ভিয়েটনাম (ভিয়েটনামিজ: Việt Nam ভিয়েট্ নাম্‌) ৰকাৰী নাম ভিয়েটনাম সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ, ইন্দোচীন উপদ্বীপৰ পূৱ উপকূলত অবস্থিত ৰাষ্ট্ৰ। ভিয়েটনামৰ উত্তৰে চীন, পশ্চিমে লাউচ আৰু ক'ম্বডিয়া, দক্ষিণ আৰু পূৱত দক্ষিণ চীন সাগৰ আছে। হানয় ভিয়েটনামৰ ৰাজধানী। হো চি মিন চিটি হৈছে বৃহত্তম চহৰ।

ক্ষিপ্ৰ তথ্য ভিয়েটনাম সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰCộng hòa Xã hội chủ nghĩa Việt Nam, বৃহত্তম নগৰ ...
ভিয়েটনাম সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ
Cộng hòa Xã hội chủ nghĩa Việt Nam
Thumb Thumb
নীতিবাক্য
Độc lập – Tự do – Hạnh phúc
"স্বাধীনতা – মুক্ততা – সুখ"
ৰাষ্ট্ৰীয় সঙ্গীত
চিত্
"Tiến Quân Ca"
"সেনা সমদল" (প্ৰথম পংক্তি)
Thumb
ভিয়েটনাম-ৰ অৱস্থান
 ভিয়েটনামৰ অৱস্থান  (সেউজীয়া)

ASEANৰ মেপত  (গাঢ় ধুসৰ)   [Legend]

ৰাজধানীহানয়
21°2′N 105°51′E
বৃহত্তম নগৰ হো চি মিন চিটি
ৰাষ্ট্ৰভাষা (সমূহ) ভিয়েটনামিজ
চৰকাৰী লিপি ভিয়েটনামিজ বৰ্ণমালা
জাতীয়তাসূচক বিশেষণ ভিয়েটনামিজ
চৰকাৰ মাৰ্ক্সবাদী–লেনিনবাদী এক-দলীয় ৰাষ্ট্ৰ
 -  ৰাষ্ট্ৰপতি Trương Tấn Sang
 -  মুখ্যমন্ত্ৰী Nguyễn Tấn Dũng
 -  কমিউনিষ্ট দলৰ সাধাৰণ সম্পাদক Nguyễn Phú Trọng
 -  Chairman of the National Assembly Nguyễn Sinh Hùng
 -  মুখ্য ন্যায়াধীশ Trương Hòa Bình
গঠন
 -  চীনৰ পৰা স্বাধীন ৯৩৮ 
 -  ফ্ৰান্সৰ পৰা স্বাধীন ২ ছেপ্টেম্বৰ ১৯৪৫ 
 -  পুণঃএকত্ৰীকৰণ ২ জুলাই ১৯৭৬[1] 
 -  বৰ্তমানৰ সংবিধান ১৫ এপ্ৰিল ১৯৯২ 
মাটিকালি
 -  মুঠ ৩,৩১,২১০ বৰ্গ কিমি (65)
১,২৮,৫৬৫ বৰ্গ মাইল 
 -  জলভাগ (%) ৬.৪'"`UNIQ--ref-০০০০০০০১-QINU`"'
জনসংখ্যা
 -  2011 আনুমানিক ৯,০৫,৪৯,৩৯০ (১৩)
 -  ২০০৯ লোকপিয়ল ৮,৫৮,৪৬,৯৯৭'"`UNIQ--ref-০০০০০০০২-QINU`"' 
জিডিপি (পিপিপি) ২০১১ আনুমানিক
 -  মুঠ $২৯৯.৬ নিযুত[2] (৪০তম)
 -  জনমুৰি $৩,৩৫৪.৮[2] (১৩০তম)
জিডিপি (নামমাত্ৰ) ২০১১ আনুমানিক
 -  মুঠ $১২১.৬ নিযুত[2] (৫৮তম)
 -  জনমুৰি $১,৩৬১[2][3] (১৪১তম)
জিনি সহগ? (২০০৮) ৩৮[4] (মধ্যম) 
মানৱ উন্নয়ন সূচক (২০১০) বৃদ্ধি ০.৫৭২[5] (মধ্যম) (১১৩তম)
মুদ্ৰা ডং (₫)[6] (VND)
সময় অঞ্চল আইচিটি (ইন্দোচীন সময়) (ইউটিচি+৭)
 -  গ্ৰীষ্মকালীন (ডিএছটি) No DST (ইউটিচি+৭)
গাড়ী চলোৱা হয় সোঁফালে
ইণ্টাৰনেট টিএলডি .vn
কলিং ক'ড +৮৪
1 চৰকাৰী নাম আৰু ১৯৯২ চনৰ সংবিধানৰ মতে।
বন্ধ কৰক

