Remove ads
হিন্দু উৎসৱ From Wikipedia, the free encyclopedia
ছট পূজা বা ছঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ষঠ পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ।[1][2][3][4] প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ছট বা ছঠ পূজা অনুষ্ঠিত কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ছঠ ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী ঊষা আৰু সন্ধ্যা। কিছুমানৰ মতে ঊষাদেৱীক ছঠি মাইয়া বুলি মূল আৰাধ্য দেৱী বুলি গণ্য কৰা হয়। তেওঁ সূৰ্য দেৱতাৰ আটাইতকৈ সৰু ঘৈণী আছিল বাবে ছটি মাইয়া (সৰু মা) বোলে আৰু উৎসৱৰ নামো ছট উৎসৱ বোলে। আনহাতে কিছুমানৰ মতে ষষ্ঠী তিথিত অনুষ্ঠিত হোৱা বাবে ষষ্ঠী শব্দৰ পৰায়ে উৎসৱটোৰ নাম ছঠ বা ছট হৈছে।[5] মূলতঃ হিন্দু উৎসৱ যদিও কিছুমান মুছলমান বা আন ধৰ্মৰ মানুহেও এই পূজা অনুষ্ঠিত কৰে।[6]
এই পূজাৰ নীতি-নিয়ম চাৰিদিন পালন কৰা হয়।[7] ইয়াৰ ৰীতি সমূহৰ ভিতৰত পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, বহু সময় পানীত সোমাই থকা, সূৰ্য প্ৰাৰ্থনা আৰু উদিত আৰু মাৰ যোৱা সূৰ্যক অৰ্ঘ্য প্ৰদান।[8] এই পূজাত কিছুমান ভক্তয়ে নদীৰ ঘাটলৈ যাওঁতে বাগৰি বাগৰি যোৱাৰ দৃশ্য দেখা যায়।[9]
এই পূজাৰ কেতিয়া উৎপত্তি হৈছিল তাৰ কোনো স্পষ্ট নিদৰ্শন পোৱা নাযায়। কিন্তু কিছুমান পৌৰাণিক আখ্যানত ছঠ পূজাৰ নীতি নিয়মৰ লগত মিল থকা উৎসৱ দেখা যায়। ঋকবেদতৰ শ্লোকসমূহত সূৰ্য বন্দনাৰ স্পষ্ট নিদৰ্শন আছে। ভাৰতীয় সভ্যতাৰ লগতে গ্ৰীক, ৰোমান, ইজিপ্ট আদিৰ সভ্যতাসমূহতো সূৰ্য মুখ্য দেৱতা আছিল। সেইদৰে ঊষায়ো বৈদিক দেৱী। বেদত উল্লেখ থকা মতে তেওঁ হৈছে পুৱাৰ দেৱী আৰু অশ্বিন সকলৰ মাতৃ। অগ্নি, সোম আৰু ইন্দ্ৰ আদি দেৱতাসকলৰ পিছত তেঁৱে হৈছে আটাইতকৈ উল্লেখযোগ্য বৈদিক দেৱী। ৰাত্ৰি হৈছে তেওঁৰ ভগ্নী যিয়ে হয়তো পিছলৈ পৌৰাণিক যুগত সন্ধ্যা আৰু ছায়া ৰূপত কল্পয়িত কৰা হ’ল। ৰামায়ণত উল্লেখ থকাৰ মতে ৰামৰ কুলদেৱতা সূৰ্যৰ বাবে ৰাম আৰু সীতায়ে এই পূজা কৰিছিল। মহাভাৰতত উল্লেখ থকাৰ মতে দ্ৰৌপদীয়ে ধম্য ঋষিৰ উপদেশৰ মতে সূৰ্যক আৰাধনা কৰি অক্ষয় পাত্ৰ লাভ কৰিছিল। লগতে মহাবীৰ কৰ্ণয়ে কঁকাললৈকে পানীত সোমাই সূৰ্য উপাসনা কৰা উল্লেখ আছে। আজিও ছঠ পূজা উদযাপন কৰা সকলে কঁকালৰ লৈকে পানীত নামি সূৰ্য বন্দনা কৰা দেখা যায়। আন এক আখ্যান মতে পাণ্ডুয়ে ঋষি হত্যাৰ পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে পত্নী কুন্তী আৰু মাদ্ৰীৰ লগত বনত থাকোঁতে পুত্ৰ প্ৰাপ্তিৰ বাবে সৰস্বতী নদীৰ পাৰত সূৰ্য উপাসনা আৰু ব্ৰত কৰিছিল।
পুৰাণৰ মতে প্ৰথম মনু প্ৰিয়বতৰ কোনো সন্তান নাছিল। সেয়ে তেওঁৰ পিতৃ কাশ্যপ মুনিয়ে পুত্ৰেষ্ঠী যজ্ঞ কৰিবলৈ পৰামৰ্শ দিলে। ইয়াৰ ফলত তেওঁৰ ঘৈণী মালিনীয়ে মৃত পুত্ৰ এটি জন্ম দিলে। মৃত শিশু দেখি তেওঁলোকে বিলাপ কৰি থাকোঁতে আকাশৰ পৰা এগৰাকী দিব্য কন্যা প্ৰকট হ’ল। তেওঁ নিজকে ব্ৰহ্মাৰ মানস পুত্ৰী বুলি চিনাকি দিলে আৰু মৃত পুত্ৰক স্পৰ্শ কৰাৰ লগে লগে সি জী উঠিল। এতিয়াও ঊষা দেৱী বা ছঠি মাইয়াৰ মূৰ্তি কোলাত কেঁচুৱালৈ থকা অৱস্থাত কল্পনা কৰা হয় আৰু পুত্ৰ প্ৰাপ্তিৰ বাবে ব্ৰত উপাসনা কৰা হয়।
তদুপৰি লৌকিক দেৱী হিচাপে আন বহুতো লোককথা আখ্যান হিচাপে মানুহৰ মুখে মুখে চলি আহিছে।
ছঠ পূজাত কোনো মূৰ্তি উপাসনাৰ ঠাই নাই। ইয়াত ডুবিত আৰু উদিত সূৰ্যক পূজা কৰা হয়। আজিকালি পূজা অনুষ্ঠিত কৰা সমিতিসকলে ঘাটৰ ওচৰত সূৰ্য আৰু ঊষাৰ মূৰ্তি প্ৰতিষ্ঠা কৰা দেখা যায়। পূজাৰ দুদিন আগত লাও ভাত আৰু আৰু এদিন আগত খিৰ ভাত খোৱাৰ লগতে ৩৬ ঘণ্টাৰ এক কঠোৰ ব্ৰত পালন কৰা হয়। পূজাত সম্পূৰ্ণ সাত্বিক নৈবেদ্য আদি কূলা, ডলা বা পাচিত ৰাখি উচৰ্গা কৰা হয়। বিভিন্ন ফল মূল, মিঠাই আদিৰ লগতে পৰম্পৰাগত বিহাৰী লোকখাদ্য "ঠেকুৱা" প্ৰস্তুত কৰি নৈবেদ্য ৰূপে আগবঢ়োৱা হয়।[10] এই সময়ত নিমখ-নহৰু বৰ্জিত সম্পূৰ্ণ নিৰামিষ খাদ্য গ্ৰহণ কৰা হয়। পূজাৰ শেষত আত্মীয় স্বজন, প্ৰতিবেশীক প্ৰসাদ বিলোৱা এই পূজাৰ অন্যতম নিয়ম। এই পূজাত কিছুমানে বাগৰি বাগৰি নদীৰ ঘাটলৈ গৈ পূজা কৰাৰ দৃশ্যয়ো দেখিবলৈ পোৱা যায়।[11]
বৰ্তমান এই পূজা এক সৰ্বজনীন ৰূপ লৈছে। বিভিন্ন ভাষা ভাষী, ধৰ্ম সম্প্ৰদায়ৰ মানুহে এই পূজাৰ মাহাত্ম্য উপলব্ধি কৰি আঁকোৱালি লৈছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.