From Wikipedia, the free encyclopedia
আবুল-ফাহ জালাল-উদ-দিন মুহাম্মদ আকবৰ (ইংৰাজী: Abu'l-Fath Jalal-ud-din Muhammad Akbar) (১৫ অক্টোবৰ ১৫৪২ – ২৭ অক্টোবৰ ১৬০৫), হৈছে মোগল সাম্ৰাজ্যৰ তৃতীয়জন সম্ৰাট। তেঁওক “মহামতি আকবৰ” আৰু “আকবৰ প্ৰথম” নামেৰেও জনা যায়। তেঁও তেঁওৰ পিতৃ হুমায়ুনৰ পিছত ১৫৫৬ খ্ৰীষ্টাব্দৰ পৰা ১৬০৫ খ্ৰীষ্টাব্দলৈ মোগল সাম্ৰাজ্যৰ শাসনকৰ্তা আছিল। ভাৰত উপ-মহাদেশত তেঁওৰ সাম্ৰাজ্য বিস্তাৰ আৰু ৰাজ্য দখল কাৰ্যত বৈৰাম খান নামৰ এজন সভাসদে বিশেষ সহায় কৰিছিল।
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
আকবৰ | |
---|---|
মহামতি | |
এটা সিংহ আৰু এটা গৰুৰ পোৱালীৰ সৈতে আকবৰ। চিত্ৰকৰ: গোৱৰ্দ্ধন, প্ৰায় ১৬৩০ | |
ৰাজত্ব | ১১ ফেব্ৰুৱাৰী ১৫৫৬ – ২৭ অক্টোবৰ ১৬০৫[1][2] |
অভিষেক | ১৪ ফেব্ৰুৱাৰী ১৫৫৬[1] |
পূৰ্বসূৰী | হুমায়ুন |
উত্তৰাধিকাৰী | জাহাংগীৰ |
ৰাজ-প্ৰতিনিধি | বৈৰাম খান (১৫৫৬–১৫৬০)[3] |
দাম্পত্য সংগী | |
পত্নী |
|
সন্তান | |
| |
সম্পূৰ্ণ নাম | |
আবুল-ফাহ জালাল-উদ-দিন মুহাম্মদ আকবৰ[8] (১৫ অক্টোবৰ, ১৫৪২ | |
Posthumous name | |
আৰ্শ-আশ্যানি (lit. 'ঐশ্বৰিক সিংহাসনত যি বাহ সাজে') | |
বাসগৃহ | বাবৰৰ ঘৰ |
মাতৃ | হামিদা বানু বেগম |
পিতৃ | হুমায়ুন |
জন্ম | ১৫ অক্টোবৰ ১৫৪২ অমৰকোট, ৰাজপুতানা (বৰ্তমানৰ ওমেৰকোট, সিন্ধ, পাকিস্তান) |
মৃত্যু | ২৭ অক্টোবৰ, ১৬০৫ (৬৩ বছৰ) ফাটেহপুৰ শিক্ৰি, আগ্ৰা, মোগল সাম্ৰাজ্য (বৰ্তমান উত্তৰ প্ৰদেশ, ভাৰত) |
সমাধিস্থল | নৱেম্বৰ ১৬০৫ আকবৰৰ সমাধি সৌধ, ছিকান্দ্ৰা, আগ্ৰা, ভাৰত |
ধৰ্ম | ছুন্নী ইছলাম[9][10] দিন-ই-ইল্লাহি |
সম্ৰাট আকবৰ আছিল মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক জাহৰুদ্দিন মহম্মদ বাবৰৰ নাতি আৰু নাছিৰুদ্দিন হুমায়ুন আৰু হামিদা বানুৰ পুত্ৰ। আকবক ককাকৰ ফালৰ পৰা বাবৰৰ বংশ টাইমুৰ বংশৰ সৈতে আৰু মাতৃৰ ফালৰ পৰা মংগোলীয় নেতা ছেংগিছ খানৰ সৈতে সম্পৰ্কীত আছিল। তেঁওৰ পিতৃৰ মৃত্যুৰ পিছত মাত্ৰ ওঠৰ বছৰ বয়সতে তেঁও ৰাজপাটত আৰোহন কৰিছিল। মোগল সম্ৰাটসকলৰ ভিতৰত আকবৰ একমাত্ৰ সম্ৰাট যিয়ে হিন্দু আৰু মুছলমান উভয় শ্ৰেণীৰ পৰা সমান মৰম আৰু সন্মান লাভ কৰিছিল। হিন্দু-মুছলমান সম্প্ৰদায়ৰ মাজৰ দূৰত্ব হ্ৰাস কৰিবলৈ তেওঁ দীন-ই-ইলাহি নামৰ এটা ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ দৰবাৰ সকলো সময়তে সকলোৰে বাবে মুকলি আছিল। তেওঁৰ দৰবাৰত মুছলমান মুখীয়ালতকৈ হিন্দু মুখীয়াল বেছি আছিল। আকবৰে কেৱল হিন্দুসকলৰ ওপৰত জাপি দিয়া জিজিয়া কৰ বিলুপ্ত কৰাই নহয়, এনে অন্য বহু কাম কৰিছিল, যাৰ বাবে হিন্দু আৰু মুছলমান উভয়েই তেওঁৰ প্ৰশংসক হৈ পৰিছিল। তেওঁৰ ৰাজত্বকালত তেওঁ শক্তিশালী পাষ্টুন বংশধৰ শ্বেৰ শ্বাহ ছুৰীৰ আক্ৰমণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে আৰু লগতে পানীপথৰ দ্বিতীয় যুদ্ধত নতুনকৈ ঘোষণা কৰা হিন্দু ৰজা হেমুক পৰাস্ত কৰে। দুটা দশকৰ ভিতৰত তেঁও উত্তৰ আৰু মধ্য ভাৰতৰ প্ৰায় সকলো অঞ্চলকে এক শাসনৰ আওতালৈ আনিবলৈ সক্ষম হয়। প্ৰায় সমগ্ৰ ভাৰত উপমহাদেশৰ ওপৰত তেওঁৰ প্ৰভাৱ আছিল আৰু সম্ৰাট হিচাপে অঞ্চলটোৰ এক বৃহৎ অংশ শাসন কৰিছিল। সম্ৰাট হিচাপে আকবৰে শক্তিশালী আৰু অসংখ্য হিন্দু ৰাজপুত ৰজাৰ সৈতে কূটনৈতিক সম্পৰ্ক গঢ়ি তুলিছিল আৰু সেই ৰাজ্যসমূহৰ পৰা বিবাহো কৰিছিল।[11]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.