![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9c/Pele.jpg/640px-Pele.jpg&w=640&q=50)
ফিফা ১০০
From Wikipedia, the free encyclopedia
ফিফা ১০০ (FIFA 100) বিশ্ববিখ্যাত ব্ৰাজিলিয়ান ষ্ট্ৰাইকাৰ পেলেৰ পছন্দৰ "মহান জীৱিত ফুটবলাৰ"ৰ তালিকা। ফুটবলৰ আন্তৰ্জাতিক সংস্থা ফিফাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ২০০৪ চনৰ ৪ মাৰ্চত লণ্ডনৰ এক অনুষ্ঠানত এই তালিকা মুকলি কৰা হয়।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/9/9c/Pele.jpg/640px-Pele.jpg)
১০০ সংখ্যাটোৱে ফিফাৰ ১০০তম বছৰহে বুজাইছে, তালিকাভুক্ত খেলুৱৈৰ সংখ্যা নহয়। তালিকাখনত ১২৫ জন খেলুৱৈৰ নাম আছে। পেলেক ৫০ জন সক্ৰিয় আৰু ৫০ জন অৱসৰপ্ৰাপ্ত খেলুৱৈৰ নাম বাছনি কৰিবলৈ অনুৰোধ কৰা হৈছিল, কিন্তু পেলেই প্ৰাক্তন খেলুৱৈৰ সংখ্যা মাত্ৰ ৫০ জনত সীমিত কৰাত অসুবিধা পায়।[1] তালিকাখনত ১২৩ জন পেছাদাৰী পুৰুষ আৰু ২ গৰাকী মহিলা খেলুৱৈৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ফিফা ১০০ মুকলি কৰাৰ সময়ত ইয়াৰে ৫০ জন খেলুৱৈ সক্ৰিয় হৈ আছিল আৰু বাকী ৭৫ জনে ইতিমধ্যে অৱসৰ লৈছিল।