ভিয়েটনামৰ ভৌগোলিক গঠন সৰু আৰু দীঘলীয়া। ইয়াৰ ভূমিৰূপ বিচিত্ৰ। উত্তৰ প্ৰান্ত আৰু মধ্য ভিয়েটনাম পাহাৰ-পৰ্বতময়। উত্তৰৰ উচ্চভূমিভাগ ক্ৰমান্নয়ে হেলনীয়াহৈ পূৱদিশৰ বহল, নদীবহুল উপকূলীয় সমভূমিৰ লগত মিলি গৈছে। সমভূমিভাগত বিস্তৰ কৃষিকাৰ্য কৰা হয় আৰু বহু শতাব্দী ধৰি ভিয়েটনামীসকলে ইয়াত অনেক বান্ধ তৈয়াৰ কৰি আৰু খাল খান্দি কৃষি আৰু বান নিয়ন্ত্ৰণৰ ব্যবস্থা গড়ি তুলিছে। মধ্য ভিয়েটনাম দেশৰ সবাতোকৈ সৰু অংশ; ইয়াৰ পৰ্বতসমূহ সমুদ্ৰতীৰৰ নিচেই কাষত অৱস্থিত, আনকি কোনো কোনো ঠাইত এইবোৰ সাগৰৰ একেবাৰে কাষতেই আছে। দক্ষিণ ভিয়েটনাম মূলতঃ মেকং নদীৰ অৱবাহিকাৰ দ্বাৰা গঠিত বিস্তৃত, উৰ্বৰ সমভূমি। ইয়াত প্ৰচুৰ কৃষিকাৰ্য হয়, আৰু মূলতঃ ধান উৎপাদন কৰা হয়।

ভিয়েটনাম এখন কৃষিভিত্তিক সমাজ হিচাপে গঢ়ি উঠিছে। এতিয়াও ইয়াৰ অধিকাংশ লোক গাঁৱত বাস কৰে। ২০০৩ চনৰ হিচাপ অনুযায়ী মাত্ৰ ২৬% লোকহে চহৰত বাস কৰে। বৰ্তমান চহৰমুখী জনসংখ্যাৰ পৰিমাণ ক্ৰমে বাঢ়িছে, ফলত হো চি মিন চিটি, হানয় আৰু অন্যান্য এলেকাৰ জনসংখ্যা বৃদ্ধি পাইছে।

ভিয়েটনামত প্ৰায় ৫০টা মান ভিন্ন জাতিগত আৰু ভাষাগত গোষ্ঠীৰ লোক বাস কৰে। তাৰ ভিতৰত ভিয়েট বা ভিয়েটনামীয় জাতিৰ লোকেই সৰ্বতোভাবে সংখ্যাগৰিষ্ঠ। ভিয়েটনামীয় জাতিৰ লোক আদিতে লোহিত নদীৰ উপত্যকাত বাস কৰিছিল। নদীখন দক্ষিণ চীনত উৎপত্তি লাভ কৰি উত্তৰ ভিয়েটনামৰ মধ্য দিশলৈ প্ৰবাহিত হৈ টোনকিন উপসাগৰত পৰিছে। খ্ৰিষ্টপূৰ্ব ২য় শতিকাত চীনে অঞ্চলটো দখল কৰে। ৯৩৯ চনত ভিয়েটনামীয়সকলে স্বাধীনতা প্ৰতিষ্ঠা কৰে। পৰবৰ্তী ১০০০ বছৰত ভিয়েটনাম দক্ষিণ-পূৱ এছিয়াৰ এটি গতিশীল সভ্যতাত পৰিণত হয় আৰু উপকূলকে ধৰি দক্ষিণ দিশলৈ বিস্তাৰ লাভ কৰে।

১৯শ শতিকাৰ শেষৰ ফালে ফ্ৰান্সে ভিয়েটনাম আক্ৰমণ কৰে। ফৰাচীসকলে দেশখনক তিনিটা অঞ্চলত বিভক্ত কৰে আৰু অঞ্চলসমূসক লাউচ আৰু ক'ম্বডিয়াৰ লগত সংযুক্ত কৰি ইন্দোচীন ইউনিয়ন তথা ফৰাচী ইন্দোচীন গঠন কৰে। ফৰাচীসকলে নিজৰ সুবিধাৰ বাবে ভিয়েটনামৰ সম্পদ আহৰণ কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত (১৯৩৯-১৯৪৫), ভিয়েটনামৰ উপনিবেশবিৰোধীসকলে সাম্যবাদী দলৰ নেতৃত্বত ফৰাচী শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে। ১৯৫৪ চনত দিয়েন বিয়েন ফুত ভিয়েটনামী সেনাই ফৰাচী সেনাক যুদ্ধত পৰাজিত কৰে। ইতিমধ্যে ভিয়েটনামক সাময়িকভাবে দুটা অঞ্চলত ভাগ কৰা হয়; উত্তৰ আৰু দক্ষিণ। উত্তৰ ভিয়েটনামত এক সাম্যবাদী চৰকাৰ আৰু দক্ষিণ ভিয়েটনামত সাম্যবাদবিৰোধীসকলে শাসন কৰা আৰম্ভ কৰে। পৰবৰ্তী ২০ বছৰ ধৰি উত্তৰ ভিয়েটনামৰ নেতৃত্বত ভিয়েটনাম একত্ৰীকৰণৰ এটা আন্দোলন আৰম্ভ হয় আৰু দক্ষিণ ভিয়েটনামৰ চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহায়তাত ইয়াক ব্যৰ্থ কৰাৰ চেষ্টা চলায়। ১৯৭৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ সহযোগত দুই বছৰৰ পাছত দক্ষিণ ভিয়েটনামৰ সাম্যবাদীসকলক কৰায়ত্ত কৰে। ১৯৭৬ চনত দুয়োখন ভিয়েটনাম একত্ৰিত কৰি এখন সাম্যবাদী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা হয়, যাৰ ৰাজধানী আছিল হানয়। যদিও ভিয়েটনাম এতিয়াও সাম্যবাদী শাসনৰ অধীন, ইয়াৰ নেতৃত্বই বৰ্তমান অৰ্থনৈতিক উন্নতিৰ উদ্দেশ্যে বজাৰ অৰ্থনীতিৰ বিভিন্ন দিশ বাস্তবায়ন কৰা আৰম্ভ কৰিছে।

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.