এথেনা বা পালাছ এথেনা (ইংৰাজী: Athena) হৈছে প্ৰাচীন গ্ৰীচৰ জ্ঞান, কুটীৰ শিল্প আৰু সমৰকলাৰ অধিষ্ঠাত্ৰী দেৱী।[2] তেওঁক পৰৱৰ্তী কালত ৰোমান দেৱী মিনাৰ্ভাৰ সমকক্ষ হিচাপে চিহ্নিত কৰা হয়। তেওঁক গ্ৰীচৰ বিভিন্ন নগৰ, বিশেষকৈ এথেন্সৰ অধিষ্ঠাত্ৰী আৰু ৰক্ষাকৰ্তা হিচাপে গণ্য কৰা হয় আৰু খুব সম্ভৱ সেইবাবেই তেওঁ এথেনা নাম পায়। শিল্পকলাসমূহত এথেনাক শিৰোস্ত্ৰাণ পৰিধান কৰা অৱস্থাত হাতত এডাল যাঠীৰে সৈতে চিত্ৰায়িত কৰা হয়। তেওঁৰ প্ৰধান চিহ্নসমূহ হৈছে ফেঁচা, জলফাইৰ গছ, সাপ আৰু গৰ্গনৰ শিৰ।

ক্ষিপ্ৰ তথ্য এথেনা Ἀθηνᾶ, নিবাস ...
এথেনা
Ἀθηνᾶ
জ্ঞান, জলফাই, বোৱা-কটা আৰু সমৰ কৌশলৰ দেৱী
Thumb
ল্যুভৰ সংগ্ৰহালয়ত থকা এথেনাৰ প্ৰতিমূৰ্ত্তি।
নিবাস অলিম্পাছ পৰ্বত
প্ৰতীক ফেঁচা, জলফাইৰ গছ, সাপ, এজিছ (জন্তুৰ ছলৰ বৰ্মবিশেষ), যুদ্ধৰ সাঁ‌জ, শিৰোস্ত্ৰাণ, যাঠী, গ'ৰ্গনৰ শিৰ
পিতৃ-মাতৃ ইলিয়াদ মতে: কেৱল জ্যুচ
থিয়'গনিৰ মতে: জ্যুচ আৰু মেটিচ[টোকা 1]
সহোদৰ এইকাচ, এঞ্জেল'ছ, এফ্ৰোডাইটি, এপ'ল', এৰিচ, আৰ্টিমিচ, ডাঅ'নিচাছ, এইলেথিয়া, এন্য', ইৰিছ, এৰছা, হেবি, ট্ৰ'য়ৰ হেলেন, হেফেষ্টাচ, হেৰাক্লিচ, হাৰ্মিচ, মিন'চ, পেণ্ডিয়া, পাৰ্চিফোনি, পাৰ্চিয়াচ, ৰেডামান্থাচ, গ্ৰেচসকল, হ'ৰেসকল, লিটেসকল, মিউজসকল, মৈৰাইসকল
সন্তান এথেন্সৰ এৰিকথ'নিয়াচ (তোলনীয়া)
ৰোমান সমাৰ্থক মিনাৰ্ভা
বন্ধ কৰক

কোনো বিশেষ স্থানৰ ৰক্ষাকৰ্তা এজিয়ান মূলৰ দেৱী হিচাপে এথেনাৰ নাম এথেন্সৰ সৈতে জড়িত হৈ আছে। তেওঁক প'লিয়াছ আৰু প'লিয়াক'ছ (অৰ্থাৎ চিটি-ষ্টেট বা নগৰ-ৰাজ্য) নামেৰেও জনা যায়। এথেনাৰ মন্দিৰসমূহ নগৰৰ মধ্যভাগত দুৰ্গৰে পৰিৱেষ্টিত এক্ৰ'প'লিছত অৱস্থিত। এথেনিয়ান এক্ৰ'প'লিছৰ পাৰ্থেননৰ লগতে বিভিন্ন মন্দিৰ আৰু স্থাপত্য এথেনাৰ প্ৰতি উচৰ্গিত। কুটীৰ শিল্প আৰু বোৱা-কটাৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে তেওঁ আৰ্গেন নামেৰেও পৰিচিত। এথেনা এগৰাকী সমৰ দেৱী আৰু এই কথা বিশ্বাস কৰা যায় যে তেওঁ সৈনিকসকলক যুদ্ধলৈ নেতৃত্ব দি আগবঢ়াই নিয়ে। পেনাথেনিয়া হৈছে এথেনাৰ প্ৰতি উৎসৰ্গিত প্ৰধান উৎসৱ আৰু এথেনিয়ান দিনপঞ্জী অনুসৰি এই উৎসৱ গ্ৰীষ্মকালৰ মাজভাগত পালন কৰা হয়।

