সংঘ লোক সেৱা আয়োগ
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
সংঘ লোক সেৱা আয়োগ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত কেন্দ্ৰীয় সংস্থা যি অসামৰিক সেৱা পৰীক্ষা, অভিযান্ত্ৰিক সেৱা পৰীক্ষা, চিকিৎসা সেৱা পৰীক্ষা, ৰাষ্ট্ৰীয় সামৰিক একাডেমী পৰীক্ষা (এন ডি এ) আদি গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰে।
সংঘ লোক সেৱা আয়োগ (ইউ. পি. এছ. চি.) | |
---|---|
চমু নাম | ইউ. পি. এছ. চি. |
প্ৰতিষ্ঠা | ১ অক্টোবৰ ১৯২৬ |
ধৰণ | ভাৰত চৰকাৰ |
প্ৰধান কাৰ্যালয় | ধলপুৰ হাউচ, শ্বাহ জাহান ৰোড, নতুন দিল্লী |
অঞ্চল | ধলপুৰ হাউচ, শ্বাহ জাহান ৰোড, নতুন দিল্লী, ১১০০৬৯ |
সেৱা ক্ষেত্ৰ | ভাৰত |
অধ্যক্ষ | শ্ৰী ডেভিদ ৰেইড চায়েমলি |
মাতৃ সন্থা | ভাৰত চৰকাৰ |
ৱেবছাইট | upsc |
১৯২৪ চনত ভাৰতত ব্ৰিটিছ শাসনৰ সময়ত উৎকৃষ্ট লোক সেৱাৰ ভিত্তিত ল'ৰ্ড লীৰ অধ্যক্ষতাত গঠিত তদানীন্তন ৰাজকীয় আয়োগে ভাৰতত ৰাজহুৱা সেৱা আয়োগ গঠনৰ প্ৰতিবেদন আগবঢ়াই । ইয়াৰ ফলত ১৯২৬ চনত ছাৰ ৰ'ছ বাৰ্কাৰৰ অধ্যক্ষতাত ভাৰতৰ প্ৰথমখন লোকসেৱা আয়োগ গঠন হয় । কিন্তু উক্ত আয়োগক ব্ৰিটিছ চৰকাৰে সীমিত পৰামৰ্শমূলক শক্তি আগবঢ়াইছিল, যি ভাৰতীয় মুক্তি যোদ্ধা সকলে প্ৰবল বিৰোধিতা কৰিছিল । ১৯৩৫ চনত গঠিত "গৱৰমেন্ট অৱ ইণ্ডিয়া এক্ট"ৰ ফল স্বৰূপে উক্ত আযোগক সমন্ধীয় লোক সেৱা আয়োগ (ফেডাৰেল পাব্লিক ছাৰ্ভিছ কমিশ্ব্যন) হিচাপে নতুনকৈ নামাকৰণ কৰা হ্য় । স্বাধীনতাৰ পাছত উক্ত আয়োগৰ "সংঘ লোক সেৱা আয়োগ" (ইউনিয়ন পাব্লিক ছাৰ্ভিছ কমিশ্ব্যন) হিচাপে আত্মপ্ৰকাশ ঘটে আৰু ২৬ জানুৱাৰী ১৯৫০ চনত ইয়াক সাংবিধানিক মৰ্য্যদা প্ৰদান কৰা হ্য় ।
"ইউ.পি.এছ.চি."ৰ এজন অধ্যক্ষসহ দহ জন সদস্য থাকে। উক্ত আয়োগৰ নীতি-নিৰ্দেশনা "সংঘ লোক সেৱা আয়োগ (সদস্য) অধিনিয়ম,১৯৬৯"ৰ ভিত্তিত পৰিচালিত হয়। আয়োগৰ অধ্যক্ষ আৰু আন সদস্যবোৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিয়োগ কৰা হয়। আয়োগৰ কমেও আধাখিনি সদস্য প্ৰাক্তন বা বৰ্তমানৰ অসামৰিক বিষয়া যাৰ কেন্দ্ৰীয় বা ৰাজ্যিক প্ৰসাশনীয় ক্ষেত্ৰত কমেও দহ বছৰৰ অভিজ্ঞতা আছে।
বৰ্তমান (১৫ জানুৱাৰী লৈকে) উক্ত আয়োগত এজন অধ্যক্ষৰ উপৰি আঠ জন সদস্য আছে৷[1]তেওঁলোক হৈছে—
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.