাৰ সৃষ্টি হৈছে।[18]
এই প্ৰজাতিটো এতিয়া বিশ্বৰ সমগ্ৰ উষ্ণ নাতিশীতোষ্ণ আৰু উপবাৰ্কটিক অঞ্চলতো ব্যাপকভাৱে ৰোপণ আৰু ব্যাপকভাৱে প্ৰাকৃতিককৰণ কৰা হৈছে। ই ৪,০০০ মিটাৰ (১৩,০০০ ফুট) পৰ্যন্ত উচ্চতাত জীয়াই থাকিব পাৰে। নুনী গছ মৃদু এচিডিক, ভালদৰে পানী নিষ্কাশন কৰা, বালিচহীয়া মাটিত ভাল হয় যদিও ইহঁতে অন্য মাটিতো জীৱন ধাৰণ কৰিব পাৰে।[17]
নুনীৰ পাত ৰেচম পলুৰ বাবে পছন্দৰ খাদ্য। খৰাঙৰ ফলত গছ-গছনিৰ উপলব্ধতা বাধাগ্ৰস্ত হোৱা অঞ্চলত পশুধনৰ (গৰু, ছাগলী আদি) খাদ্যৰ বাবেও ইয়াক ব্যৱহাৰ কৰিব পাৰি। কোৰিয়াত নুনীৰ পাতৰ পৰা চাহ প্ৰস্তুত কৰা হয়। ফলসমূহো শুকুৱাই বা মদ তৈয়াৰ কৰি খোৱা হয়।[7][15]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.