আখ্যানসমূহ

জন্ম

এথেনা হৈছে জ্যুচৰ দুহিতা আৰু কোনো মাতৃৰ অবিহনেই জন্ম হৈ এথেনাই জ্যুচৰ কপালৰপৰা পূৰ্ণাংগ ৰূপত নিৰ্গত হয়। অন্য এক কাহিনী অনুসৰি দেৱী মেটিছ গৰ্ভৱতী অৱস্থাত থাকোঁ‌তেই জ্যুচে তেওঁক উদৰস্থ কৰে আৰু অৱশেষত এথেনা জ্যুচৰ শৰীৰৰপৰা নিৰ্গত হয়। জ্যুচৰ প্ৰিয় দুহিতা হোৱাৰ হেতুকে এথেনা যথেষ্ট শক্তিশালী আছিল।

ধ্ৰুপদী পেন্থিয়নত (ধৰ্মবিশ্বাস) জ্যুচৰ কপালৰপৰা অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত অৱস্থাত নিৰ্গত হোৱা এথেনাক জ্যুচৰ প্ৰিয় দুহিতা হিচাপে গণ্য কৰা হৈছিল।[1][3][4][টোকা 2] এথেনাৰ জন্ম কাহিনীৰ বিভিন্ন সংস্কৰণ পোৱা যায়।[1][3][5] ইলিয়াদৰ পঞ্চম খণ্ডত পোৱা উল্লেখেই আটাইতকৈ পুৰণি বুলি ধৰা হয় য'ত এৰিচে জ্যুচৰ প্ৰতি পক্ষপাতিত্বৰ অভিযোগ আনিছে কিয়নো তেওঁ এথেনাৰ পিতৃ। [6][3] এথেনা নগৰীয়া স্বভাৱশৈলীৰ হোৱাৰ লগতে সুসভ্যও যি বৰ্হিভাগৰ দেৱী আৰ্টিমিচৰপৰা বহু পৰিমাণে ভিন্ন। সম্ভৱতঃ তেওঁ এগৰাকী প্ৰাক-হেলেনিক দেৱী যাক পৰৱৰ্ত্তী কালত গ্ৰীকসকলেও মান্যতা প্ৰদান কৰে। হেচিঅ'ডৰ থিয়'গ'নিত বৰ্ণিত কাহিনী অনিসৰি,দেৱতা আৰু মৰণশীল লোকসকলৰ মাজত সবাতোকৈ জ্ঞানী মেটিচ আৰু জ্যুচ বিবাহপাশত আৱদ্ধ হয় আৰু শাৰীৰিক সম্পৰ্ক স্থাপন কৰে।[7][1][3][5] মেটিচ গৰ্ভৱতী হোৱাৰ পিছত জ্যুচ নিজৰ আসন হেৰুওৱাব লগা হোৱাৰ আশংকাত শংকিত হৈ পৰে কাৰণ গেইয়া আৰু অওৰেনচে এই কথাৰ ভৱিষ্যৎবাণী কৰিছিল যে এই মেটিচৰ সন্তান পিতৃতকৈও জ্ঞানী হ'ব।[7][1][3][5] এই কথাৰ প্ৰতিকাৰৰ অৰ্থে জ্যুচে ছল কৰি মেটিচক উদৰস্থ কৰে যদিও তেওঁ ইতিমধ্যে মেটিচে গৰ্ভধাৰণ কৰে।[7][1][3][5] খ্ৰীষ্টিয় দ্বিতীয় শতিকাত ৰচিত বিবলিঅ'টিকাৰ মতে পতি-পত্নী হোৱাৰ পৰিৱৰ্তে জ্যুচৰ সৈতে মিলনত মেটিচৰ সন্মতি নাছিল[8][5] আৰু জ্যুচৰপৰা হাত সাৰিবলৈ মেটিচে বিভিন্ন ৰূপ লৈছিল।[8][5][8][5]

