এ. আৰ. ৰহমান, সম্পূৰ্ণ নাম আল্লাহ ৰাখা ৰহমান (তামিল: ஏ. ஆர். ரகுமான்; pronunciation (সহায়·তথ্য)) হ'ল এজন প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ। তামিলনাডুৰ চেন্নাইত এটা মধ্যবিত্ত তামিল পৰিয়ালত এ. আৰ. ৰহমানৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আৰ. কে. শেখৰ আৰু মাতৃৰ নাম কৰীমা বেগম। সংগীত জগতখনত তেখেতে লাভ কৰা বঁটাবোৰৰ ভিতৰত দুটা একাডেমী বঁটা, দুটা গ্ৰেমী বঁটা, এটা বাফটা বঁটা, এটা গ'ল্ডেন গ্ল'ব বঁটা, চাৰিটা ৰাষ্ট্ৰীয় বঁটা, পোন্ধৰটা ফিল্ম ফেয়াৰ বঁটা আৰু তেৰটা ফিল্ম ফেয়াৰ বঁটা দক্ষিণ। সংগীতৰ ক্ষেত্ৰখনত ৰহমানৰ অতুলনীয় কাৰ্যৰ বাবে তেখেতক “মাড্ৰাজৰ মোজাৰ্ট” (ইংৰাজী: The Mozart of Madras) হিচাপে জনা যায়। তদুপৰি তামিল কমেণ্টেটৰ আৰু তেওঁৰ শুভাকাংক্ষীবোৰে তেখেতক “ইষাই পুয়াল” (ইংৰাজী: The Musical Storm) বুলি অভিহিত কৰিছে।
এ. আৰ. ৰহমান அ. ர. ரகுமான் | |
---|---|
হাইৱে চলচ্চিত্ৰখনৰ বাবে এখন সংবাদমেলত অংশগ্ৰহণ কৰা মুহূৰ্তত এ. আৰ. ৰহমান | |
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | এ. এছ. দিলীপ কুমাৰ |
আন নাম |
|
জন্ম | ৬ জানুৱাৰী, ১৯৬৭ (৫৭ বছৰ) চেন্নাই, তামিলনাডু, ভাৰত |
পেচা |
|
কাৰ্যকাল | ১৯৮৭–বৰ্তমান |
পিতৃ-মাতৃ |
|
ৱেবছাইট | arrahman |
প্ৰাৰম্ভিক জীৱন
এ. আৰ. ৰহমানে সংগীত নিজৰ পিতৃ আৰ. কে. শেখৰৰ পৰা পৈতৃক সম্পত্তি হিচাপে লাভ কৰিছিল। পাছলৈ তেখেতে প্ৰাৰম্ভিক সংগীত শিক্ষা মাষ্টৰ ধনৰাজৰ পৰা আহৰণ কৰিছিল। ৰহমানৰ ৯ বছৰ বয়সত তেওঁৰ পিতৃ আৰ. কে. শেখৰৰ মৃত্যু বৰণ ঘটে যাৰ ফলত সিহঁতৰ পৰিয়ালৰ আৰ্থিক অৱস্থা দুৰ্বল হৈ পৰে। ঘৰখন চলাই নিবৰ বাবে দেউতাকৰ বাদ্যযন্ত্ৰবোৰ বিক্ৰী কৰিব লগা হয়। ১১ বছৰ বয়সত লৰালিকালৰ বন্ধু শিৱমণিৰ সৈতে ৰহমানে বেণ্ড ৰুটছ্ আদিৰ হকে বাদ্যযন্ত্ৰ বজাইছিল। ১৯৮৯ চনত ২৩ বছৰ বয়সত ৰহমানে তেওঁৰ পৰিয়ালৰ সৈতে ধৰ্ম সলনি কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰে। এ. আৰ. ৰহমানে লণ্ডনৰ ট্ৰিনিটী কলেজ অৱ মিউজিকৰ পৰা পশ্চিমীয়া শাস্ত্ৰীয় সংগীতত ডিগ্ৰী লাভ কৰিছিল।
ব্যক্তিগত জীৱন
এ. আৰ. ৰহমান সাইৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু বৰ্তমান তেওঁলোক তিনি সন্তানৰ পিতৃ-মাতৃ। সন্তানতিনিটা হ’ল ক্ৰমে খাতিজা, ৰহীমা আৰু আমিন। সম্পৰ্কত অ. আৰ. ৰহমান সংগীত পৰিচালক জি. ভি. প্ৰকাশ কুমাৰৰ খুৰাক হয়।
কাৰ্যক্ষেত্ৰ
মানবীয় কাৰ্য
সন্মান আৰু বঁটা
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.