অৰবিন্দ কেজৰিৱাল(হিন্দী:अरविंद केजरीवाल) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, সমাজ সংস্কাৰক তথা দিল্লীৰ সপ্তমগৰাকী মুখ্যমন্ত্ৰী। তেওঁ মুখ্যমন্ত্ৰী হিচাপে ২০১৩-২০১৪ আৰু ২০১৫-২০২৪ চন পৰ্য্যন্ত কাৰ্যনিৰ্বাহ কৰে।

ক্ষিপ্ৰ তথ্য অৰবিন্দ কেজৰিৱাল, দিল্লীৰ ৭ম মূখ্য মন্ত্ৰী ...
অৰবিন্দ কেজৰিৱাল
Thumb
দিল্লীৰ ৭ম মূখ্য মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৮ ডিচেম্বৰ ২০১৩
পূৰ্বসূৰী শীলা দিক্ষিত
বিধায়ক, দিল্লী বিধানসভা
কাৰ্যভাৰ গ্ৰহণ
উত্তৰসূৰী শীলা দিক্ষিত
সমষ্টি নতুন দিল্লী
ব্যক্তিগত তথ্য
জন্ম ১৬ আগষ্ট, ১৯৬৮ (৫৬ বছৰ)
শিৱানি, হাৰিয়ানা
ৰাজনৈতিক দল আম আদমি পাৰ্টী
দাম্পত্যসঙ্গী সুনীতা কেজৰিৱাল
সন্তান দুজন
শিক্ষা যান্ত্ৰিক অভিযন্ত্ৰিক বিদ্যাৰ বি.টেক
শিক্ষানুষ্ঠান আই. আই. টি. খড়গপুৰ
বন্ধ কৰক

প্ৰাৰম্ভিক জীৱন

১৯৬৮ চনৰ ১৬ জুনত ভাৰতবৰ্ষৰ হাৰিয়ানাহিচাৰত অৰবিন্দ কেজৰিৱালৰ জন্ম হয়। তেখেতৰ পিতৃ এজন অভিযন্তা আছিল। গোটেই শৈশৱকালটো তখেতে উত্তৰ ভাৰতৰ সৰু নগৰ যেনে সোনেপত, মথুৰা, হিচাৰ আদিতেই অতিবাহিত কৰে।

১৯৮৯ চনত কেজৰিৱালে ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনল'জি, খড়গপুৰ (IIT Kharagpur)ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত বি.টেক ডিগ্ৰী লাভ কৰে।

জীৱিকা

টাটা ষ্টীল(TATA Steel)ৰ এগৰাকী কৰ্মচাৰী হিচাপে কেজৰিৱালে তেখেতৰ চাকৰি জীৱন আৰম্ভ কৰে। ১৯৯২ চনত কেজৰিৱালে চাকৰীত ইস্তফা দি, কলিকতাত থকা মাদাৰ টেৰেছাৰ মিশ্যনেৰীজ অফ চ্যাৰিটি, উত্তৰ-পূৱ ভাৰতৰ ৰামকৃষ্ণ মিচন, নেহৰু যোগ কেন্দ্ৰ আদিৰ সৈতে ভালেখিনি সময় জড়িত থাকে।

১৯৯৫ চনত এখেতে ভাৰতৰ ৰাজহ সেৱা (Indian Revenue Service (IRS)) বিভাগত আয়কৰ শাখাৰ অতিৰিক্ত আয়ুক্ত হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰে।

২০০০চনত এখেতে চাকৰীৰ পৰা সাময়িক বিৰতি লৈ দিল্লীপৰিৱৰ্তন নামেৰে এটা সংস্থাৰ জন্ম দিয়ে। ২০০৬ চনৰ ফেব্ৰুৱাৰী মাহত কেজৰিৱালে চাকৰীৰ পৰা অব্যাহতি গ্ৰহন কৰে।

২০০৬ চনৰ ডিচেম্বৰত কেজৰিৱালে মনিষ শিষোদিয়া আৰু অভিনন্দন শেখ্ৰীৰ সৈতে লগ হৈ পাব্লিক ক'জ ৰিচাৰ্ছ ফান্ডেচন নামেৰে আন এটি সংস্থা প্ৰতিস্থা কৰে।

তথ্যৰ অধিকাৰ

জন লোকপাল বিল

সন্মান আৰু পুৰষ্কাৰ

  • ২০০৪ চন - অশোক ফেল', অশোক ইনোভেটৰচ ফৰ পাব্লিক [1]
  • ২০০৫ চন - সত্যেন্দ্ৰ দুবে স্মাৰক বটাঁ (Satyendra Dubey Memorial Award, IIT Kanpur) [2]
  • ২০০৬ চন - ৰামন মেগচেচে পুৰস্কাৰ [3]
  • ২০০৬ চন - চি এন এন-আই বি এন, ইন্ডিয়ান অফ দা ইয়েৰ [4]
  • ২০০৯ চন - বিশিষ্ট প্ৰাক্তন ছাত্ৰ বটাঁ, ইন্ডিয়ান ইনষ্টিটিউট অফ টেকনল'জি, খড়গপুৰ [5]
  • ২০১০ চন - দা ইক'ন'মিক টাইমচ এৱাৰ্ড [6]

সমালোচনাত কেজৰিৱাল

জন লোকপাল বিল সম্বন্ধে চৰকাৰৰ সৈতে হোৱা আলোচনাত নমনীয় নহোৱা বুলি কোনো কোনোৱে সমালোচনা কৰে। [7]

তথ্যসূত্ৰ

বহিঃ সংযোগ

Wikiwand - on

Seamless Wikipedia browsing. On steroids.