এথেন্সৰ অধিষ্ঠাত্ৰী দেৱী

সমুদ্ৰৰ অধিপতি প'জাইডন আৰু এথেনাৰ মাজত হোৱা এক প্ৰতিযোগিতাৰ পিছত এথেনা এথেন্স চহৰৰ অধিষ্ঠাত্ৰী দেৱীৰূপে পৰিগণিত হয়।[9] এথেনিয়ান কেলেণ্ডাৰৰ বৰ্ষসমাপ্তিৰ অনুষ্ঠান, অৰ্থাৎ স্কাইৰাত, এথেনা আৰু প'জাইডনৰ পূজাৰীসকলে ইলুচিছ চহৰত পূজাৰ আয়োজন কৰে।[10] দুয়ো এথেনিয়ানসকলক একোটাকৈ উপহাৰ দিবলৈ একমত হয় আৰু এই সিদ্ধান্ত লোৱা হয় যে এথেনিয়ানসকলে দুয়োটা উপহাৰৰ মাজত কোনটোক প্ৰাধান্য দিব সেয়া বাছি ল'ব। প'জাইডনে মাটিত ত্ৰিশূলেৰে আঘাত কৰি এটি লুণীয়া পানীৰ সুঁ‌তিৰ জন্ম দিয়ে যি বিশেষ কোনো কামত নাহে। আনহাতে এথেনাই এথেন্সবাসীসকলক জলফাইৰ গছ উপহাৰ দিয়ে আৰু এথেন্সৰ বাসিন্দাসকলে এথেনাক নিজৰ ৰক্ষাকৰ্ত্তা আৰু অধিষ্ঠাত্ৰী দেৱীৰূপে স্বীকাৰ কৰে।

ট্ৰয়ৰ যুদ্ধ

এথেনাৰ সৈতে জড়িত অন্য এক কিংবদন্তি হৈছে পেৰিছৰ ৰায় আৰু ইলিয়াদত এই বিষয়ে চমু বৰ্ণনা আছে। [11] এপিক চাইকলৰ চাইপ্ৰিয়া নামৰ কাব্যাংশত এই বিষয়ে বিস্তৃতভাৱে বৰ্ণিত হৈছে। [11] এই কাব্যৰ মতে একিলিছৰ পিতৃ-মাতৃৰ বিবাহ অনুষ্ঠানত সকলো দেৱ-দেৱী আৰু বহুসংখ্যক মানৱক নিমন্ত্ৰণ দিয়া হয়। [11] কেৱল কন্দলৰ দেৱী ইৰিছে এই নিমন্ত্ৰণ নাপায়। [11] এই কথাত ক্ষুণ্ণ হৈ ইৰিছে দেৱীসকলৰ ফালে এটা সোণালী আপেল দলিয়াই দিয়ে য'ত লিখা আছিল "সবাতোকৈ সুন্দৰীগৰাকীৰ বাবে।" [11] এফ্ৰোডাইটি, হীৰা আৰু এথেনা তিনিও প্ৰত্যেকে নিজকে সবাতোকৈ সুন্দৰী বুলি দাবী কৰি এই আপেলটোৰ ওপৰত নীতিগত অধিকাৰ সাব্যস্ত কৰিব বিচাৰে। [11][5]

আটাইকেইগৰাকী দেৱীয়ে বিষয়টো জ্যুচৰ আগত উত্থাপন কৰে যদিও জ্যুচে কোনোবা এগৰাকী দেৱীক প্ৰাধান্য দিবলৈ নিবিচাৰি পেৰিছ নামৰ ট্ৰয়ৰ এজন ৰাজকুমাৰৰ হাতত বিচাৰৰ ভাৰ অৰ্পণ কৰে। [11][5] ইডা পৰ্বতমালাৰ জলধাৰাত স্নান কৰাৰ পিছত তিনিওগৰাকী দেৱী পেৰিছৰ সন্মুখত উপস্থিত হয়। [11] পৌৰাণিক শিল্পসমূহত এফ্ৰোডাইটিক প্ৰায়ে নগ্ন ৰূপত উপস্থাপন কৰাৰ বিপৰীতে এথেনা আৰু হীৰাক সম্পূৰ্ণ বস্ত্ৰৰে আবৃত ৰূপত চিত্ৰায়িত কৰা হৈছে। [12] অৱশ্যে নৱজাগৰণৰ পিছৰ পশ্চিমীয়া চিত্ৰসমূহত তিনিওকে নিৰাভৰণ ৰূপত অংকন কৰা হৈছে। [12]

