অসমৰ ব্যৱস্থাপনা আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান From Wikipedia, the free encyclopedia
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ (ইংৰাজী: Girijananda Chowdhury Institute of Management and Technology, Tezpur, চমুকৈ জি আই এম টি, তেজপুৰ) ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অসমৰ এখন অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান। ২০১১ চনত শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ সমীপত ডেকাৰগাঁও কুন্দাৰবাৰী অঞ্চলত ইয়াক প্ৰতিষ্ঠা কৰা হয়।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ | |
---|---|
মূলমন্ত্ৰ | "Truth, Discipline & Excellence" |
স্থাপিত | আগষ্ট'২০১১ |
ধৰণ | পাব্লিক-প্ৰাইভেট-পাটনাৰশ্বিপ (PPP) |
অধ্যক্ষ | ড° বিশ্বৰূপ শইকীয়া |
ডীন | কেপ্তেইন মুকুল কুমাৰ দাস (Administrative), দিপাল বৰুৱা (Academic) |
সঞ্চালক | অধ্যাপক পি. কে. ব্ৰহ্ম |
শৈক্ষিক কৰ্মচাৰী | ৬০ (approximately) |
স্নাতক শিক্ষাৰ্থী | ৬০০ (চৰকাৰী আসন প্ৰতি বৰ্ষত ৩৩ খন)(approximately) |
স্থান | ডেকাৰগাওঁ, কুন্দাৰবাৰী,তেজপুৰ, পিন-৭৮৪৫০১, অসম, ভাৰত |
চৌহদ | গ্ৰাম্য প্ৰধান |
Acronym | GIMT-Tezpur |
ভুক্তি | অল ইণ্ডিয়া কাউন্সিল অৱ টেকনিকেল এডুকেশ্যন (চমুকৈ AICTE) (2011-বৰ্তমানলৈকে) অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (2013-present) গুৱাহাটী বিশ্ববিদ্যালয় (2011-2016) |
ৱেবছাইট | www |
জি আই এম টি তেজপুৰ হৈছে শ্ৰীমন্ত শংকৰ একাডেমী ছ’ছাইটিৰ অধীনস্থ দ্বিতীয় অভিযান্ত্ৰিক মহাবিদ্যালয়। এই মহাবিদ্যালয় শোণিতপুৰ জিলাৰ তেজপুৰৰ ডেকাৰগাৱৰ কুন্দাৰবাৰী ৰাজহ গাঁৱৰ ঔদ্যোগিক অঞ্চলত অৱস্থিত । ডেকাৰগাৱ ৰেলৱে স্টেচনৰ সমীপতে এই প্ৰতিষ্ঠানটি অৱস্থিত ।
অল ইণ্ডিয়া কাউন্সিল অৱ টেকনিকেল এডুকেশ্যন (চমুকৈ AICTE) ৰ অনুমোদন ক্ৰমে তিনিটা অভিযান্ত্ৰিক বিভাগ: চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেলৰ বাবে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি ৰাজ্যিক ভিত্তিত অনুষ্ঠিত Common Entrance Examination ৰ ফলাফলৰ ভিত্তিত আৰম্ভ কৰা হয়। প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তভুক্ত প্ৰতিষ্ঠানটি বৰ্তমানে অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অন্তভুক্ত। [1]
গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অধিনত এই প্ৰতিষ্ঠানখনে স্নাতক পৰ্যায়ত পাঠ্যক্ৰম আগবঢ়ায়। অভিযান্ত্ৰিক বিষয়ত চাৰিবছৰীয়া স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম আগবঢ়োৱা বিভাগসমূহ হৈছে:
পাঠ্যক্ৰমৰ বিভিন্ন দিশ পুৰ্ণ কৰিবৰ বাবে প্ৰতিষ্ঠানটিত বিভিন্ন বিভাগ আছে ।বিভিন্ন বিভাগৰ অধীনত প্ৰায় ২৩টা পৰীক্ষাগাৰ আছে।
প্ৰতিষ্ঠানটিৰ প্ৰশিক্ষণ ও নিয়োগ কোষৰ কাম গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ সৈতে যুটীয়া ভাৱে পৰিচালিত হয় । সৌৰভ মজিন্দাৰ বৰুৱা দুয়োটি প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ ও নিয়োগ বিষয়া ।তেজপুৰ প্ৰতিষ্ঠানৰ নিয়োগকাৰী বিভিন্ন কোম্পানী তথা প্ৰতিষ্ঠান সমূহ হৈছে -
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.