শ্ৰীলংকা
From Wikipedia, the free encyclopedia
শ্ৰীলংকা (/sriːˈlɑːŋkə[unsupported input]-ˈlæŋkə/ or i/ʃriː-/;[2][3]) (সিংহল: ශ්රී ලංකාව, শ্ৰী লাংকাবা, তামিল: இலங்கை, ইলাংকাই) দক্ষিণ এছিয়াৰ এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম গণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰী শ্ৰীলংকা। ১৯৭২ চনৰ আগেয়ে এই দ্বীপ ছিলন নামেও পৰিচিত আছিল। ইয়াৰ ৰাজধানীৰ নাম শ্ৰী জয়াবৰ্ধনপুৰ কোট। ইয়াৰ প্ৰধান চহৰ কলম্বো। ভাৰতৰ দক্ষিণ উপকূলৰ পৰা ৩১ কিলোমিটাৰ দুৰত্বত অৱস্থিত। ২ কোটি জনসংখ্যাৰ এই দেশত ১৪% ৰ অধিক লোকৰ দৈনিক আয় ১.২৫ আমেৰিকান ডলাৰৰ তলত। প্ৰাচীনকালৰ পৰাই শ্ৰীলংকা বৌদ্ধ ধৰ্মাম্বলীসকলৰ তীৰ্থস্থান হিচাপে পৰিচিত। সিংহলি সম্প্ৰদায় এই দেশৰ সংখ্যাগৰিষ্ঠ জনগোষ্ঠী। উত্তৰ-পূব দিশৰ স্বতন্ত্ৰ সাংস্কৃতিক ঐতিহ্যক লৈ তামিল সম্প্ৰদায় হৈছে দেশৰ সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়। অন্যান্য সম্প্ৰদায়ৰ মাজত মূৰ, বাৰ্ঘেৰ, কাফিৰ, মালায় উল্লেখযোগ্য[4]। শ্ৰীলংকাতচাহ, কফি, নাৰিকল, ৰবৰ উৎপাদন আৰু ৰপ্তানীৰ বাবে বিখ্যাত। নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য সম্বলিত সমুদ্ৰতীৰ, ভূদৃশ্য তদুপৰী সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যই শ্ৰীলংকাক পৃথিৱীৰ পৰ্যটকসকলৰ বাবে অত্যন্ত আকৰ্ষণীয় কৰি তুলিছে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
গণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰী শ্ৰীলঙ্কা ශ්රී ලංකා ප්රජාතාන්ත්රික සමාජවාදී ජනරජය இலங்கை ஜனநாயக சோசலிசக் குடியரசு |
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত "শ্ৰী লংকা মাতা" |
||||||
ৰাজধানী | শ্ৰী জয়বৰ্ধনপুৰ[1] 6°54′N 79°54′E | |||||
বৃহত্তম নগৰ | কলম্বো | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | সিংহলী, তামিল | |||||
চৰকাৰ | গণতান্ত্ৰিক সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | |||||
- | প্ৰধানমন্ত্ৰী | |||||
স্বাধীনতা | যুক্তৰাজ্যৰ পৰা | |||||
- | মুক্তি | ফেব্ৰুৱাৰী ৪ ১৯৪৮ | ||||
- | প্ৰজাতন্ত্ৰ | ২২ মে’ ১৯৭২ | ||||
- | জলভাগ (%) | ৪.৪ | ||||
জনসংখ্যা | ||||||
- | ২০০৫ আনুমানিক | ২,০৭,৪৩,০০০ (৫২তম) | ||||
- | ২০০১ লোকপিয়ল | ১,৮৭,৩২,২৫৫ | ||||
- | ঘনত্ব | ৩১০ প্ৰতি বৰ্গকিমি (৩৫তম) ৮১৮ প্ৰতি বৰ্গমাইল |
||||
জিডিপি (পিপিপি) | ২০০৫ আনুমানিক | |||||
- | মুঠ | $৮৬.৭২ বিলিয়ন (৬১তম) | ||||
- | জনমুৰি | $৪৬০০ (১১১তম) | ||||
জিনি সহগ? (১৯৯৯-০০) | ৩৩.২ (মধ্যম) | |||||
মানৱ উন্নয়ন সূচক (২০০৪) | ০.৭৫৫ (মধ্যম) (৯৩তম) | |||||
মুদ্ৰা | শ্ৰীলংকা ৰুপী (LKR ) |
|||||
সময় অঞ্চল | (ইউটিচি+৫:৩০) | |||||
ইণ্টাৰনেট টিএলডি | .lk | |||||
কলিং ক'ড | ++৯৪ |