তিনিওগৰাকী দেৱী অতীৱ সুন্দৰী আছিল আৰু সেয়ে পেৰিছে তেওঁলোকৰ মাজৰ এগৰাকীক নিৰ্বাচন কৰিবলৈ সমৰ্থ হোৱা নাছিল। গতিকে তেওঁলোকে উৎকোচৰ সহায় ল'বলগাত পৰে। [11] হীৰাই পেৰিছক সমগ্ৰ এচিয়া আৰু ইউৰোপৰ আধিপত্য প্ৰদান কৰাৰ জৰিয়তে প্ৰলোভিত কৰাৰ চেষ্টা কৰাৰ বিপৰীতে[11][5] এথেনাই তেওঁক যুদ্ধক্ষেত্ৰত খ্যাতি আৰু গৌৰৱ প্ৰদানৰ আশ্বাস দিয়ে। [11][5] কিন্তু এফ্ৰোডাইটিয়ে পেৰিছক কথা দিয়ে যে যদিহে পেৰিছে তেওঁক নিৰ্বাচন কৰে তেন্তে পৃথিৱীৰ সবাতোকৈ সুন্দৰী নাৰীগৰাকীৰ সৈতে বিবাহৰ ব্যৱস্থা কৰিব। [11][5] সেই নাৰীগৰাকী আছিল স্পাৰ্টাৰ ৰজা মেনিলাছৰ সহধৰ্মিণী ট্ৰয়ৰ হেলেন। [11] সেইমতে পেৰিছে এফ্ৰোডাইটিকে নিৰ্বাচন কৰি সোণালী আপেলটো প্ৰদান কৰে। [11][5] বাকী দুগৰাকী দেৱী এই কথাত ক্ষুণ্ণ হৈ ট্ৰয়ৰ যুদ্ধত গ্ৰীকসকলৰ পক্ষত থিয় দিয়ে। [11][5]

অন্যান্য

মেডুচাৰ গৰ্গন ৰূপ

Thumb
খ্ৰীষ্টপূৰ্ব চাৰি শতিকাত নিৰ্মিত মেডুচাৰ মুখাকৃতি

মেডুচা আছিল এথেনাৰ এথেন্সস্থিত মন্দিৰৰ এগৰাকী সেৱিকা। [13] এদিন প'জাইডন কামাসক্ত হৈ মেডুচাক তেওঁৰ কুমাৰীত্বৰ প্ৰতিজ্ঞা ভাঙি এথেনাৰ মন্দিৰৰ ভিতৰতে বলাৎকাৰ কৰে। [13][13] এই কথাৰ সম্ভেদ পাই এথেনাই মেডুচাক চুলিৰ ঠাইত সাপৰ মূৰ থকা এক গৰ্গনলৈ ৰূপান্তৰিত কৰে যাৰ দৃষ্টিত যিকোনো মৰণশীল জীৱ শিলত পৰিণত হয়। [13]

টিৰেচিয়াছৰ দৃষ্টিহৰণ

অন্য এক কিংবদন্তি মতে, এদিন এথেনাই হেলিকন পৰ্বতমালাৰ এক জলধাৰাত তেওঁৰ অন্যতম প্ৰিয় সংগী বনদেৱতা (নিম্ফ) চেৰিক্ল'ৰ সৈতে স্নান কৰি আছিল। [5][14] সেই সময়তে চিকাৰ কৰিবৰ বাবে অহা চেৰিক্ল'ৰ পুত্ৰ টিৰেচিয়াছে তৃষ্ণাতুৰ হৈ পানীৰ সন্ধানত আহি এথেনাক বিবসনা ৰূপত প্ৰত্যক্ষ কৰে। [5][14] সেয়ে এথেনাই নাচাবলগীয়া দৃশ্য পুনৰ নেদেখিবৰ বাবে টিৰেচিয়াছৰ দৃষ্টিশক্তি কাঢ়ি লয়। [5][14][15] চেৰিক্ল'ই পুত্ৰৰ দৃষ্টিশক্তি ঘূৰাই দিবলৈ কাকূতি কৰাত এথেনাই এই বিষয়ে অপাৰগতা প্ৰকাশ কৰি [5][15][14][5][15][14] দৃষ্টিশক্তিৰ পৰিৱৰ্তে টিৰেচিয়াছক চৰাই-চিৰিকটিৰ ভাষা বুজি পাই ভৱিষ্যৎবাণী কৰিব পৰাৰ শক্তি প্ৰদান কৰে। [16][14][5]

এৰেকনিৰ প্ৰতিযোগিতা

Thumb
মিনাৰ্ভা (এথেনা) আৰু এৰেকনি

এৰেকনি (প্ৰাচীন গ্ৰীক ভাষাৰ অৰ্থ মকৰা)[17]) লিডিয়াৰ বিখ্যাত ৰূপকাৰ হাইপেইপাৰ দুহিতা আৰু এথেনাৰ বোৱা-কটা শিল্পৰ ছাত্ৰী। [18] বোৱা-কটাত নিজৰ দক্ষতাৰ ওপৰত এৰেকনি ইমানেই অহংকাৰী হৈ পৰে যে তেওঁ দাবী কৰিবলৈ লয় যে তেওঁৰ বোৱা-কটাৰ কামসমূহ স্বয়ং এথেনাতকৈও ভাল। [18][19] এথেনাই এগৰাকী বৃদ্ধ মহিলাৰ ছদ্মবেশত আহি দেৱ-দেৱীসকলক চেৰাই নাযাবলৈ এৰেকনিক সঁ‌কীয়াই দিয়ে। [18][19] এৰেকনিয়ে এই কথাৰ উত্তৰত ব্যংগ কৰে আৰু নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ এক প্ৰতিযোগিতাৰ বাবে ইচ্ছা প্ৰকাশ কৰে। [18][19]

এথেনাই প'জাইডনৰ সৈতে হোৱা প্ৰতিযোগিতাত নিজৰ বিজয়ৰ লগতে[18][20][19] বাৰগৰাকী অলিম্পিয়ান দেৱতা আৰু তেওঁলোকক প্ৰত্যাহ্বান জনোৱা পৌৰাণিক দেৱতা|দানৱ আদিৰ পৰাজয় তেওঁৰ বস্ত্ৰত চিত্ৰিত কৰি তোলে।[21] আনহাতে এৰেকনিয়ে বস্ত্ৰত দেৱতাসকলৰ অনাচাৰ, জ্যুচৰ ব্যভিচাৰ আৰু মানুহৰ প্ৰতি দেৱতাসকলৰ অবিচাৰ আদিৰ ছবি ফুটাই তোলে। [18][20][19][20][21] এথেনাই স্বীকাৰ কৰে যে এৰেকনিৰ কামসমূহ নিখুঁ‌ত। [18][19][20] কিন্তু এৰেকনিয়ে বাছনি কৰি লোৱা বিষয়বস্তুৱে এথেনাক ক্ৰোধান্বিত কৰি তোলে[18][19][20] আৰু অৱশেষত ধৈৰ্য হেৰুৱাই তেওঁ এৰেকনিৰ শালখন আৰু বোৱা কাপোৰসাজ নষ্ট কৰি পেলায়। [18][19][20] ইয়াৰ পিছত এথেনাই এৰেকনিৰ মুখত চাৰিবাৰ আঘাত কৰে। [18][19][20] দুখ আৰু লাজত এৰেকনিয়ে চিপজৰী লয়[18][19][20] যদিও দয়াপৰৱশ হৈ এথেনাই তেওঁক মকৰাৰ ৰূপত পুনৰ্জীৱিত কৰি তোলে। [18][19][20]

টোকা

  1. অন্যান্য সংস্কৃতিত এথেনাৰ পিতৃ হিচাপে দানৱ আৰু চাইক্ল'পছ বুলিও জনা যায়।[1]
  2. Jane Ellen Harrison's famous characterization of this myth-element as, "a desperate theological expedient to rid an earth-born Kore of her matriarchal conditions" (Harrison 1922:302) has never been refuted nor confirmed.


তথ্য সংগ্ৰহ

Wikiwand - on

Seamless Wikipedia browsing. On steroids.